ETV Bharat / state

শিলচৰত চিকিৎসকৰ ভুলৰ বাবে প্ৰাণ গ'ল নৱজাতকৰ

author img

By

Published : Jun 7, 2021, 12:14 PM IST

শিলচৰ মেডিকেল কলেজত ভয়ংকৰ ঘটনা ৷ মেডিকেল কলেজখনৰ একাংশ চিকিৎসকৰ বাবে প্ৰাণ গ'ল 56 দিনীয়া এটি নৱজাতকৰ ৷ নৱজাতকটিৰ পিতৃ-মাতৃক আক্ৰমণ কৰাৰো অভিযোগ উত্থাপন হৈছে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত দাখিল কৰা হৈছে এজাহাৰ ৷

শিলচৰত চিকিৎসকৰ ভুলৰ বাবে প্ৰাণ গ'ল 56 দিনীয়া নৱজাতকৰ
শিলচৰত চিকিৎসকৰ ভুলৰ বাবে প্ৰাণ গ'ল 56 দিনীয়া নৱজাতকৰ

কাছাৰ,7 জুন: ৰাজ্যত এইবাৰ চিকিৎসকৰ ওপৰত নহয়, ৰোগীৰ ওপৰত চিকিৎসকে আক্ৰমণ কৰাৰ অভিযোগ ৷ ৰাজ্যত যেন এতিয়া ৰোগী-চিকিৎসকৰ সম্পৰ্কৰ মাজত এক বিৰোধৰ সৃষ্টি হৈছে ৷ কৰ'বাত যদি চিকিৎসকৰ ওপৰত আক্ৰমণ, কৰ'বাত আকৌ ৰোগীৰ ওপৰত আক্ৰমণ চিকিৎসকৰ ৷

দেওবাৰে তেনেই এক ভয়ংকৰ ঘটনা সংঘটিত হয় শিলচৰ মেডিকেল কলেজত ৷ চিকিৎসকৰ অৱহেলাৰ বাবে প্ৰাণ যায় এটি শিশুৰ ৷ মেডিকেল কলেজখনত একাংশ জুনিয়ৰ চিকিৎসকৰ তাণ্ডৱ চলাৰ অভিযোগ ৷ হাতত অস্ত্ৰ-সস্ত্ৰ লৈ ৰোগীৰ অভিভাৱকক দলবদ্ধভাৱে আক্ৰমণ কৰাৰ অভিযোগ একাংশ চিকিৎসকৰ বিৰুদ্ধে ৷ শিলচৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসকৰ ভুলৰ বাবে প্ৰাণ যায় ৫৬ দিনীয়া এটি নৱজাতকৰ ৷ একাংশ চিকিৎসকৰ দলবদ্ধ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱাৰ লগতে ৫৬ দিনীয়া সন্তানকো হেৰুৱাবলগা হয় পিতৃ-মাতৃয়ে ৷

শিলচৰত চিকিৎসকৰ ভুলৰ বাবে প্ৰাণ গ'ল 56 দিনীয়া নৱজাতকৰ

প্ৰাপ্ত তথ্য অনুসৰি, তিনিদিন পূৰ্বে কাছাৰ জিলাৰ সোণাবাৰিঘাটৰ সাৰিক উদ্দিন লস্কৰ আৰু মাচুমা বেগম লস্কৰ নামৰ দম্পতীটোৱে ৫৬ দিনীয়া এটি কণমানিক শিলচৰ মেডিকেল কলেজত ভৰ্তি কৰিছিল ৷ হৃদপিণ্ডৰ অসুবিধা থকাৰ বাবে কণমানিটিক শিলচৰ মেডিকেল কলেজত ভৰ্তি কৰা হৈছিল আৰু অক্সিজেন দিয়াৰ ব্যৱস্থা কৰা হৈছিল ৷ কিন্তু দেওবাৰে নিশা অক্সিজেন মেচিনটোৱে হঠাৎ অসুবিধা দেখুৱাত কণমানিটিৰ পিতৃয়ে চিকিৎসকক অৱগত কৰিবলৈ যায় যদিও চিকিৎসকজনে বেয়া ব্যৱহাৰ কৰি উভতাই পঠাই দিয়ে ৷ পিতৃ সাৰিক আহমেদে ইয়াৰ প্ৰতিবাদ কৰাৰ বাবে তেওঁৰ ওপৰত চিকিৎসালয়খনত উপস্থিত থকা একাংশ চিকিৎসকে আক্ৰমণ কৰে বুলি অভিযোগ কৰে ৷

নৱজাতকটিৰ পিতৃৰ অভিযোগ অনুসৰি, শিশুটিৰ অৱস্থাৰ কথা চিকিৎসকক জনাবলৈ যোৱাৰ সময়তে চিকিৎসায়খনৰ একাংশ জুনিয়ৰ চিকিৎসকে হাতত অস্ত্ৰ-শস্ত্ৰ লৈ শিশুটিৰ পিতৃ সাৰিক আহমেদসহ তেওঁৰ পৰিয়ালক দলবদ্ধভাৱে আক্ৰমণ কৰে আৰু চিকিৎসালয়খনৰ পৰা কণমানিসহ মাতৃক বাহিৰ কৰি দিয়ে ৷ ইয়াৰ পিচতে দুৰ্ভগীয়া ব্যক্তিগৰাকীয়ে নিৰুপায় হৈ সংকটজনক অৱস্থাত কণমানি সহিতে পত্নীক ঘৰলৈ লৈ যায় ৷ পৰৱৰ্তী সময়ত অক্সিজেনৰ অভাৱত আদবাটতে মৃত্যু হয় শিশুটিৰ ৷ ইপিনে, এই ঘটনাৰ পিছতে শিলচৰ গুংগুৰ আৰক্ষী চকীত শিশুটিৰ অভিভাৱকে এটা গোচৰ ৰুজু কৰি উচিত ন্যায়ৰ দাবী জনাইছে ৷

অন্য এক খবৰৰ বাবে: মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আৰ্থিক অনুদান নিৰঞ্জন হাজৰিকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.