ETV Bharat / state

Explosives recovered: কাছাৰত জব্দ বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী; মণিপুৰলৈ সৰবৰাহৰ সন্দেহ

author img

By

Published : Aug 7, 2023, 11:53 AM IST

কাছাৰত নিৰাপত্তা বাহিনীৰ বৃহৎ অভিযান । অভিযানত জব্দ ২০০ ডাল জিলেটিন আৰু ২০০ টা ডিটনেটৰ । বিস্ফোৰক সামগ্ৰীখিনি মণিপুৰলৈ সৰবৰাহৰ চেষ্টা কৰা হৈছিল বুলি বিশেষ সূত্ৰত প্ৰকাশ ।

Explosives recovered
Explosive material smuggled to Manipur

তেজপুৰ, ৭ আগষ্ট: মণিপুৰৰ পৰিস্থিতি এতিয়াও উত্তেজনাপূৰ্ণ হৈ আছে । প্ৰতিদিনে ৰাজ্যখনত বিদ্ৰোহী আৰু নিৰাপত্তা বাহিনীৰ মাজত সংঘৰ্ষ চলা দেখা গৈছে । তাৰ মাজতে হিংসাজৰ্জ ৰাজ্যখনলৈ সৰবৰাহ হৈছে বিস্ফোৰক সামগ্ৰী । কাছাৰ জিলাত জব্দ হৈছে মণিপুৰলৈ সৰবৰাহ কৰা বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী । বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত নিৰাপত্তা বাহিনীৰ এটা দলে কাছাৰত তালাচী চলাই ২০০ ডাল জিলেটিন আৰু ২০০ টা ডিটনেটৰ উদ্ধাৰ কৰে । বিস্ফোৰক সামগ্ৰীসমূহ কাছাৰৰ পথেদি মণিপুৰলৈ নি থকা অৱস্থাত উদ্ধাৰ কৰা হয় ।

উল্লেখ্য যে মণিপুৰত চলি থকা জাতিগত হিংসাৰ সময়ত সাধাৰণ নাগৰিকে বহুতো বিস্ফোৰক সামগ্ৰী, গোলাবাৰুদ ব্যৱহাৰ কৰা দেখা গৈছে । কিন্তু সেই অস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী ক'ৰ পৰা কেনেকৈ সংগ্ৰহ কৰিছে সেই তথ্য প্ৰশাসনৰ হাতত নাই । ইফালে নিশা কাছাৰত জব্দ হোৱা বিস্ফোৰক সামগ্ৰীসমূহ সৰবৰাহ কৰা দুজন লোকে সামগ্ৰীসমূহ দলিয়াই আৰু উক্ত স্থানৰ পৰা পলাই যাবলৈ সক্ষম হয় । এই জিলেটিন আৰু ডিটনেটৰসমূহ বিস্ফোৰক সামগ্ৰী যেনে বোমা প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয় ।

কিন্তু প্ৰশ্ন হ'ল এই বিস্ফোৰক সামগ্ৰীবোৰ কোনে যোগান ধৰিছে ? অসমৰ মাজেৰে এনেদৰে পূৰ্বেও বিস্ফোৰক সামগ্ৰী মণিপুৰলৈ সৰবৰাহ হৈছে নেকি ? ইয়াৰ আঁৰত তৃতীয় শক্তি আছে নেকি ? বিভিন্ন পক্ষই সন্দেহ কৰা মতে মণিপুৰ সংঘৰ্ষৰ আঁৰত বিদেশী শক্তি জড়িত নেকি ? অৱশ্যে অনুসন্ধানৰ পাছত হে সমগ্ৰ ৰহস্য স্পষ্ট হ'ব ।

মণিপুৰৰ চুৰাচান্দপুৰ আৰু বিষ্ণুপুৰ জিলাৰ সীমান্তত কংভাই আৰু কোক্তক অঞ্চলত দেওবাৰে বিয়লিৰ পৰা ভয়াৱহ গুলীচালনা অব্যাহত আছে । যাৰ ফলত শংকিত হৈ পৰিছে সাধাৰণ লোকসকল । অৱশ্যে মণিপুৰ আৰক্ষীয়ে এই সন্দৰ্ভত কোনো তথ্য সদৰী কৰা নাই । অঞ্চলটোত বৃস্পতিবাৰে কুকি জনগোষ্ঠীয়ে আয়োজন কৰা সামূহিক সমাধি কাৰ্যসূচীক লৈ এই সংঘৰ্ষৰ সূত্ৰপাত হৈছিল । আনহাতে এনে পৰিস্থিতিত মণিপুৰ ইম্ফল পশ্চিম জিলাত চেঞ্জাম চিৰাং নামৰ এগৰাকী আৰক্ষী জোৱানো নিহত হয় ।

লগতে পঢ়ক :Manipur Violence update: মণিপুৰৰ কৌৰ্তুক আৰু কাংভায় অঞ্চলত ভয়াৱহ গুলীচালনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.