ETV Bharat / state

বিধায়ক দিলীপ পালৰ ভাতৃৰ গুণ্ডাগিৰী

author img

By

Published : Dec 17, 2020, 12:14 PM IST

বিজেপি বিধায়ক দিলীপ পালৰ ভাতৃ পিকলু পালৰ বিৰুদ্ধে অভিযোগ ৷ অসম ৰাজ্যিক যুৱ মৰ্চাৰ সদস্য তথা হাইলাকান্দি জিলাৰ প্ৰভাৰী কুলদীপ চৌধুৰী মাৰ-ধৰ কৰাৰ অভিযোগ উত্থাপন হৈছে পিকলু পালৰ বিৰুদ্ধে ৷ ঘটনাৰ উচিত ন্যায় বিচাৰি শিলচৰ সদৰ আৰক্ষী চকীত গোচৰ ৰুজু কুলদীপৰ ৷

complain against bjp mla dilip paul brother
বিধায়ক দিলীপ পালৰ ভাতৃৰ গুণ্ডাগিৰী

শিলচৰ,17 ডিচেম্বৰ : শিলচৰৰ বিধায়ক দিলীপ পালৰ ভাতৃ পিকলু পালৰ গুণ্ডাগিৰী ৷ দক্ষিণৰ ছবিৰ খলনায়কৰ লেখীয়াকৈ শিলচৰত গুণ্ডাৰাজ চলাইছে পিকলু পালে ৷ পিকলু পালৰ গুণ্ডামিত এতিয়া অতিষ্ঠ হৈ পৰিছে সাধাৰণ ৰাইজ ৷

এইবাৰ পিকলু পালৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় বিজেপিৰ অসম ৰাজ্যিক যুৱ মৰ্চাৰ সদস্য তথা হাইলাকান্দি জিলাৰ প্ৰভাৰী কুলদীপ চৌধুৰী ৷ এটা বাইক পাৰ্কিঙক কেন্দ্ৰ কৰি ৰাজপথত পিকলুৱে দলৱদ্ধভাৱে প্ৰহাৰ কৰে কুলদীপ চৌধুৰীক ৷

বিধায়ক দিলীপ পালৰ ভাতৃৰ গুণ্ডাগিৰী

ঘটনা অনুসৰি, বুধবাৰে পুৱাৰ ভাগত কুলদীপ চৌধুৰীয়ে তেজ পৰীক্ষাৰ বাবে চহৰৰ ৰাঙিখাৰি অঞ্চলৰ এটা লেবৰেট’ৰীলৈ গৈছিল ৷ লেবত প্ৰৱেশ কৰাৰ পূৰ্বে তেওঁ নিজৰ বাইকখন পিকলু পালৰ দোকানৰ সন্মুখত পাৰ্কিং কৰিছিল ৷ বাইকখন পিকলুৰ দোকানৰ সন্মুখত ৰখোৱাৰ বাবে পিকলুৰ খং উঠে আৰু কুলদীপক অশ্লীল গালি-গালাজ দিয়ে ৷ কুলদীপে পিকলুৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ পাচতেই পিকলুৱে ৰাজপথতেই দলৱদ্ধভাৱে কুলদীপক প্ৰহাৰ কৰে ৷

সমগ্ৰ ঘটনাৰ উচিত ন্যায় বিচাৰি কুলদীপ চৌধুৰীয়ে শিলচৰ সদৰ আৰক্ষী চকীত পিকলু পালৰ বিৰুদ্ধে এখন গোচৰ ৰুজু কৰে ৷ ইফালে বিধায়ক দিলীপ পালৰ ভাতৃ পিকলু পালে একেই দলৰ এজন যুৱকক মাৰধৰ কৰাৰ পাচতে এতিয়া বিজেপি দলৰ নেতাৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : লক্ষীপুৰত আৰক্ষীয়ে আটক কৰিলে শিশু অপহৰণকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.