ETV Bharat / state

Assam CM reaction on DU ragging: ছাত্ৰাবাসৰ অধীক্ষকৰ বিৰুদ্ধে লোৱা হ’ব ব্যৱস্থা: মুখ্যমন্ত্ৰী

author img

By

Published : Nov 29, 2022, 9:50 PM IST

Assam CM reaction on Dibrugarh ragging incident
Assam CM reaction on Dibrugarh ragging: ছাত্ৰাবাসৰ অধীক্ষকৰ বিৰুদ্ধে লোৱা হ’ব ব্যৱস্থা: মুখ্যমন্ত্ৰী

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিংকাণ্ড সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ(Dibrugarh ragging case) ৷ তদন্ত প্ৰক্ৰিয়াত গাফিলতি কৰা কোনো লোককে ৰেহাই দিয়া নহ’ব বুলিও স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

গুৱাহাটী, 29 নৱেম্বৰ: ডিব্ৰুগড় বিশ্ববিদ্যালয়ত শেহতীয়াভাৱে পোহৰলৈ অহা ৰেগিঙৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই(Dibrugarh ragging case) ৷ ৰেগিং ৰোধত ডিব্ৰুগড় বিশ্ববিদ্যালয় ব্যৰ্থ হোৱা বুলি মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই(Assm CM Himanta Biswa Sarma) । শিলচৰত মঙলবাৰে কেবিনেট বৈঠকৰ অন্তত অনুষ্ঠিত সংবাদমেলত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই এই মন্তব্য প্ৰকাশ কৰে(Assam cabinet in Silchar) ।

Assam CM reaction on Dibrugarh ragging: ছাত্ৰাবাসৰ অধীক্ষকৰ বিৰুদ্ধে লোৱা হ’ব ব্যৱস্থা: মুখ্যমন্ত্ৰী

ৰেগিং ৰোধত ব্যৰ্থ হোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে তদন্ত হ’ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে(CM press meet in Silchar) । PNGB ছাত্ৰাবাসৰ অধীক্ষকৰ বিৰুদ্ধেও হ’ব তদন্ত । মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে শিক্ষানুষ্ঠানত ৰেগিং সহ্য কৰা নহ’ব । ৰেগিং ৰোধত অৱহেলা কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই । ৰেগিং সন্দৰ্ভত কেবিনেটত অসন্তুষ্টি ব্যক্ত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে(Assam CM reaction on Dibrugarh ragging incident) ।

আৰক্ষীৰ দ্বাৰা সমগ্ৰ ঘটনা তদন্ত কৰা হ’ব বুলি সংবাদমেল যোগে তেওঁ জানিবলৈ দিয়ে । কেবিনেটে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে এটাৰ পাছত এটাকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত ৰেগিংকাণ্ড পোহৰলৈ অহা কথাই ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়খনৰ চূড়ান্ত প্ৰশাসনিক ব্যৰ্থতা বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । মাহৰ পাছত মাহ ধৰি সমগ্ৰ ঘটনা গাপ দিয়া কাৰ্যত যিসকল লোক জড়়িত আটাইকে তদন্তৰ আওতালৈ অনা হ’ব বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ।

সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে আৰক্ষীক ইতিমধ্যে নিৰ্দেশ দিছে ৰাজ্যিক কেবিনেটে । মুখ্যমন্ত্ৰী গৰাকীয়ে পলাতক অৱস্থাত থকা অভিযুক্তসকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হ’ব বুলি উল্লেখ কৰে । তদন্তৰ গাফিলতি কৰা কোনো লোককে ৰেহাই দিয়া নহ’ব বুলিও স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

উল্লেখযোগ্য যে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰই ৰেগিঙত অতিষ্ঠ হৈ নিশা বিশ্ববিদ্যালয়ৰ ছাত্ৰ নিৱাসৰ দ্বিতীয় মহলাৰ পৰা জঁপিয়াই দিছিল । ঘটনাটোত মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰাৰ পাছত ১৮ জন ছাত্ৰৰ বিৰুদ্ধে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰা হৈছে । ঘটনা সন্দৰ্ভত বৰ্তমানেও অব্যাহত আছে তদন্ত । ভুক্তভোগী ছাত্ৰজন বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে ৷

লগতে পঢ়ক: NRC issue: এন আৰ চি কেলেংকাৰীত দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ জড়িত থকাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.