ETV Bharat / state

সমাধানৰ পথত লায়লাপুৰৰ সমস্যা!

author img

By

Published : Oct 20, 2020, 8:27 AM IST

অসম-মিজোৰাম সীমান্তবৰ্তী লায়লাপুৰৰ ভূমি বিবাদৰ সমস্যাৰ সমাধানৰ বাবে লায়লাপুৰত অনুষ্ঠিত হয় এখন সভা ৷ সভাত মিজোৰাম আৰু অসমৰ আৰক্ষী অধীক্ষকসকল উপস্থিত থাকে ৷ সভাত মিজোৰামৰ আবদ্ধ ট্ৰাকসমূহ মিজোৰাম আৰক্ষীয়ে আৰু অসমৰ আবদ্ধ ট্ৰাকসমূহ অসম আৰক্ষীয়ে নিৰাপত্তা দি লৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

Assam ADGP Mukesh Agarwala arrived in Lailapur
সমাধানৰ পথত লায়লাপুৰৰ সমস্যা!

কাছাৰ, 20 অক্টোবৰ: অসম-মিজোৰাম সীমান্তৱৰ্তী লায়লাপুৰৰ ভূমি বিবাদৰ সমস্যা সমাধানৰ বাবে লায়লাপুৰ ফৰেষ্ট বিট অফিচত অনুষ্ঠিত হয় এখন সভা ৷ সভাখনত মিজোৰাম কলাশিবৰ আৰক্ষী অধীক্ষক, অসম আৰু কাছাৰ জিলাৰ আৰক্ষী অধীক্ষকসকল উপস্থিত থাকে ৷ সভাখনত মিজোৰাম আৰু অসমৰ সীমান্তত আবদ্ধ হৈ থকা ট্ৰাকসমূহক নিৰাপত্তা দি লৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ অসমৰ ট্ৰাক অসম আৰক্ষীয়ে নিৰাপত্তা দি লৈ যাব আৰু মিজোৰামৰ ট্ৰাক মিজোৰাম আৰক্ষীয়ে নিৰাপত্তা দি যাব লাগিব বুলি আৰক্ষী অধীক্ষকসকলে সিদ্ধান্ত গ্ৰহণ কৰে ৷

Assam ADGP Mukesh Agarwala arrived in Lailapur
সমাধানৰ পথত লায়লাপুৰৰ সমস্যা!

সভাৰ শেষত উপ মহাপৰিদৰ্শক দিলীপ কুমাৰ দেয়ে কয় যে, ভূমিক লৈ দুই ৰাজ্যৰ মাজত যি বিবাদ চলিছে, সেইয়া অতি শীঘ্ৰে সমাধান হ'ব ৷ এই সন্দৰ্ভত উচ্চ পৰ্যায়ত আলোচনা চলি আছে ৷ উপ-মহাপৰিদৰ্শকগৰাকীয়ে লগতে কয় বৰ্তমান পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰণত আছে ।

Assam ADGP Mukesh Agarwala arrived in Lailapur
সমাধানৰ পথত লায়লাপুৰৰ সমস্যা!

উল্লেখ্য যে, অসম-মিজোৰাম সীমান্তৱৰ্তী লায়লাপুৰত শনিবাৰে সৃষ্টি হৈছিল তীব্ৰ উত্তেজনা ৷ মিজো দুষ্কৃতিকাৰীয়ে অসমৰ তিনিখনকৈ দোকান জ্বলাই দিয়াৰ লগতে বোমা বিস্ফোৰণ কৰাৰ ফলত গুৰুতৰভাবে আহত হৈছিল এজন যুবক । ইয়াৰ পাচতে এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছিল উত্তেজনা ৷ সোমবাৰে এই ঘটনাৰ প্ৰকৃত কাৰণ জানিবলৈ অঞ্চলটোত উপস্থিত হয় অতিৰিক্ত মহাপৰিদৰ্শক মুকেশ আগৰৱালা ৷

অন্য এক খবৰৰ বাবে: দুৰ্গা পূজালৈ মাজত মাথো দুদিন : ব্যস্ত মৃৎশিল্পী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.