ETV Bharat / state

এন বীৰেণ সিঙে অস্বীকাৰ কৰিলে কে মেঘচন্দ্ৰৰ প্ৰস্তাৱ

author img

By ETV Bharat Assamese Team

Published : Jan 10, 2024, 7:31 PM IST

বুধবাৰে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙক সাক্ষাৎ কৰে মণিপুৰ প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা কংগ্ৰেছৰ জ্যেষ্ঠ বিধায়ক কে মেঘচন্দ্ৰই ৷ ভাৰত জোড়ো ন্যায় যাত্ৰা আয়োজন কৰাৰ বাবে সভাস্থলীৰ অনুমতিৰ সন্দৰ্ভত সাক্ষাৎ কৰে মুখ্যমন্ত্ৰীগৰাকীক ৷

Manipur govt declines permission for ground to launch Bharat Jodo Nyay Yatra
মণিপুৰ প্ৰদেশ কংগ্ৰেছ কমিটি

মুখ্যমন্ত্ৰী এন বীৰেণ সিঙক সাক্ষাৎ কৰে মণিপুৰ প্ৰদেশ কংগ্ৰেছ কমিটীয়ে

কাছাৰ, 11 জানুৱাৰী: মণিপুৰ প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা কংগ্ৰেছৰ জ্যেষ্ঠ বিধায়ক কে মেঘচন্দ্ৰই বুধবাৰে পুৱা দলীয় নেতা-কৰ্মীৰ সৈতে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙক সাক্ষাৎ কৰে ৷ মণিপুৰৰ মুখ্যমন্ত্ৰীগৰাকীক ভাৰত জোড়ো ন্যায় যাত্ৰা আয়োজন কৰাৰ বাবে সভাস্থলীৰ অনুমতিৰ সন্দৰ্ভত সাক্ষাৎ কৰা বুলি মেঘচন্দ্ৰই জানিবলৈ দিয়ে ৷ মুখ্যমন্ত্ৰীগৰাকীৰ বাসভৱনত সাক্ষাৎ কৰাৰ পিচত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ আইন-শৃংখলাৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তেওঁৰ চৰকাৰে এই অনুমতি জনাব নোৱাৰে বুলি উল্লেখ কৰা বুলি জনায় ।

চৰকাৰৰ এই স্থিতিক “অতি দুৰ্ভাগ্যজনক” বুলি অভিহিত কৰা মেঘচন্দ্ৰই চৰকাৰখনে থৌবাল জিলাৰ খংজোমক ব্যক্তিগত স্থানলৈ সলনি কৰিছে বুলি উল্লেখ কৰিছে । চৰকাৰে অনুমতি প্ৰদান নকৰাটো অতি দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰি ৰাজহুৱা স্থান এডোখৰ চৰকাৰে অস্বীকাৰ কৰাটো সাধাৰণ কথা নহয় বুলি উল্লেখ কৰে । এয়া গণতন্ত্ৰৰ হত্যা । ই ভাৰতৰ জনসাধাৰণৰ বিশেষকৈ মণিপুৰৰ জনসাধাৰণৰ ৰাজনৈতিক অধিকাৰ খৰ্ব কৰাৰ লগতে জনতাৰ অধিকাৰ খৰ্ব কৰিছে বুলি মন্তব্য কৰে মণিপুৰ প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি কেইশম মেঘচন্দ্ৰই ।

14 খন ৰাজ্য আৰু 85 খন জিলাক সামৰি লোৱা এই ন্যায় যাত্ৰাত কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গেই ফ্লেগ অফ কৰিব । এই সমাৱেশত পদযাত্ৰাৰ লগতে বাছ যাত্ৰা কৰা হ'ব । ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতিৰ উদ্ধৃতি দি ইম্ফলত ভাৰত জোড়ো ন্যায় যাত্ৰা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত মণিপুৰ চৰকাৰে প্ৰকাশ কৰা চৰকাৰৰ সিদ্ধান্ত সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেনুগোপালে ৷ বেনুগোপালে কয়, "আমি কেৱল মণিপুৰৰ পৰাই যাত্ৰা আৰম্ভ কৰিব লাগিব । আমি আন এটা স্থানৰ পৰা মণিপুৰত যাত্ৰা আৰম্ভ কৰিবলৈ ওলাইছো । সবিশেষ পিছত ঘোষণা কৰা হ'ব ৷"

লগতে পঢ়ক: পৰিৱেশ ৰক্ষাৰ স্বাৰ্থত 22 বছৰীয়া ৰোহনে দেশে-বিদেশে কৰিছে পদযাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.