ETV Bharat / state

অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী হ’লে খণ্ড-বিখণ্ড হ’ব অসম : প্ৰদীপ দত্ত ৰয়

author img

By

Published : Aug 15, 2020, 2:22 AM IST

Assam Accord 6 Clause, Reaction Advocate Pradip Dutta Roy
6 নং দফাৰ প্ৰতিবেদন ৰাজহুৱা কৰাক লৈ মন্তব্য অধিবক্তা প্ৰদীপ দত্ত ৰয়ৰ

আছুৱে 6 নং দফাৰ প্ৰতিবেদন ৰাজহুৱা কৰা কাৰ্যক অন্যায় তথা বেআইনী আখ্যা প্ৰদীপ দত্ত ৰয়ৰ ৷ আছুৱে যদি জাতীয়তাবাদ ধৰি ৰাখে আৰু অসম চুক্তিৰ ছয় নং ধাৰা যদি বাস্তবায়িত হয় তেন্তে অসম খণ্ড-বিখণ্ড হৈ যাব বুলি বিস্ফোৰক ভাষ্য প্ৰদান কৰে প্ৰদীপ দত্ত ৰয়ে ৷

শিলচৰ, 14 আগষ্ট : অসমক পুনৰ খণ্ড-বিখণ্ড কৰাৰ হুংকাৰ প্ৰদীপ দত্ত ৰয়ৰ ৷ আছুৱে বহু প্ৰত্যাশিত অসম চুক্তিৰ 6 নং দফাৰ প্ৰতিবেদন ৰাজহুৱা কৰাক লৈ সৰব বৰাকৰ বঙালী বুদ্ধিজীৱী গৰাকী ৷ সাংবাদিকৰ আগত কেতবোৰ বিস্ফোৰক মন্তব্য আগবঢ়াইছে বুদ্ধিজীৱীগৰাকীয়ে ৷ কেন্দ্ৰীয় চৰকাৰে ন্যায়ধীশ বিপ্লৱ শৰ্মাৰ নেতৃত্বত গঠন কৰি নিদিয়া কমিটীয়ে কেন্দ্ৰীয় চৰকাৰক প্ৰতিবেদন দিয়াৰ পিচতো চৰকাৰে প্ৰতিবেদন ৰাজহুৱা নকৰাক লৈ আছুৱে ক্ষোভ প্ৰকাশ কৰিছিল আৰু আছুৱে নিজৰ ফালৰ পৰা প্ৰতিবেদন ৰাজহুৱা কৰিছিল ৷

আছুৱে প্ৰতিবেদন ৰাজহুৱা কৰা কাৰ্যক অন্যায় তথা বেআইনী আখ্যা দি মুখ্যমন্ত্ৰীয়ে আছুৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি দাবী জনায় প্ৰদীপ দত্ত ৰয়ে ৷ তেওঁ কয় যে, ‘‘অসম চুক্তিৰ ছয় নং দফাৰ দ্বাৰা প্ৰায় এশ শতাংশই চাকৰি লাভ কৰিব অসমীয়াই ৷ আনকি অসমীয়া মানুহৰ বাদে আনে মাটিৰ অধিকাৰ নাপাব ৷ এই কথাৰ মই তীব্ৰ প্ৰতিবাদ কৰিছোঁ’’ ৷ তাৰোপৰি নানা ভাষী লোকৰ ৰাজ্য বুলি কৈ অসমৰ জাতি-জনগোষ্ঠীক ভাগ ভাগ কৰাৰ চেষ্টা বৰাকৰ বুদ্ধিজীৱী প্ৰদীপ দত্ত ৰয়ৰ ৷

6 নং দফাৰ প্ৰতিবেদন ৰাজহুৱা কৰাক লৈ মন্তব্য অধিবক্তা প্ৰদীপ দত্ত ৰয়ৰ

অসমীয়াক কিয় 80 শতাংশ সংৰক্ষণৰ সুবিধা দিয়া হ’ব বুলি প্ৰশ্ন তুলি তেওঁ কয় যে, এই সন্দৰ্ভত প্ৰয়োজন হ’লে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব ৷ ছয় নং দফা কাৰ্যকৰীকৰণৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান প্ৰদীপ দত্ত ৰয়ৰ ৷ আছুৱে হিন্দু-মুছলিম আৰু অসমীয়া-বাঙালীৰ মাজত বিদ্বেষ সৃষ্টি কৰিছে বুলি মন্তব্য কৰে আইনজীৱী গৰাকীয়ে ৷ আছুৱে যদি জাতীয়তাবাদ ধৰি ৰাখে আৰু অসম চুক্তিৰ ছয় নং ধাৰা যদি বাস্তবায়িত হয় তেন্তে অসম খণ্ড-বিখণ্ড হৈ যাব বুলি বিস্ফোৰক ভাষ্য প্ৰদান কৰে প্ৰদীপ দত্ত ৰয়ে ৷

উল্লেখযোগ্য যে, 1985 চনৰ 14 আগষ্টৰ মাজনিশা অসম আন্দোলনৰ মুখ্য কৰ্ণধাৰ সদৌ অসম ছাত্ৰ সন্থা, কেন্দ্ৰীয় গণ সংগ্ৰাম পৰিষদ আৰু সেই সময়ৰ তদানীন্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ মধ্যস্থতাত স্বাক্ষৰ কৰা হৈছিল ঐতিহাসিক চুক্তি অসম চুক্তি ৷ যিখন চুক্তিৰ 6 নং দফাত অসমীয়া মানুহৰ সাংবিধানিক, আইনগত আৰু প্ৰশাসনিক নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে অসমীয়া সংস্কৃতি, ভাষা, সামাজিক আৰু ঐতিহাসিক ক্ষেত্ৰসমূহৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ কথা উল্লেখ কৰিছিল ৷ কিন্তু অসম চুক্তি ৰূপায়ন হোৱাৰ তিনিটা দশকৰ পিচতো বাস্তৱত চুক্তিৰ দফা সফল ৰূপায়ন নোহোৱাক লৈ ৰাজ্যৰ আছুকে ধৰি বিভিন্ন দল সংগঠন তথা সচেতন ৰাইজে সময়ে সময়ে প্ৰতিবাদ অব্যাহত ৰাখিছিল ৷

লগতে পঢ়ক : এবিএমছুৰ শতাধিক কৰ্মীৰ ইউ পি পি এলত যোগদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.