দহটা দাবীৰে ভট্টদেৱ বিশ্ববিদ্যালয়ত আছুৰ প্ৰতিনিধি দল

author img

By

Published : Sep 14, 2021, 2:22 PM IST

aasu-visited-to-bhattadev-university
ভট্টদেৱ বিশ্ববিদ্যালয়ত আছুৰ প্ৰতিনিধি দল ()

ভট্টদেৱ বিশ্ববিদ্যালয়ৰ(Bhattadev University) পূৰ্বৰ শৈক্ষিক পৰিৱেশ ঘূৰাই অনাৰ দাবীৰে বিশ্ববিদ্যালয় কৰ্তৃপক্ষলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে আছুৰ(AASU)ৰ এক সঁজাতি দলে ৷ বিশ্ববিদ্যালয়খনৰ কাম-কাজ পৰিচালনা কৰাৰ ক্ষেত্ৰত উপাচাৰ্যগৰাকী ব্যৰ্থ হোৱা বুলি মন্তব্য কৰে সঁজাতি দলটোৱে ৷

পাঠশালা, 14 ছেপ্তেম্বৰ: বজালীস্থিত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ(Bhattadev University) পূৰ্বৰ শৈক্ষিক পৰিৱেশ ঘূৰাই অনাৰ বাবে দহটা দাবীৰে বিশ্ববিদ্যালয় কৰ্তৃপক্ষলৈ স্মাৰক পত্ৰ প্ৰেৰণ সদৌ অসম ছাত্ৰ সন্থা(AASU)ৰ সন্মিলনীৰ ৷ পূৰ্বৰ ঐতিহ্যমণ্ডিত বজালী মহাবিদ্যালয়ে(Bajali College) এতিয়া ভট্টদেৱ বিশ্ববিদ্যালয়ৰূপে পৰিচিত হোৱাৰ পাচতো আজিও বিশ্ববিদ্যালয়খনে নাপালে পূৰ্ণাংগ ৰূপ ।

ভট্টদেৱ বিশ্ববিদ্যালয়ত আছুৰ প্ৰতিনিধি দল

দীৰ্ঘদিন ধৰি চলি থকা কেতবোৰ শৈক্ষিক দিশৰ সমস্যা ঘাইকৈ বিশ্ববিদ্যালয়ৰ কেইবাটাও বিষয় কৰ্তন কৰা, অনলাইন পাঠদান কৰি অফলাইন পৰীক্ষা অনুষ্ঠিত কৰা, উপাচাৰ্যৰ লগতে বহুকেইগৰাকী শিক্ষক-শিক্ষয়িত্ৰীৰ অনিয়মীয়া উপস্থিতি আদি সমস্যাসমূহক বিষয় হিচাপে লৈ সোমবাৰে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় আছু ।

বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ অনুপস্থিতিত আছুৰ দলটোৱে পঞ্জীয়ক আৰু কেইবাগৰাকী শিক্ষক-শিক্ষয়িত্ৰীৰ লগত সমস্যাসমূহৰ আলোচনা কৰি পঞ্জীয়কৰ হাতত অৰ্পণ কৰে দহটা দাবী সম্বলিত এক স্মৰকপত্ৰ ।

শীঘ্ৰেই ছাত্ৰ-ছাত্ৰীৰ সমস্যা সমাধান কৰাৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক আহ্বান জনাই আছুৰ সঁজাতি দলটোৱে উপাচাৰ্যক বিশ্ববিদ্যালয় পৰিচালনা কৰাৰ ক্ষেত্ৰত ব্যৰ্থ বুলি মন্তব্য কৰে । উক্ত কাৰ্যসূচীত উপস্থিত থাকে আছুৰ কেন্দ্ৰীয় সমিতিৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা, কাৰ্যালয় সম্পাদক সমুদ্ৰ পাটগিৰি, নলবাৰী জিলা ছাত্ৰ সন্থাৰ প্ৰতিনিধি, বাক্সা আৰু বৰপেটা জিলা ছাত্ৰ সন্থাৰ প্ৰতিনিধিৰ লগতে পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্যসকল ৷

লগতে পঢ়ক: তেজপুৰৰ ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী প্ৰক্ৰিয়া আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.