ETV Bharat / state

কাজিয়াৰ সূত্ৰপাত, সতীৰ্থৰ গুলীত নিহত প্ৰাক্তন উগ্ৰপন্থী কেডাৰ

author img

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 12:37 PM IST

অসম-মণিপুৰ সীমান্তৰ কাছাৰ জিলাৰ নামদাইলং পুঞ্জীত গুলীচালনাৰ ঘটনা ৷ এই ঘটনাত এজন প্ৰাক্তন উগ্ৰপন্থী নিহত হৈছে বুলি জানিব পৰা গৈছে ৷

Firing incident in Cachar of Assam Manipur border
সতীৰ্থৰ গুলীত নিহত প্ৰাক্তন এন এন চিৰ কেডাৰ

সতীৰ্থৰ গুলীত নিহত প্ৰাক্তন এন এন চিৰ কেডাৰ

শিলচৰ, 13 ডিচেম্বৰ : মঙলবাৰে বিয়লিৰ ভাগত অসম-মণিপুৰ সীমান্তৰ কাছাৰ জিলাৰ নামদাইলং পুঞ্জীত গুলীচালনাৰ ঘটনা সংঘটিত হয় ৷ এই ঘটনাত এজন প্ৰাক্তন উগ্ৰপন্থী কেডাৰ নিহত হৈছে ৷ নিহত প্ৰাক্তন কেডাৰটোৰ নাম গাইদেন চংপো ৰংমাই ওৰফে চেলা ৰংমাই বুলি জানিব পৰা গৈছে ৷ ইফালে এই ঘটনাত কানলুন গাই নামৰ আন এজন লোক আহত হৈছে বুলি জানিব পৰা গৈছে ৷ আনহাতে মঙলবাৰে নাগা নেশ্যনেল কাউঞ্চিল (NNC) ৰ গোপন বৈঠক অনুষ্ঠিত হৈছিল কাছাৰৰ জিৰিঘাট থানাৰ অন্তৰ্গত নামদাইলং পুঞ্জীত ৷ সেই বৈঠকতে কাজিয়াৰ সূত্ৰপাত হোৱাৰ বাবে উগ্ৰপন্থীৰ সংগঠনৰ এজন কেডাৰে প্ৰাক্তন উগ্ৰপন্থীৰ সদস্য চেলা ৰংমালৈ লক্ষ্য কৰি গুলীচালনা কৰে বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷

গুলীচালনাৰ পাচতে ততাতৈয়াকৈ ঘটনাস্থীলত উপস্থিত হয় আৰক্ষীৰ দল ৷ শিলচৰ দক্ষিণ ৰেঞ্জৰ আৰক্ষী উপ-মহাপৰিদৰ্শক কংকনজ্যোতি শইকীয়া আৰু কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাত্তাৰ নেতৃত্বত ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীৰ দলটোৱে অভিযান অব্যাহত ৰাখিছে ৷ ইফালে ঘটনাৰ সন্দৰ্ভত ডি আই জি কংকনজ্যোতি শইকীয়াই কয় যে, কি কাৰণে গুলীচালনা হ’ল তাৰ কোনো তথ্য পোৱা নাই ৷ তেওঁ কয়, ‘‘ তেওঁ (মৃতক) এটা সংগঠনৰ লগত জড়িত আছিল ৷ দীৰ্ঘদিনে চেলা নামদাইলং পুঞ্জীত অঞ্চলত বসবাহ কৰি আছিল ৰংমাই আৰু তেওঁ এটা বিশেষ সংগঠনৰ লগত জড়িত আছিল ৷’’

নিহত গাইদেন চংপোক কোন সংগঠনৰ লগত জড়িত আছিল সেই সন্দৰ্ভত স্পষ্টকৈ সদৰী নকৰি আৰক্ষী বিষয়া শইকীয়াই কয়, ‘‘ তদন্তৰ স্বাৰ্থতে তেওঁ কোন সংগঠনৰ আছিল আমি প্ৰকাশ নকৰো ৷ কিন্তু এটা নিদিষ্ট সংগঠনৰ লগত জড়িত আছিল ৷ আমি কিছু তথ্য লাভ কৰিছো ৷ তদন্তৰ পাচতেহে সকলো পোহৰলৈ আহিছে ৷’’

লগতে পঢ়ক : কাছাৰৰ ৰাজপথত ভুৱা আৰক্ষীৰ সন্ত্ৰাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.