ETV Bharat / state

কাগজ কল পুনৰোজ্জীৱিত কৰাৰ দাবীত শিলচৰত জইন্ট একশ্যন কমিটিৰ প্ৰতিবাদ

author img

By

Published : Feb 20, 2021, 10:39 PM IST

নগাঁও আৰু কাছাৰ কাগজ কল পুনৰোজ্জীৱিত কৰাৰ দাবীত শনিবাৰে পেপাৰ মিল জইন্ট একশ্যন কমিটিৰ লগতে কৰ্মচাৰীসকলৰ পৰিয়ালৰ তীব্ৰ প্ৰতিবাদ ।

কাগজ কল পুনৰোজ্জীৱিত কৰাৰ দাবীত শিলচৰত জইন্ট একশ্যন কমিটিৰ প্ৰতিবাদ
কাগজ কল পুনৰোজ্জীৱিত কৰাৰ দাবীত শিলচৰত জইন্ট একশ্যন কমিটিৰ প্ৰতিবাদ

শিলচৰ, ২০ ফেব্ৰুৱাৰী: সমাগত বিধানসভা নিৰ্বাচন । ৰাজনৈতিক নেতা-মন্ত্ৰী নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত হোৱাৰ বিপৰীতে ৰাজ্যৰ ঠায়ে-ঠায়ে অব্যাহত প্ৰতিবাদ । নগাঁও আৰু কাছাৰ কাগজ কল পুনৰোজ্জীৱিত কৰাৰ দাবীত শনিবাৰে পেপাৰ মিল জইন্ট একশ্যন কমিটিৰ লগতে কৰ্মচাৰীসকলৰ পৰিয়ালৰ তীব্ৰ প্ৰতিবাদ ।

কাগজ কল পুনৰোজ্জীৱিত কৰা, কৰ্মচাৰীৰ দৰমহা আদায় দিয়া, ৮১ গৰাকী কৰ্মচাৰীৰ অকাল মৃত্যুৰ প্ৰতিবাদত শিলচৰৰ সাংসদ ৰাজদীপ ৰয়ৰ বাসগৃহত ৰূপায়ন কৰে এই কাৰ্যসূচী । সাংসদ ৰাজদীপ ৰয়ক ঘেৰাও প্ৰতিবাদকাৰীসকলৰ । প্ৰায় দুঘন্টাজোৰা এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে প্ৰতিবাদকাৰীসকলে ।

কাগজ কল পুনৰোজ্জীৱিত কৰাৰ দাবীত শিলচৰত জইন্ট একশ্যন কমিটিৰ প্ৰতিবাদ

প্ৰতিবাদকাৰীসকলৰ দুঘন্টাজোৰা উত্তাল প্ৰতিবাদৰ অন্তত ৰাজদীপ ৰয় ঘৰৰ পৰা বাহিৰলৈ ওলাই আহি আন্দোলনকাৰীসকলৰে আলোচনা কৰে । এই সন্দৰ্ভত ৰয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগত কথা পাতিব বুলি আশ্বাস প্ৰদান কৰে । ইফালে শনিবাৰে নিশা জইন্ট একশ্যন কমিটিৰ এটা প্ৰতিনিধি দলৰ সৈতে এক বৈঠকৰ আমন্ত্ৰন জনায় ৰয়ে ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে মিলৰ কৰ্মচাৰী সকলে শিলচৰৰ বিধায়ক দীলিপ পালৰ বাসভবন ঘেৰাও কৰিছিলে । কাগজ কল পুনৰোজ্জীৱিত কৰা, কৰ্মচাৰীৰ দৰমহা আদায় দিয়াৰ দাবীত বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও কোনো কাণসাৰ দিয়া নাই চৰকাৰে । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যিকোনো প্ৰকাৰে নগাঁও আৰু কাছাৰ কাগজ কল দুটা কাৰ্যক্ষম কৰা হ'ব বুলি দিয়া প্ৰতিশ্ৰুতি আজিও প্ৰতিশ্ৰুতি হৈয়ে থাকিল ।

লগতে পঢ়ক:গ্ৰেড পে বিচাৰি মংগলদৈত প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.