তেজপুৰৰ ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী প্ৰক্ৰিয়া আৰম্ভ

author img

By

Published : Sep 14, 2021, 12:26 PM IST

Voter list correction procedure starts at Tezpur

ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী প্ৰক্ৰিয়া আৰম্ভ হৈছে তেজপুৰ নিৰ্বাচনী জিলাত । সোমবাৰে উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক সংবাদমেলত জিলা নির্বাচনী বিষয়া তথা জিলাখনৰ উপায়ুক্ত ভূপেশ চন্দ্র দাসে এই কথা সদৰি কৰে । ২০২১ চনৰ ১ নৱেম্বৰত ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ কৰা হ'ব ।

তেজপুৰ, ১৪ ছেপ্তেম্বৰ : তেজপুৰ নিৰ্বাচনী জিলাৰ অন্তৰ্গত আটাইকেইটা বিধানসভা সমষ্টিৰ ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী প্রক্রিয়া জিলাখনত আৰম্ভ কৰা হৈছে । ভাৰতীয় নিৰ্বাচনী আয়োগে নিৰ্ধাৰণ কৰি দিয়া সময়সূচী অনুসৰি চলিত বৰ্ষৰ ৩১ অক্টোবৰত সংক্ষিপ্ত সংশোধনীৰ প্ৰাৰম্ভিক কাম সম্পন্ন কৰি ১ নৱেম্বৰত ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ কৰা হ'ব ।

সোমবাৰে উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক সংবাদমেলত জিলা নির্বাচনী বিষয়া তথা জিলাখনৰ উপায়ুক্ত ভূপেশ চন্দ্র দাসে এই কথা সদৰী কৰে ৷ খচৰা প্ৰকাশ পোৱাৰ পাছত দাবী আৰু আপত্তি দাখিল প্রক্রিয়াৰ বাবে ‌১ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈ সময় নিৰ্ধাৰণ কৰি দিয়া হৈছে ৷ চলিত বৰ্ষৰ ২০ ডিচেম্বৰৰ ভিতৰত সকলো দাবী, আপত্তি নিস্পত্তি কৰি ২০২২ বৰ্ষৰ ৫ জানুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব ৷

এই বিশেষ সংক্ষিপ্ত সংশোধনী প্রক্রিয়া জিলাখনত ইতিমধ্যে আৰম্ভ কৰা হৈছে ৷ আগন্তুক সময়চোৱাত ভোটাৰ তালিকাত এনেধৰণৰ নাম অন্তৰ্ভুক্তিৰ ক্ষেত্রত বিশেষ পর্যবেক্ষণৰ লগতে যুক্তিসংগতভাৱে ভুল শুধৰণি, ভোটগ্ৰহণ কেন্দ্ৰৰ ৰেশ্যনেলাইজেশ্যন, সকলো ধৰণৰ জমা থকা প্ৰ-পত্ৰ নিষ্পত্তি কৰা আদি বিষয়সমূহো বিশেষ সংশোধনী প্ৰক্ৰিয়াৰ প্ৰাৰম্ভিক কাম-কাজত সামৰি লোৱা হ'ব বুলি উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে ।

উল্লেখ্য যে, ভোটাৰ তালিকাত নাম ভৰ্তি আৰু সংশোধনীৰ প্ৰক্ৰিয়া বছৰজুৰি www.nvsp.in যোগে চলি থাকে । জিলাখনৰ যিসকল লোকৰ ২০২২ চনৰ ১ জানুৱাৰীত ১৮ বছৰ সম্পূর্ণ হʼব তেওঁলোকক নতুন ভোটাৰ হিচাপে নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ জিলা নির্বাচনী বিষয়া ভূপেশ চন্দ্র দাসে আহ্বান জনায় ।

লগতে পঢ়ক: তৃণমূল, চিপিআইএমে সাম্প্ৰদায়িকতা বিয়পাইছে : বিপ্লৱ দেৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.