বাসুগাঁৱত পৌৰসভা গঠনক কেন্দ্ৰ কৰি উত্তাল প্ৰতিবাদ

author img

By

Published : Sep 14, 2021, 1:50 PM IST

public protest for basugaon municipal board issue

বাসুগাঁও পৌৰসভা গঠনৰ(Basugaon Municipal Board) লগতে পৌৰসভা পৰিচালনা সমিতিৰ সভাপতি পদৰ নিযুক্তিক কেন্দ্ৰ কৰি দল-সংগঠন আৰু ৰাইজৰ উত্তাল প্ৰতিবাদ ৷ বাসুগাঁও পৌৰ এলেকাৰ বাহিৰৰ মানুহক সভাপতি পদ দিয়াৰ বাবে ক্ষুব্ধ স্থানীয় ৰাইজ ৷

চিৰাং, 14 ছেপ্তেম্বৰ : চিৰাঙৰ বাসুগাঁও পৌৰসভা কাৰ্যালয়ৰ সন্মুখত দল-সংগঠন আৰু ৰাইজৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী । বাসুগাঁও পৌৰসভা গঠনৰ(Basugaon Municipal Board) লগতে পৌৰসভা পৰিচালনা সমিতিৰ সভাপতি পদক কেন্দ্ৰ কৰি সাব্যস্ত কৰা হয় এই প্ৰতিবাদ ৷

public protest for basugaon municipal board issue
বাসুগাঁৱত পৌৰসভা গঠনক লৈ প্ৰতিবাদ

বাসুগাঁও পৌৰ এলেকাৰ অন্তৰ্গত লোকক বঞ্চিত কৰি নীতি-বহিৰ্ভূতভাৱে পৌৰ এলেকাটোৰ বাহিৰৰ ব্যক্তি তথা ইউপিপিএল(UPPL) দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মাউথি ব্ৰহ্ম হাজোৱাৰীক বাসুগাঁও পৌৰসভা পৰিচালনা সমিতিৰ সভাপতি পদত নিযুক্তি দিয়া হয় ৷ এই সিদ্ধান্তৰ বিৰুদ্ধে ক্ষুব্ধ হৈ প্ৰতিবাদৰ লগতে সৰ্বাত্মক বন্ধৰ ঘোষণা কৰে প্ৰতিবাদকাৰীসকলে ৷

বাসুগাঁও পৌৰ এলেকাৰ বাহিৰৰ মানুহক বাসুগাঁও পৌৰসভাৰ সভাপতি হিচাপে কেতিয়াও মানি নলয় পৌৰসভাৰ অন্তৰ্গত ৰাইজে ৷ বাসুগাঁও পৌৰসভাৰ সভাপতি যিকোনো জনগোষ্ঠী বা ৰাজনৈতিক দলৰে নেতা নহওক কিয়, তাত কোনো আপত্তি নাই ৰাইজৰ ৷ কিন্তু তেওঁ বাসুগাঁৱৰ স্থানীয় বাসিন্দাই হ’ব লাগিব । বাসুগাঁও পৌৰসভাৰ বাহিৰৰ মানুহক সভাপতি হিচাপে গ্ৰহণ নকৰে ৰাইজে ৷

public protest for basugaon municipal board issue
বাসুগাঁৱত পৌৰসভা গঠনক লৈ প্ৰতিবাদ

উল্লেখ্য যে, চিৰাং জিলাৰ তিনিটা পৌৰসভাৰ দুটাই ইউপিপিএল দলে দখল কৰিছে ৷ গতিকে মিত্ৰতাত থাকি বাসুগাঁও পৌৰসভাখন বিজেপি দলক এৰিব লাগিছিল যদিও সেয়া নকৰাত খোদ বিজেপি কৰ্মীসকলো প্ৰতিবাদমুখৰ হোৱা পৰিলক্ষিত হয় ৷ বিটিআৰৰ(BTR) মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ নেতৃত্বত বিটিআৰত চৰকাৰ গঠন কৰাৰ 9 মাহ অতিক্ৰম কৰাৰ পাচতো আজিলৈকে বাসুগাঁও পৌৰসভা পৰিচালনা সমিতি গঠন নকৰাৰ বাবে ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ।

লগতে পঢ়ক: লখিমপুৰত ৰে’লৱে এমপ্ল’য়িজ ইউনিয়নৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.