ETV Bharat / state

Assam flood news: টুলুঙা নাঁৱেৰে বিপদসংকুল যাত্ৰা শিক্ষাৰ্থীৰ

author img

By

Published : Jun 24, 2023, 9:55 PM IST

people forced to travel on wrecked boats
টুলুঙা নাঁৱেৰে বিপদসংকুল যাত্ৰা

উত্তৰ অভয়াপুৰী সমষ্টি উন্নয়নৰ ফোপোলা স্বৰূপ, টুলুঙা নাঁৱৰে বিপদসংকুল যাত্ৰা কণ কণ ছাত্ৰ ছাত্ৰীৰ ৷ গুৰুত্ব নাই বিধায়ক আব্দুল বাতিন খন্দকাৰৰ ৷ প্ৰশাসনৰ ওচৰত সহায় ভিক্ষা ৰাইজৰ ৷

people forced to travel on wrecked boats
টুলুঙা নাঁৱৰে বিপদসংকুল যাত্ৰা

বঙাইগাঁও, 24 জুন : যোৱা কিছুদিন ধৰি সমগ্ৰ নামনি অসম বানৰ কৱলত । সমান্তৰালকৈ বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত শৌলমাৰী গাঁওখনো পোকালাগী নৈৰ বানৰ কৱলত পৰিছে । শৌলমাৰী গাওঁখনৰ মাজেৰে বৈ যোৱা পোকালাগী নৈত বিগত ২০ বছৰ ধৰি ৰাইজে প্ৰতিবছৰে প্ৰায় ১ লাখ কৈ টকা খৰচ কৰি এখন বাঁহৰ দলং নিৰ্মাণ কৰি যাতায়ত অব্যাহত ৰাখিছে । কিন্তু যোৱা কিছুদিন আগতে পোকালাগী নৈৰ বাঢ়নী পানীয়ে দলংখন উটুৱাই লৈ যায় । তাৰ পিছতে দুয়ো পাৰৰ শ শ ৰাইজৰ লগতে কণ-কণ ছাত্ৰ-ছাত্ৰীসকলৰ যাতায়ত বন্ধ হৈ পৰে । উপায়ন্তৰ হৈ এজন মাছমৰীয়াৰ টুলুঙা নাঁৱেৰেই প্ৰতিদিনেই পাৰ হ’বলগীয়া হৈছে স্থানীয় ৰাইজৰ লগতে কণ-কণ ছাত্ৰ-ছাত্ৰীসকল ।

people forced to travel on wrecked boats
টুলুঙা নাঁৱৰে বিপদসংকুল যাত্ৰা

টুলুঙা নাঁৱেৰে নৈৰ পাৰ হোৱাৰ সময়তে সংঘটিত হ’ব পাৰে ভয়ংকৰ দুৰ্ঘটনা । গভীৰ পানী থকা নৈ খনত এনেদৰে টুলুঙা নাঁৱৰে ছাত্ৰ-ছাত্ৰীসকল পাৰ হ’বলগীয়া হোৱাত চিন্তিত হৈ পৰিছে অভিভাৱকসকল । মাত্ৰ তিনি চাৰিজনকৈ এবাৰত বহন কৰিব পাৰে নাঁওখনে । এইখন ঠাইত এখন কাঠৰ দলং নিৰ্মাণ কৰি দিবলৈ স্থানীয় বিধায়ক আব্দুল বাতিন খন্দকাৰক ৰাইজে বাৰম্বাৰ অনুৰোধ জনাই আহিছে যদিও আজিলৈকে ই সম্ভৱ হৈ নুঠিল । বিধায়ক আব্দুল বাতিন খন্দকাৰে বিভিন্ন সময়ত দলং নিৰ্মাণ হ’ব বুলি প্ৰলোভন দি আহিছে যদিও এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা লোৱা হোৱা নাই বুলি ৰাইজে জানিবলৈ দিছে ।

people forced to travel on wrecked boats
টুলুঙা নাঁৱেৰে বিপদসংকুল যাত্ৰা

আনকি বানৰ সময়ত যাতায়ত বিচ্ছিন্ন হৈ যোৱা গাঁওখনলৈ বিধায়কে পৰিদৰ্শন কৰিবলৈয়ো অহা নাই বুলি ৰাইজে ক্ষোভ প্ৰকাশ কৰে । এই নৈ খনেৰে প্ৰতিদিনে কেইবাখনো বিদ্যালয় মহাবিদ্যলয়ৰ ছাত্ৰ-ছাত্ৰী নিতৌ পাৰ হ’বলগীয়া হয় । বৰ্তমান যি খন ব্যক্তিগত নাঁও চলি আছে সেয়াও যিকোনো মুহূৰ্ততে বন্ধ হ’ব পাৰে । নৈ খনৰ এটা পাৰত গাখীৰ সংগ্ৰহ কেন্দ্ৰ আছে আৰু আনটো পাৰৰ পৰা প্ৰায় ২০-২৫ জন গো পালকে গাখীৰ লৈ যাব লাগে । যাৰ বাবে বিপদত পৰিছে গো পালকসকলে । সময়ত গাখীৰ লৈ উপস্থিত হ’ব নোৱাৰিলে ঘূৰাই লৈ যাব লগা হয় । প্ৰতিদিনে ৰাইজ তথা ছাত্ৰ-ছাত্ৰীয়ে যিদৰে বিপদসংকুল ভাৱে নৈ পাৰ হ’বলগীয়া হৈছে, তাৰ প্ৰতি বিধায়ক আব্দুল বাতিন খন্দকাৰে তিলমানো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । এতিয়া স্থানীয় ৰাইজে বঙাইগাঁও জিলা প্ৰশাসন তথা অসম চৰকাৰৰ এই গাঁওখনলৈ দৃষ্টি পৰাটো কামনা কৰিছে ।

লগতে পঢ়ক : Elephant menace: নগাঁও জিলাৰ সৰুপথাৰত অব্যাহত বন্যহস্তীৰ সন্ত্ৰাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.