ETV Bharat / state

কাছাৰত নিষিদ্ধ হেৰ'ইনসহ আটক 4 জন

author img

By

Published : Jun 13, 2021, 10:23 PM IST

drugs sized in cachar
কাছাৰত নিষিদ্ধ হেৰ'ইনসহ আটক 4জন

দেওবাৰে এক গোপন সূত্ৰ পম খেদি কাছাৰৰ সোনাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশীৰ নেতৃত্বত কাছাৰ আৰক্ষীৰ Special task forceৰ এটা দলে অভিযান চলাই ধলাই কাটাখালৰ পৰা প্ৰায় 48 গ্ৰাম নিষিদ্ধ হেৰ'ইন জব্দ কৰাৰ লগতে 4 জন লোকক আটক কৰে ৷

শিলচৰ,13 জুন : ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান ৷ আন আন জিলাৰ দৰে কাছাৰ জিলা প্ৰশাসনেও অব্যাহত ৰাখিছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান ৷ দেওবাৰে এক গোপন সূত্ৰৰ পম খেদি কাছাৰৰ সোনাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশীৰ নেতৃত্বত কাছাৰ আৰক্ষীৰ Special task forceৰ এটা দলে অভিযান চলাই ধলাই কাটাখালৰ পৰা প্ৰায় 48 গ্ৰাম নিষিদ্ধ হেৰ'ইন জব্দ কৰাৰ লগতে 4 জন লোকক আটক কৰে ৷

উল্লেখ্য যে, AS-11-P-5707 নম্বৰৰ মাৰুতি ভান এখনৰ পৰা চাৰিটা চাবোনৰ কেছত ভৰাই অনা অৱস্থাত নিষিদ্ধ হেৰ'ইনখিনি জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটোৱে ৷ সম্প্ৰতি বাহনখনত থকা আনোয়াৰ হুছেইন লস্কৰ, আবুল হুছেইন, নৰুল হক আৰু ইনমুল হক নামৰ চাৰি সৰবৰাহকাৰী আটক কৰি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: নগাঁৱত পিষ্টলসহ এজনক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.