3 বজাৰ শীৰ্ষ দহটা বাতৰি...

author img

By

Published : Sep 14, 2021, 3:03 PM IST

news@3

3 বজাৰ শীৰ্ষ দহটা বাতৰি...

1.নাও দুৰ্ঘটনা: মাজুলীত পুনৰ উদ্ধাৰ এটি মৃতদেহ

মঙলবাৰে পুৱাৰ ভাগত ব্ৰহ্মপুত্ৰৰ জুৱলীত উদ্ধাৰ এটি মৃতদেহ ৷ মাজুলীৰ দক্ষিণ আঁহতগুৰিৰ ভেকেলী চাপৰিত ব্ৰহ্মপুত্ৰৰ বুকুত উদ্ধাৰ এই মৃতদেহটো ৷ মৃতদেহটো নিমাতীৰ নাও দুৰ্ঘটনাত নিৰুদ্দেশ হৈ থকা চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰ বুলি সন্দেহ কৰা হৈছে ৷

2. অখিল গগৈৰ বাবেই থাওৰাত জয়ী হ’ব বিজেপি !

উপ নিৰ্বাচনক লৈ এতিয়া ৰাজ্যৰ ৰাজনৈতিক নেতাসমূহৰ মাজত চলিছে বোকা ছটিওৱাৰ ৰাজনীতি ৷ কংগ্ৰেছ দল আৰু ৰাইজৰ দলে এই নিৰ্বাচনত একলগে প্ৰতিদ্বন্দ্বিতা কৰাৰ আশা কৰা হৈছিল ৷ কিন্তু শেষ মূহুৰ্তত দল দুটাৰ মাজত মিত্ৰতা নোহোৱাত থাওৰাত অকলে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লয় ৰাইজৰ দলে ৷ আনহাতে সুশান্ত বৰগোঁহায়ে বিজেপিত যোগদান কৰাৰ পাছত থাওৰাত এতিয়া নাই কংগ্ৰেছৰ কোনো ধৰণৰ নিৰ্বাচনী কুচকাৱাজ ।

3.মৰাণ মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰত আছু আৰু ABVP ৰ মাজত সংঘাত

চৰাইদেউ জিলাৰ মৰাণ নগৰস্থিত ঐতিহ্যমণ্ডিত মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা ড৹ মিতালী কোঁৱৰক অপসাৰণৰ দাবীত সোমবাৰে পুনৰ উত্তাল হৈ পৰে মৰাণ মহাবিদ্যালয় চৌহদ ৷ মহাবিদ্যালয়খনৰ কেইবাশ ছাত্ৰ-ছাত্ৰীয়ে প্ৰৱেশদ্বাৰত অৱস্থান কৰি বিতৰ্কিত অধ্যক্ষাগৰাকীক মহাবিদ্যালয়ৰ ভিতৰত প্ৰৱেশত বাধা প্ৰদান কৰে ৷

4.নাও দুৰ্ঘটনাৰ ছদিন পিছতহে নিমাতীঘাট পৰিদৰ্শন লুৰিণৰ

নাও দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছৰে পৰা এগৰাকীক বাদ দি আনগৰাকী মন্ত্ৰী, বিষয়া, নেতাৰ সোঁত বৈছে নিমাতীঘাটলৈ ৷ মঙলবাৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ উপস্থিত হয় নিমাতীঘাটত ৷ লুৰিণজ্যোতি গগৈয়ে নিমাতীঘাটত চৰকাৰৰ অকৰ্মণ্যতাৰ বাবে এই নাও দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ কৰে ৷

5.তৃণমূল, চিপিআইএমে সাম্প্ৰদায়িকতা বিয়পাইছে : বিপ্লৱ দেৱ

সোমবাৰে দলীয় এক ৰেলীত অংশগ্ৰহণ কৰি তৃণমূল কংগ্ৰেছ আৰু চিপিআই(এম)ৰ বিৰুদ্ধে সৰৱ হৈ পৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ ৷ দুয়োটা দলে ৰাজ্যখনত সাম্প্ৰদায়িকতা বিয়পাবলৈ চেষ্টা কৰা বুলি অভিযোগ বিপ্লৱ দেৱৰ ৷

6.সংবাদ প্ৰতিষ্ঠানক আক্ৰমণৰ ঘটনাক সমালোচনা বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ

আগৰতলাত সংবাদ প্ৰতিষ্ঠানৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাক নিন্দা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ ৷ এই কাৰ্যৰে জড়িত থকা দলক নিজে আগুৱাই আহি দোষীৰ বিৰুদ্ধে অনুশাসনসমূলক ব্যৱস্থা গ্ৰহণৰ দাবী ত্ৰিপুৰাৰ বিজেপি বিধায়ক সুদীপ ৰয় বৰ্মনৰ ৷

7.দহটা দাবীৰে ভট্টদেৱ বিশ্ববিদ্যালয়ত আছুৰ প্ৰতিনিধি দল

ভট্টদেৱ বিশ্ববিদ্যালয়ৰ(Bhattadev University) পূৰ্বৰ শৈক্ষিক পৰিৱেশ ঘূৰাই অনাৰ দাবীৰে বিশ্ববিদ্যালয় কৰ্তৃপক্ষলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে আছুৰ(AASU)ৰ এক সঁজাতি দলে ৷ বিশ্ববিদ্যালয়খনৰ কাম-কাজ পৰিচালনা কৰাৰ ক্ষেত্ৰত উপাচাৰ্যগৰাকী ব্যৰ্থ হোৱা বুলি মন্তব্য কৰে সঁজাতি দলটোৱে ৷

8.পাৰঘাটৰ পৰা ঘৰলৈ উভতিব নোৱাৰি সহস্ৰাধিক যাত্ৰীৰ মাজত হাহাকাৰ

ধুবুৰীৰ লঞ্চ ঘাটত(Launch Ghat) যাত্ৰীৰ মাজত হাহাকাৰ ৷ ফেৰী সেৱা বন্ধ কৰি দিয়াৰ বাবে ঘৰলৈ উভতিব পৰা নাছিল দক্ষিণ পাৰৰ যাত্ৰীসকলে ৷ অৱশেষত পাৰঘাটত জিলা উপায়ুক্ত উপস্থিত হৈ বিভিন্ন প্ৰান্তৰ যাত্ৰীসকলক ঘৰলৈ পঠোৱাৰ ব্যৱস্থা কৰে ।

9.বিশ্বকৰ্মাৰ প্ৰতিমাত অন্তিম বোল দিয়াত ব্যস্ত মৃণ্ময় শিল্পী

বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজালৈ যিমানে দিন চমু চাপিছে, সিমানে বৃদ্ধি পাইছে মৃণ্ময় শিল্পীৰ ব্যস্ততা । কৰ’ণাৰ পৰিৱেশ কিছু শাম কটাৰ লগে লগে মৃণ্ময় শিল্পীৰ তৎপৰতা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে । নলবাৰী জিলাৰ প্ৰাণকেন্দ্ৰস্বৰূপ হৰিমন্দিৰত সদানন্দ কলিতাৰ নেতৃত্বত কেইবাগৰাকীও শিল্পীয়ে বিশ্বকৰ্মাৰ মূৰ্তি সাজি উলিয়াইছে ।

10.বাসুগাঁৱত পৌৰসভা গঠনক কেন্দ্ৰ কৰি উত্তাল প্ৰতিবাদ

বাসুগাঁও পৌৰসভা গঠনৰ(Basugaon Municipal Board) লগতে পৌৰসভা পৰিচালনা সমিতিৰ সভাপতি পদৰ নিযুক্তিক কেন্দ্ৰ কৰি দল-সংগঠন আৰু ৰাইজৰ উত্তাল প্ৰতিবাদ ৷ বাসুগাঁও পৌৰ এলেকাৰ বাহিৰৰ মানুহক সভাপতি পদ দিয়াৰ বাবে ক্ষুব্ধ স্থানীয় ৰাইজ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.