ETV Bharat / state

এদল কিন্নৰে কঁপাই তুলিলে ৰাজপথ...

author img

By

Published : Aug 15, 2021, 8:53 AM IST

clash-between-two-kinnars
কিন্নৰৰ মাজত সংঘাত

শিলচৰত বাংলাদেশী কিন্নৰ(Kinnar)ৰ সন্ত্ৰাস ৷ বাংলাদেশী কিন্নৰগৰাকীৰ বিৰুদ্ধে নানা অপৰাধমূলক কাৰ্য-কলাপ সংঘটিত কৰাৰ বিস্ফোৰক অভিযোগ আন এগৰাকী কিন্নৰৰ ৷ দুই কিন্নৰৰ শীতল যুঁজে কঁপাই তুলিছে শিলচৰৰ ৰাজপথ ৷ ঘটনা সংক্ৰান্তত ৰুজু হৈছে গোচৰ ৷

শিলচৰ, 15 আগষ্ট : সচৰাচৰ ৰাজপথ, ৰে’ল, বাছ আদিৰ লগতে ভিন্ন স্থানত দেখা যায় কিন্নৰসকলক ৷ বিগত সময়ত কিন্নৰসকলক প্ৰাপ্য প্ৰদানৰ দাবীত ৰাজপথত আন্দোলন কৰাও দেখা গৈছিল ৷ কিন্তু এইবেলি কিন্নৰৰ হাতত কিন্নৰ নিৰ্যাতিত হোৱাৰ খবৰে উত্তেজনা সৃষ্টি কৰিছে ৷ এই ঘটনা সংঘটিত হৈছে শিলচৰত ৷

প্ৰাপ্ত তথ্য অনুসৰি, শিলচৰলৈ কেইদিনমান পূৰ্বে আহিছিল এগৰাকী বাংলাদেশী কিন্নৰ ৷ বাংলাদেশী কিন্নৰ গৰাকীয়ে শিলচৰত একপ্ৰকাৰ সন্ত্ৰাস সৃষ্টি কৰি আন আন কিন্নৰসকলৰ জীৱনলৈ ভাবুকি কঢ়িয়াই অনা বুলি পোহৰলৈ আহিছে ৷ বাংলাদেশী কিন্নৰ গৰাকীয়ে স্থানীয় কিন্নৰসকলক নিৰ্যাতন চলোৱাৰ লগতে অপকৰ্মত লিপ্ত হ’বলৈও বাধ্য কৰোৱা বুলি অভিযোগ উত্থাপিত হৈছে ৷ শনিবাৰে তেনে এগৰাকী অসমীয়া কিন্নৰক মাৰধৰ কৰি অশ্লীল ভিডিঅ’ প্ৰস্তুত কৰিবলৈ বাধ্য কৰোৱা বুলি ভুক্তভোগী কিন্নৰগৰাকীয়ে অভিযোগ উত্থাপিত কৰি শিলচৰ থানাত ৰুজু কৰিছে গোচৰ ৷

কিন্নৰৰ মাজত সংঘাত

লগতে পঢ়ক : কূটাঘাতৰ আশংকাত গুৱাহাটীৰ চৰ-চাপৰিত আৰক্ষীৰ টহল

অভিযোগ অনুসৰি, বাংলাদেশী কিন্নৰ নন্দিনীয়ে শিলচৰৰ ৰংপুৰস্থিত নিজ বাসগৃহত নিশা নামৰ আন এগৰাকী অসমীয়া কিন্নৰক তিনিদিন ধৰি আটক কৰি ৰাখে ৷

তদুপৰি নন্দিনীয়ে নিশাক শাৰিৰীকবাৱে অত্যাচাৰ চলোৱাৰ লগতে অশ্লীল ভিডিঅ’ প্ৰস্তুত কৰাৰ বাবে বাধ্য কৰে ৷ কেৱল ইমানতে সীমাবদ্ধ নাথাকি নিশাক প্ৰাণে মৰাৰ ভাবুকিও প্ৰদান কৰিছিল নন্দিনীয়ে ৷ অৱশেষত নন্দিনীৰ কু-কাৰ্যৰ উমান লাভ কৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা কিন্নৰসকল শিলচৰত একত্ৰিত হয় ৷ উক্ত কিন্নৰসকলে নন্দিনীৰ কবলৰ পৰা নিশাক উদ্ধাৰ কৰাৰ লগতে শিলচৰ থানাত নন্দিনীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ৷ লগতে থানাৰ সন্মুখত একত্ৰিত কিন্নৰসকলে নন্দিনীক কৰায়ত্ত কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি উত্তাল কৰি তোলে পৰিৱেশ ৷

লগতে পঢ়ক : প্ৰকৃততে সৰুপথাৰত কোনে বগৰাইছিল বৃটিছ সৈন্যভৰ্তি ৰে’ল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.