ETV Bharat / state

NC Hills Autonomous Council Election : উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত নতুন মুখ বিচাৰিছে সমষ্টিবাসীয়ে

author img

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 6:11 PM IST

NC Hills Autonomous Council Election
উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন

ডিচেম্বৰ-জানুৱাৰী মাহত অনুষ্ঠিত হ’ব উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন । উক্ত নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দল ইতিমধ্যে ব্যস্ত হৈ পৰিছে ৷ ইফালে কোনো কোনো সমষ্টিৰ ৰাইজে এইবাৰ নতুন মুখ বিচাৰিছে ৷

উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন

হাফলং, 13 নৱেম্বৰ : উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন সমাগত । উক্ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছ, বিজেপি, তৃণমূল কংগ্ৰেছ আদি সকলো দলে প্ৰস্তুতি আৰম্ভ কৰিছে । অহা ডিচেম্বৰ বা জানুৱাৰী মাহত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ।

উল্লেখ্য যে, অহা 14 নৱেম্বৰত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব ৷ ইতিমধ্যে ৰাজ্যিক নিৰ্বাচন আয়োগৰ আয়ুক্ত আলোক কুমাৰে দুদিন ডিমা হাছাও জিলা ভ্ৰমণ কৰে ৷ নিৰ্বাচন অনুষ্ঠিত কৰাক লৈ জিলা নিৰ্বাচনী বিষয়া তথা ডিমা হাছাও জিলাৰ জিলা আয়ুক্ত সীমান্ত কুমাৰ দাস, আৰক্ষী অধীক্ষক আৰু বিভিন্ন চৰকাৰী বিষয়ৰ লগতে বৈঠক কৰি সকলো বিষয়ৰ বুজ লয় ৰাজ্যিক নিৰ্বাচন আয়ুক্তগৰাকীয়ে ।

ইপিনে নিৰ্বাচন সমাহত হোৱাৰ লগেলগে প্ৰাৰ্থিত্বক লৈ এতিয়া কঠিন চেলেঞ্জৰ মুখামুখি হৈছে বিজেপি দল । কিয়নো উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ 28 টা সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থিত্বৰ বাবে আছে একাধিক দাবীদাৰ । ইয়াৰ মাজতে পৰিষদৰ অধিকাংশ সমষ্টিত বিজেপি দলৰ হৈ নতুন মুখ বিচাৰিছে সমষ্টিবাসীয়ে ।

তেনে এক সমষ্টি হৈছে হাংৰুম । হাংৰুম সমষ্টিত এইবাৰ বিজেপিৰ প্ৰাৰ্থী হিচাবে সমষ্টিবাসীয়ে বিচাৰিছে পাওনামচুলকাবে নিউমেক । কিয়নো বৰ্তমানৰ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ বিজেপি সদস্য নহা দাইমেৰ বিৰুদ্ধে ৰাইজৰ মাজত ব্যাপক ক্ষোভৰ সৃষ্টি হৈছে । ৰাইজৰ অভিযোগ অনুসৰি নহা দাইমে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ সদস্য হিচাবে নিৰ্বাচিত হোৱাৰ পৰা হাংৰুম সমষ্টিৰ ৰাইজৰ বাবে একো কৰা নাই ।

ৰাজ্য বা কেন্দ্ৰ চৰকাৰৰ কোনোধৰণৰ প্ৰকল্পৰ কাম হাংৰুম সমষ্টিত হোৱা নাই বুলি ৰাইজে অভিযোগ উত্থাপন কৰি উক্ত সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাবে সমষ্টিবাসীয়ে পাওনামচোলাকবে নিউমেক টিকট দিয়াৰ দাবী জনাইছে বিজেপিৰ ৰাজ্যিক আৰু ডিমা হাছাও জিলা বিজেপিৰ ওচৰত । সমষ্টিবাসীয়ে দাবী কৰে তেওঁলোকৰ পছন্দৰ প্ৰাৰ্থীক যদি বিজেপিৰ টিকট দিয়া নহয় তেনেহ’লে পাওনামচোলাকবে নিউমে নিৰ্দলীয় প্ৰাৰ্থী হৈ নিৰ্বাচনত অৱতীৰ্ণ হ’ব আৰু নিৰ্বাচনত জয়লাভ কৰিব ।

লগতে পঢ়ক : BJP leader arrested: বহু ধনৰ লোভে লক্ আপ পোৱালেগৈ বিজেপি নেতা কেৰামতক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.