ETV Bharat / state

বিজেপি মিত্ৰজোঁট 12 টা সমষ্টিত জিকিব; খোৱা-কামোৰা লাগি বিৰোধী মৰিব: মন্ত্ৰী পীযুষৰ ভৱিষ্যদ্বাণী

author img

By ETV Bharat Assamese Team

Published : Nov 30, 2023, 10:16 PM IST

Updated : Nov 30, 2023, 10:34 PM IST

‘‘AIUDF আৰু কংগ্ৰেছে মিত্ৰতা আদি যিয়েই নকৰক লোকসভাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমি বিজেপিয়ে ১২ টা সমষ্টিত জিকিম ৷ মিত্ৰতা কৰিও কেৱল ২০-২২ টা বিধানসভা সমষ্টিত AIUDF-কংগ্ৰেছৰ ভোটৰ টনা-আঁজোৰা চলি থাকিব ৷’’ পীযুষ হাজৰীকাৰ দৃঢ়তা ৷

Pijush Hazarika reacts on Congress
Pijush Hazarika slams congress

বৰাকত বৰষিছে মন্ত্ৰী পীযুষ হাজৰীকাই

গুৱাহাটী, ৩০ নৱেম্বৰ: ডিব্ৰুগড়ত বিৰোধী ঐক্যমঞ্চৰ মহা অভিৱৰ্তনত বিজেপিৰ বিৰুদ্ধে মহাঅভিযোগ পত্ৰ ঘোষণা ৷ আনফালে বিৰোধী কংগ্ৰেছ আৰু AIUDF ৰ লোকসভাত মিত্ৰতাক লৈ বৰাকত বৰষিছে মন্ত্ৰী পীযুষ হাজৰীকাই ৷ একাংশ সংবাদ মাধ্যমত বৃহস্পতিবাৰে বাতৰি প্ৰকাশ পাইছে যে কংগ্ৰেছৰ দুই সাংসদ গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈয়ে লোকসভা নিৰ্বাচনৰ বাবে AIUDFৰে মিত্ৰতা বিচাৰিছে ৷ এই লৈ সৰৱ হৈ পৰে মন্ত্ৰী পীযুষ হাজৰীকা ৷

“এয়া কংগ্ৰেছ-AIUDF ৰ ককাই-ভাইৰ মাজৰ মাটি-বাৰীৰ কাজিয়া । মই আগতেও কৈছোঁ ৷ যোৱা বিধানসভাতো দুয়োটা দলে একলগেই নিৰ্বাচন খেলিছে ৷ যোৱা লোকসভাত প্ৰদ্যুৎ বৰদলৈয়ে নিৰ্বাচন খেলিছে, AIUDF য়ে প্ৰাৰ্থী দিয়া নাছিল ৷ গৌৰৱ গগৈ জিকিছিল, তেতিয়া AIUDF য়ে প্ৰাৰ্থী দিয়া নাছিল ৷ তেওঁলোকৰ কেতিয়া মিত্ৰতা হয়, কেতিয়া নহয় তাৰ কোনো ঠিকনা নাই ।’’ গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈয়ে আজমলৰ সৈতে মিত্ৰতা বিচৰাৰ বাতৰি প্ৰসংগত শিলচৰত এইদৰে কয় মন্ত্ৰী পীযুষ হাজৰীকাই ৷

লগতে কংগ্ৰেছ-AIUDFক সমালোচনা কৰি মন্ত্ৰী হাজৰীকাই কয়, “AIUDF আৰু কংগ্ৰেছে মিত্ৰতা আদি যিয়েই নকৰক আমি বিজেপিয়ে লোকসভাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ১২ টা সমষ্টিত জিকিম ৷ মিত্ৰতা কৰিও কেৱল ২০-২২ টা বিধানসভা সমষ্টিত AIUDF-কংগ্ৰেছৰ ভোটৰ টনা-আঁজোৰা চলি থাকিব ৷ কাজিৰঙা, যোৰহাটত তেওঁলোকৰ কাম নাই ৷ গুৱাহাটী, ডিব্ৰুগড় আৰু তেজপুৰ ক’তো লাভো নহ’ব তেওঁলোকৰ ৷ মিত্ৰতা কৰি কেৱল তিনিটা সমষ্টিতহে থাকিব তেওঁলোক ৷ তাতো নিজৰ মাজত কাজিয়া লাগি তেওঁলোক শেষ হৈ যাব ৷’’

উল্লেখ্য যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা বিগ্ৰেডৰ আন এগৰাকী মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই নগাঁৱত লোকসভা নিৰ্বাচন সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে বৃহস্পতিবাৰে ৷ তেওঁ নগাঁও সমষ্টি সন্দৰ্ভত কয় যে প্ৰদ্যুৎ বৰদলৈ, গৌৰৱ গগৈ, ৰকিবুল হুছেইনৰ মাজত সংঘাতৰ সৃষ্টি হ’ব নগাঁৱত প্ৰাৰ্থিত্বক লৈ ৷ মিঞাৰ ভোটেৰে জয়ী হোৱাৰ বাবে নগাঁৱত সকলোৱে নিৰ্বাচন খেলিব বিচাৰে বুলি কটাক্ষ কৰে মন্ত্ৰীগৰাকীয়ে ৷

ইফালে হোজাইত একেদিনাই সংবাদমেল সম্বোধন কৰি বদৰুদ্দিন আজমলে এই বাতৰিক যাদু আখ্যা দিয়ে ৷ তেওঁ কয় যে বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত বিৰোধী ঐক্যই এ আই ইউ ডি এফক লগত লোৱাটো দৰকাৰী ৷ কিন্তু ভূপেন বৰাক একেখন সংবাদমেলত জংঘলী বুলিও অভিহিত কৰা দেখা গ’ল আজমলে ৷

লগতে পঢ়ক: আজমলৰ দুখ ! পূৰ্বপুৰুষক সাঙুৰি গালি দিয়ে ভূপেন বৰাই

Last Updated : Nov 30, 2023, 10:34 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.