ETV Bharat / state

প্ৰধানমন্ত্ৰী মোডী মিথ্যা সম্ৰাট: প্ৰদ্যুত বৰদলৈ

author img

By

Published : Feb 6, 2021, 7:33 AM IST

শিলচৰত অনুষ্ঠিত সাংবাদিক সন্মিলনত শুকুৰবাৰে উপস্থিত থাকে কংগ্ৰেছী সাংসদ প্ৰদ্যুত বৰদলৈ ৷ বৰদলৈৰ লগতে উক্ত সন্মিলনত উপস্থিত থাকে সুস্মিতা দেৱ আৰু দলীয় কৰ্মকৰ্তাসকল ৷ সাংসদ গৰাকীয়ে প্ৰধানমন্ত্ৰী মোডীক মিথ্যা সম্ৰাট আখ্য়া প্ৰদান কৰে ৷

প্ৰদ্যুত বৰদলৈ
সাংবাদিক সন্মিলন

কাছাৰ,6 ফেব্ৰুৱাৰী: দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক মিথ্যা সম্ৰাট আখ্যা দিলে কংগ্ৰেছী সাংসদ প্ৰদ্যুত বৰদলৈয়ে ৷ শুকুৰবাৰে শিলচৰস্থিত জিলা কংগ্ৰেছৰ কার্যালয়ত অনুষ্ঠিত সাংবাদিক সন্মিলনত উপস্থিত থাকে সাংসদগৰাকী ৷ মিছাৰ আশ্ৰয় গ্ৰহণ কৰি দেশবাসীক মোডীয়ে আভুৱা ভাঁৰি অহাৰ কথা ব্যক্ত কৰে সাংসদগৰাকীয়ে ৷

প্ৰধানমন্ত্ৰী মোডী মিথ্যা সম্ৰাট: প্ৰদ্যুত বৰদলৈ

উল্লেখ্য যে,প্ৰধানমন্ত্ৰীগৰাকীয়ে উন্নয়নৰ শ্ল'গান গাই থাকে যদিও সেয়া একপ্ৰকাৰ মিছা প্ৰতিশ্ৰুতিহে ৷ কিয়নো পূৰ্বে ৰাজ্যলৈ ভ্ৰমণলৈ অহা প্ৰধানমন্ত্ৰীগৰাকী এনআৰচি সম্পৰ্কীয় ডিটেনশ্যন কেম্পৰ স্থায়ী সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও কাৰ্যতঃ সেয়া হৈ নুঠিল ৷

সাংসদ বৰদলৈয়ে সমাগত নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত মহাজোঁট গঠন হোৱাৰো স্পষ্ট ইংগিত প্ৰকাশ কৰে ৷ এইবেলি নিৰ্বাচনত জাতীয় কংগ্ৰেছৰ লক্ষ্য 101+ আসন বুলি সন্মিলনখনত প্ৰকাশ কৰে জ্যেষ্ঠ কংগ্ৰেছী সাংসদগৰাকীয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.