ETV Bharat / state

৭১ সংখ‍্যক গণতন্ত্ৰ দিৱস উদযাপনৰ দিশে অগ্ৰসৰ হৈছে ভাৰতবৰ্ষ

author img

By

Published : Jan 25, 2020, 6:58 AM IST

৭১ সংখ‍্যক গণতন্ত্ৰ দিৱস উদযাপনৰ দিশে অগ্ৰসৰ হৈছে ভাৰতবৰ্ষ
৭১ সংখ‍্যক গণতন্ত্ৰ দিৱস উদযাপনৰ দিশে অগ্ৰসৰ হৈছে ভাৰতবৰ্ষ

সমান্তৰালকৈ, শুকুৰবাৰে শিলচৰ চহৰটো পূৰ্ণগতিত চলিছে গণৰাজ্য দিৱসৰ প্ৰস্তুতি। কাছাৰ জিলাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ পৰম্পৰাগত সাজপাৰেৰে নিজস্ব নৃত্য গীতৰ লগতে মাৰ্চ-পাৰ্চৰ প্ৰস্তুতি চলাইছে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে।

কলিয়াবৰ, 25 জানুৱাৰীঃ ৭১ সংখ‍্যক গণতন্ত্ৰ দিৱস উপলক্ষে সস্তম হৈ উঠিছে ৰাজ্যৰ প্ৰশাসন বিভাগ ৷ সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ গণতন্ত্ৰ দিৱসৰ বাবে প্ৰস্তুতি চলাইছে কলিয়াবৰ মহকুমা প্ৰশাসনেও ৷ ইতিমধ‍্যে সজাই-পৰাই তোলা হৈছে কলিয়াবৰৰ ঐতিহাসিক গান্ধী খেল পথাৰ। বিগত সপ্তাহজুৰি মাৰ্চ-পাৰ্চ আৰু বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচীৰ আখৰা চলাইছে কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে কলিয়াবৰ আৰক্ষী প্ৰশাসন আৰু মহকুমা প্ৰশাসনে ৷

কলিয়াবৰত ৭১ সংখ‍্যক গণতন্ত্ৰ দিৱস উদযাপনৰ প্ৰস্তুতি

সমান্তৰালকৈ, শুকুৰবাৰে শিলচৰ চহৰটো পূৰ্ণগতিত চলিছে গণৰাজ্য দিৱসৰ প্ৰস্তুতি। কাছাৰ জিলাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ পৰম্পৰাগত সাজপাৰেৰে নিজস্ব নৃত্য গীতৰ লগতে মাৰ্চ-পাৰ্চৰ প্ৰস্তুতি চলাইছে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে। চহৰ আৰু আন বিভিন্ন অঞ্চলৰ বিভিন্ন জনগোষ্ঠীৰ লোকে এই কৰ্মসূচিত ভাগ লৈছে বুলি জানিব পৰা গৈছে । খোদ পেৰেড গ্ৰাউন্ডত উপস্থিত হৈ সকলোৰে আখৰাত চকু ফুৰাইছে জিলা উপায়ুক্ত বৰ্ণালী শৰ্মাই ৷

শিলচৰত ৭১ সংখ‍্যক গণতন্ত্ৰ দিৱস উদযাপনৰ প্ৰস্তুতি

আনহাতে, গণতন্ত্ৰ দিৱস উপলক্ষে দলগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত চলিছে আৰক্ষীৰ কটকটীয়া তালাচী অভিযান । ৭১ তম গণৰাজ্য দিৱসত কোনো দুষ্ট চক্ৰই যাতে কোনো ধৰনৰ কুটাঘাত মূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি দৰং জিলাৰ দলগাঁও আৰু খাৰুপেটীয়া আৰক্ষীৰ এটা দলে তালাচি অভিযান চলাই ৷ ইয়াৰোপৰি অৰ্ধ সামৰিক বাহিনীৰ সহযোগত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত চলাচল কৰা সকলো ধৰণৰ যান বাহনত তন্ন তন্নকৈ তালাচী চলোৱাও পৰিলক্ষিত হয় ৷

দৰঙত ৭১ সংখ‍্যক গণতন্ত্ৰ দিৱস উদযাপনৰ প্ৰস্তুতি
Intro:কলিয়াবৰ মহকুমা প্ৰশাসনৰ ব‍্যৱস্থাপনাত ৭১ সংখ‍্যক গণতন্ত্ৰ দিৱসৰ আয়োজন

আৰক্ষী প্ৰশাসন আৰু কেইবাখনো বিদ‍্যালয়ে অংশগ্ৰহণ কৰিব মাৰ্চ-পাষ্টত

পৰিৱেশন হ'ব বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানBody:কলিয়াবৰৰ ঐতিহাসিক গান্ধী খেল পথাৰত মহকুমা প্ৰশাসনে ইতিমধ‍্যে সজাই-পৰাই তুলিছে। যোৱা এসপ্তাহ ধৰি চলিছে মাৰ্চ-পাষ্ট আৰু সাংস্কৃতিক দলৰ আখৰা।Conclusion:Visuals
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.