ETV Bharat / state

মুখ্যমন্ত্ৰীলৈ পাঁচ হাজাৰ পোষ্ট কার্ড প্ৰেৰণ

author img

By

Published : Oct 10, 2021, 2:04 PM IST

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰা হৈছে পাঁচ হাজাৰ পোষ্ট কাৰ্ড ৷ কিন্তু কোনে আৰু কিয় মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিলে এই পোষ্ট কাৰ্ড ?

Five thousand post cards sent to CM
মুখ্যমন্ত্ৰীলৈ পাঁচ হাজাৰপোষ্ট কার্ড প্ৰেৰণ

কাছাৰ, 10 অক্টোবৰ : অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মাক আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনোৱাৰ সিদ্ধান্ত লৈছে কাছাৰ জিলাৰ বৰখলাৰ স্থানীয় ৰাইজে । মুখ্যমন্ত্ৰীৰ যুগান্তকাৰী পদক্ষেপৰ প্ৰতি সঁহাৰি জনাই তেঁওলৈ পাঁচ হাজাৰ পোষ্ট কার্ড পঠোৱাৰ বাবে সিদ্ধান্ত লৈছে বৰখলাবাসী ৰাইজে ৷

Five thousand post cards sent to CM
মুখ্যমন্ত্ৰীলৈ পাঁচ হাজাৰপোষ্ট কার্ড প্ৰেৰণ

কাছাৰ জিলাৰ বৰখলা সমষ্টিৰ ইটখলাঘাটত বৰাক নদীৰ ওপৰত কিশোৰ সেঁতুৰ সফল বাস্তৱায়িত কৰাৰ বাবে মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জনোৱাৰ সিদ্ধান্ত লৈছে অঞ্চলটোৰ স্থানীয় ৰাইজে ৷ কিশোৰ সেঁতুৰ ওপৰত শনিবাৰে এখন সংবাদমেলৰ আয়োজন কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মাক ধন্যবাদ জনায় ৰাইজে ।

উপস্থিত ৰাইজে মুখ্যমন্ত্ৰী আৰু প্ৰাক্তন বিধায়ক কিশোৰ নাথ জিন্দাবাদ ধ্বনিৰে চৌদিশ উত্তাল কৰি তোলে ৷ স্থানীয় লোকে প্ৰকাশ কৰা অনুসৰি ড৹ হিমন্ত বিশ্ব শর্মা‌ অসমৰ বিত্তমন্ত্ৰী থকা সময়তে সেঁতু নির্মাণৰ বাবে অর্থ মঞ্জুৰ কৰিছিল ।

Five thousand post cards sent to CM
মুখ্যমন্ত্ৰীলৈ পাঁচ হাজাৰপোষ্ট কার্ড প্ৰেৰণ

বৰখলাৰ‌‌ ৰাইজৰ যোগাযোগ ব্যবস্থাৰ বাবে বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ এই পদক্ষেপ এক যুগান্তকাৰী পদক্ষেপ আছিল বুলি উল্লেখ কৰে স্থানীয় লোকে । যাৰ বাবে তেওঁলৈ পাঁচ হাজাৰ পোষ্ট কার্ড প্ৰেৰণ কৰে স্থানীয় লোকে ৷

লগতে পঢ়ক : পূজা উপভোগ কৰিবলৈ মুখ্যমন্ত্ৰীক আমন্ত্ৰণ শিলচৰৰ বিধায়কৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.