ETV Bharat / state

শিলচৰত মোবাইল ফোন লৈ উধাও গভাইত চোৰ

author img

By

Published : Nov 9, 2020, 3:15 PM IST

শিলচৰত মোবাইল ফোন লৈ উধাও গভাইত চোৰ
শিলচৰত মোবাইল ফোন লৈ উধাও গভাইত চোৰ

চিচিটিভি কেমেৰা থাকিলেও ব্য়ৱসায়িক প্ৰতিষ্ঠানত চুৰি কৰিবলৈ ভয় নকৰে চোৰে। শিলচৰ চহৰৰ সোনাই ৰোডস্থিত ৰেইনব' ইনফ'টেক নামৰ এখন দোকানৰ পৰা ৪২ হাজাৰ টকা মূল্যৰ মোবাইল ফোন চুৰি। সমগ্ৰ দৃশ্য বন্দী হ'ল চিচিটিভি কেমেৰাত।

শিলচৰ, ৯ নৱেম্বৰ: শিলচৰত মোবাইল চোৰৰ উৎপাত। মোবাইল ক্ৰয়ৰ চলেৰে প্ৰথমে দোকানত প্ৰৱেশ। তাৰ পিছত মোবাইল দেখুৱাবলৈ কৈ কৌশলেৰে লুটি নিলে ৪২ হাজাৰ টকা মূল্যৰ এটা মোবাইল ফোন। শিলচৰ চহৰৰ সোনাই ৰোডস্থিত ৰেইনব' ইনফ'টেক নামৰ এখন দোকানত চুৰিকাণ্ড সংঘটিত হয়। চিচিটিভি কেমেৰাত বন্দী হোৱা দৃশ্যত দেখা গৈছে যে, মুখত মাস্ক আৰু বগা ছাৰ্ট পৰিহিত এজন যুৱকে দোকানখনত প্ৰৱেশ কৰি মোবাইল দেখুৱাবলৈ কৈছে। ইয়াৰ পিছতে দোকানীয়ে ৪২ হাজাৰ টকা মূল্যৰ এটা মোবাইল ফোন তেওঁৰ হাতত দিয়ে।

যুৱকজনে মোবাইলটো হাতত লৈ এনেয়ে চাই থকাৰ দৰে দেখুৱায় আৰু নিজৰ ফোনত আন কাৰোবাৰ সৈতে কথা পাতি থকাৰ অভিনয় কৰে। ফোনত কথা পাতি পাতি দোকানৰ পৰা লোৱা মোবাইলটো হাতত লৈয়ে হঠাৎ দৌৰি ৰাস্তাৰ কাষত থকা এজন সংগীৰ বাইকত উঠি সেই স্থানৰ পৰা পলায়ন কৰে। দোকানী আৰু দোকানত উপস্থিত থকা আন লোকসকলে ঘটনাৰ উমান পোৱাৰ পূৰ্বেই চোৰটোৱে সেই স্থান ত্যাগ কৰে। সমগ্ৰ দৃশ্য বন্দী হ'ল চি চি টিভি কেমেৰাত। সম্প্ৰতি আৰক্ষীৰ কাষ চাপিছে ৰেইনব' ইনফ'টেকৰ স্বত্বাধিকাৰী।

লগতে পঢ়ক:কুপৱাৰাত উদ্ধাৰ অবৈধ অস্ত্ৰঃ সেনাৰ অভিযান অব্যাহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.