ETV Bharat / state

শিলচৰত ঘাইপথত মৃতদেহ ৰাখি শতাধিক লোকৰ প্ৰতিবাদ

author img

By

Published : Dec 4, 2020, 10:26 PM IST

শিলচৰত শতাধিক লোকে পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে ৷ ৰাজপথত মৃতদেহ ৰাখি পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে প্ৰতিবাদকাৰীয়ে ৷

massive-protest-in-silchar
শিলচৰত ঘাইপথত মৃতদেহ ৰাখি শতাধিক লোকৰ প্ৰতিবাদ

শিলচৰ, 4 ডিচেম্বৰ : শুকুৰবাৰে শিলচৰ চহৰৰ চামৰাগুদামত পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ ৰাজপথত মৃতদেহ ৰাখি শতাধিক লোকে পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে ৷ যাৰ বাবে ৰাজপথত আৱদ্ধ হৈ পৰে শতাধিক যানবাহন ৷

প্ৰতিবাদকাৰীৰ মন্তব্য

উল্লেখ্য যে, বৃহস্পতিবাৰে কাছাৰ জিলাৰ বেৰেঙগাত এক মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হৈছিল ৷ যত স্থানীয় লোক এজনে গছ কাটি থাকোতে গছডাল এখন অ'টোৰ ওপৰত পৰাত থিতাতে মৃত্যু হৈছিল দুজনকৈ লোকৰ ৷ আনহাতে, দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছিল তিনি গৰাকী যাত্ৰী ৷ যাৰ প্ৰতিবাদত শুকুৰবাৰে মৃতদেহ লৈ ৰাইজে পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে ৷ প্ৰতিবাদকাৰীয়ে মৃতকৰ পৰিয়ালক 20 লাখ টকা ক্ষতিপূৰণ দিয়াৰ দাবী জনাইছে ৷

লগতে পঢ়ক : সমষ্টিৰ ৰিপ'ৰ্ট কাৰ্ড বিচাৰি ইটিভি ভাৰতৰ বিশেষ অনুষ্ঠান ' জনতাৰ কন্ঠ '

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.