ETV Bharat / state

যাত্ৰীবাহী মেজিকে মহতিয়ালে পথচাৰীক

author img

By

Published : Apr 25, 2021, 12:38 PM IST

বঙাইগাঁও জিলাৰ লেংটিছিঙাত দেওবাৰে পুৱা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । নামাজ পঢ়ি ঘৰলৈ ওভতাৰ পথতে 5 গৰাকীকৈ লোকক মহটিয়াই নিলে দ্ৰুতবেগী মেজিকে ।

যাত্ৰীবাহী মেজিকে মহতিয়ালে 5গৰাকী পথাচাৰীক
যাত্ৰীবাহী মেজিকে মহতিয়ালে 5গৰাকী পথাচাৰীক

বঙাইগাঁও,25 এপ্ৰিল: দেওবাৰে পুৱা বঙাইগাঁও জিলাৰ লেংটিছিঙাত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা । ২নং ৰাজ্যিক ঘাইপথত যাত্ৰীবাহী এখন মেজিক বাহনে মহতিয়াই নিয়ে 5 গৰাকী পথচাৰীক । এই দুৰ্ঘটনাত থিতাতে নিহত হয় 2 জন যাত্ৰী আৰু গুৰুতৰভাৱে আহত হয় 3 গৰাকী পথচাৰী ৷

প্ৰাপ্ত তথ্য অনুসৰি, নিহত লোককেইজন হৈছে আখতাৰ হুছেইন আৰু আব্দুল কালাম ৷ আহত কেইগৰাকী হৈছে শ্বেখ ছৈয়দ আহমেদ, আব্দুৰ ৰছিদ আৰু আব্দুল খালেক । ইয়াৰে আব্দুল খালেক লেংটিছিঙা ৰাজীৱ গান্ধী কলেজৰ উপাধ্যক্ষ বুলি চিনাক্ত কৰা হৈছে ।

যাত্ৰীবাহী মেজিকে মহতিয়ালে 5গৰাকী পথাচাৰীক
যাত্ৰীবাহী মেজিকে মহতিয়ালে পথচাৰীক

ৰাতিপুৱা মছজিদত ফজৰ নামাজ পঢ়ি ঘৰলৈ উভতাৰ পথতে সংঘটিত হয় এই পথ দুৰ্ঘটনাটো । ইয়াৰে শ্বেখ ছৈয়দ আহমেদক বঙাইগাঁও লৱাৰ আছাম হাস্পতালত প্ৰাথমিক চিকিৎসা প্ৰদানৰ অন্তত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় ৷ আনহাতে, আব্দুল ৰছিদ আৰু আব্দুল খালেক সম্প্ৰতি অভয়াপুৰী দিনৰাম মেম’ৰিয়েল হাস্পতালত চিকিৎসাধীন হৈ আছে ।

লগতে পঢ়ক: কৰ’ণাতংক: মৰাণহাট ৰে’ল ষ্টেচনত ক’ভিড প্ৰট’কল জাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.