ETV Bharat / city

কূটাঘাতৰ আশংকাত গুৱাহাটীৰ চৰ-চাপৰিত আৰক্ষীৰ টহল

author img

By

Published : Aug 14, 2021, 10:52 PM IST

স্বাধীনতা দিৱসৰ উদযাপনৰ পূৰ্বে যাতে কোনো স্থানত কূটাঘাতমূলক কাৰ্য সংঘটিত নহয় তাৰ বাবে সষ্টম হৈ পৰিছে মহানগৰ আৰক্ষী ৷ ব্ৰহ্মপুত্ৰৰ চৰ চাপৰিত অভিযান চলাই উগ্ৰপন্থী তথা দুষ্কৃতিকাৰীৰ ওপৰত চোকা দৃষ্টি ৰাখিছে আৰক্ষীয়ে ৷

police-patrolling-in-guwahati-just-before-the-independence-day
কূটাঘাতৰ আশংকাত গুৱাহাটীৰ চৰ-চাপৰিত আৰক্ষীৰ টহল

গুৱাহাটী, 14 আগষ্ট : দেশৰ 75 সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ কেইটামান মূহূৰ্ত বাকী ৷ ইতিমধ্যে ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে ৰাজধানী চহৰ গুৱাহাটী মহানগৰীতো ক'ভিড প্ৰট'কলৰ মাজেৰে স্বাধীনতা দিৱস উদযাপনৰ বাবে চলিছে পূৰ্ণ প্ৰস্তুতি ৷ ইফালে স্বাধীনতা দিৱসৰ উদযাপনৰ আগত বা পিছত যাতে কোনো স্থানতে কূটাঘাতমূলক কাৰ্য সংঘটিত নহয় তাৰ বাবে সষ্টম হৈ পৰিছে মহানগৰ আৰক্ষী ৷

বিশেষকৈ মহানগৰীৰ পূৱ প্ৰান্তৰ নুনমাটি আৰক্ষী আৰু প্ৰাগজ্যোতিষপুৰ আৰক্ষীয়ে স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দিনে-নিশাই চলাইছে অভিযান ৷ জলপথ-স্থলপথত সষ্টম হোৱাৰ লগতে যন্ত্ৰচালিত নাঁওৰে গৈ ব্ৰহ্মপুত্ৰৰ চৰ চাপৰিত অভিযান চলাই উগ্ৰপন্থী তথা দুষ্কৃতিকাৰীৰ ওপৰত চোকা দৃষ্টি ৰাখিছে আৰক্ষীয়ে ৷

অভিযান কালত আৰক্ষীয়ে চৰ-চাপৰিত বসবাস কৰা বিভিন্ন লোকৰ নথি-পত্ৰসমূহ পৰীক্ষা কৰাৰ লগতে অঞ্চলটোত কোনো সন্দেহজনক লোক দেখিলে তাৎক্ষণিক আৰক্ষীক খবৰ দিবলৈ আহ্বান জনাইছে ৷

তাৰোপৰি নুনমাটি,নাৰেংগী-চন্দ্ৰপুৰ পথত নিয়মীয়া তালাচী অভিযান চলাই আৰক্ষীয়ে তন্ন-তন্নকৈ পৰীক্ষা কৰিছে প্ৰতিখন দুচকীয়া-চাৰিচকীয়া বাহন । স্বাধীনতা দিৱসটো যাতে গুৱাহাটীবাসীয়ে সুন্দৰভাৱে উদযাপন কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ আৰক্ষীয়ে এনেদৰে নিছিদ্ৰ তালাচী অভিযান অব্যাহত ৰাখিছে ।

এইবাৰ বিগত সময়ৰ দৰে আলফা স্বাধীনে স্বাধীনতা দিৱস বৰ্জন কৰা নাই । কিন্তু আৰক্ষীয়ে তালাচীৰ ক্ষেত্ৰত পূৰ্বৰ দৰে তাৎপৰতা অব্যাহত ৰাখিছে ।

লগতে পঢ়কঃ অসমৰ ১৮ গৰাকী আৰক্ষী জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.