ETV Bharat / state

বিদ্যালয়ৰ পৰা বান শিৱিৰ স্থানান্তৰৰ দাবীত শিক্ষাৰ্থীৰ প্ৰতিবাদ

author img

By

Published : Aug 22, 2022, 9:41 PM IST

Students protest demanding opening of school in Bongaigaon
বঙাইগাঁৱত বিদ্যালয় খুলি দিয়াৰ দাবীত ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ

বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম শিক্ষা খণ্ডৰ অন্তৰ্গত তিলপুখুৰী মধ্য ইংৰাজী বিদ্যালয়ত যোৱা তিনি মাহ ধৰি বানাক্ৰান্তলোকে আশ্ৰয় শিবিৰ পাতি বসবাস কৰি আছে । ফলত বন্ধ হৈ আছে বিদ্যালয়খন ৷ শীঘ্ৰেই খহনীয়াগ্ৰস্তলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি বিদ্যালয়খন খুলি দিয়াৰ দাবীৰে আজি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ (Students protest demanding opening of school) ৷

বঙাইগাঁও, 22 আগষ্ট: বান আৰু খহনীয়াই প্ৰতি বছৰে জলা-কলা খুৱাই আহিছে অসমৰ নৈপৰীয়া লোকসকলক (Natural disaster in Assam) ৷ বাৰিষা নৈৰ বুকু উফন্দি উঠিলেই প্লাৱিত হয় নৈৰ দুয়োপাৰৰ বিস্তীৰ্ণ অঞ্চল ৷ বানে ঘৰ-বাৰী, খেতি পথাৰ বুৰাই ব্যাপক ক্ষতি সাধন কৰে ৰাইজৰ (Flood in Assam) ৷ বানৰ পাছত আকৌ ভূতৰ ওপৰত দানৱ পৰাদি খহনীয়াই এফালৰ পৰা ধাঁহি-মুহি নিয়ে খেতি পথাৰ তথা নৈৰ পাৰত বসতি স্থাপন কৰা লোকসকলৰ বাসগৃহ (Erosion hits riverside people in Assam) ৷ ফলত আশ্ৰয় শিবিৰত বসবাস কৰিবলগীয়া হয় খহনীয়াগ্ৰস্ত লোকে ৷ এনেদৰেই প্ৰায় প্ৰতি বছৰে নৈৰ বুকুত লীন হৈ যায় বহুলোকৰ সপোন ৷

শেহতীয়াকৈ, বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম শিক্ষা খণ্ডৰ অন্তৰ্গত তিলপুখুৰী মধ্য ইংৰাজী বিদ্যালয়ত যোৱা তিনি মাহ ধৰি বান তথা খহনীয়াত ক্ষতিগ্ৰস্তলোকে আশ্ৰয় শিবিৰ পাতি বসবাস কৰি আছে । ফলত বন্ধ হৈ আছে বিদ্যালয়খন ৷ বিদ্যালয়খন বন্ধ হৈ থকাৰ ফলত বিদ্যালয়খনত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ এক প্ৰকাৰে চৰম ভাবুকি কঢ়িয়াই আনিছে ৷

বঙাইগাঁৱত বিদ্যালয় খুলি দিয়াৰ দাবীত ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ

উল্লেখ্য যে, যোৱা ২৯ জুলাইত বিভাগীয় কৰ্তৃপক্ষই বিদ্যালয়খন খোলাৰ নিৰ্দেশ দিছে যদিও বিদ্যালয়খনত খহনীয়াগ্ৰস্ত লোকসকলে আশ্ৰয় গ্ৰহণ কৰি থকাত বিদ্যালয়খন খুলিব পৰা নাই (Flood victim took shelter in School at Bongaigaon)। যাৰ বাবে প্ৰায় দুমাহে শিক্ষাৰ পৰা বঞ্চিত হ’ব লগা হৈছে বিদ্যালয়খনত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলে ।

আজি উক্ত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । বিদ্যালয়খনত আশ্ৰয় গ্ৰহন কৰি থকা বানাক্ৰান্ত লোকসকলক শীঘ্ৰেই পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি বিদ্যালয়খন খুলি দিবলৈ ছাত্ৰ-ছাত্ৰীসকলে দাবী জনায় (Students protest demanding opening of school)।

উল্লেখ্য যে, আই নৈৰ খহনীয়াত উটি গৈছে ২ নং বাশবাৰীৰ ১০৯ টা পৰিয়ালৰ বাসগৃহ (Aie River Erosion) ৷ আপোন ঘৰখন হেৰুৱাই অস্থায়ীভাৱে বিদ্যালয়খনত আশ্ৰয় গ্ৰহণ কৰি আছে বানাক্ৰান্তই ।

লগতে পঢ়ক: কলগাছিয়াত গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত কৃষক মুক্তিৰ উদ্যোগত গণ আন্দোলন কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.