ETV Bharat / state

Manikpur missing incident : মাণিকপুৰ পৰা নিৰুদ্দেশ দুটি শিশুসহ মাতৃ

author img

By

Published : Jun 1, 2022, 2:28 PM IST

পুনৰ নিৰুদ্দশৰ ঘটনা ৷ এইবাৰ বঙাইগাঁৱৰ পৰা নিৰুদ্দেশ হৈ আছে এগৰাকী মহিলাসহ দুই শিশু (Mother with two children missing from Manikpur) ৷ নিৰুদ্দেশ হোৱা মবিলাগৰাকী নোৱাগাঁৱৰ পৰা মাজম আলীৰ পত্নী ৰাশিদা খাতুন তেওঁৰ দুই সন্তান মাসুমা খাতুন আৰু আলামিন আলী বুলি জানিব পৰা গৈছে ৷

Manikpur missing incident
মাণিকপুৰ পৰা নিৰুদ্দেশ দুটি শিশুসহ মাতৃ

মাণিকপুৰ, 1 জুন : বঙাইগাঁৱত অঘটন ৷ বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বাশবাৰী গাঁৱৰ পৰা নিৰুদ্দেশ হৈছে দুই সন্তানৰ মাতৃসহ দুটি শিশু (Mother with two children missing from Manikpur) ৷ এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ৷

তথ্য অনুসৰি, বিগত 29 মে’ত বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত নোৱাগাঁৱৰ পৰা মাজম আলীৰ পত্নী ৰাশিদা খাতুন আৰু তেওঁৰ দুই সন্তান মাসুমা খাতুন আৰু আলামিন আলী নিৰুদ্দেশ হৈ আছে । ঘটনাৰ বিৱৰণি অনুসৰি, স্বামী গৃহৰ পৰা বিয়লি প্ৰায় 5বজাত ঘৰৰ পৰা মাণিকপুৰ হৈ নোৱাগাঁৱলৈ গৈ আছিল ৷

সেই সময়ৰ পৰাই নিৰুদ্দেশ হৈ আছে ৰাশিদা খাতুন আৰু তেওঁৰ দুই সন্তান ৷

লগতে পঢ়ক : কাকীত তিনিদিনৰ পিছত উদ্ধাৰ বিদ্যালয়লৈ গৈ নিৰুদ্দেশ হোৱা কিশোৰী

ইফালে বহু সময়লৈকে ৰাশিদা খাতুন আৰু তেওঁৰ দুই সন্তানৰ কোনো খা-খবৰ নোপোৱাত চিন্তিত হৈ পৰে পৰিয়ালটো ৷ বহু বিচাৰ খচাৰ কৰাৰ অন্তটো ভুক্তভোগী পৰিয়ালটোৱে ৰাশিদা খাতুন আৰু তেওঁৰ দুই সন্তানৰ কোনো খবৰ নোপোৱাত কাষ চাপে আৰক্ষীৰ ৷ মানিকপুৰ আৰক্ষী থানাত এই ঘটনা সন্দৰ্ভত দাখিল কৰে এক এজাহাৰ ৷

মাণিকপুৰ পৰা নিৰুদ্দেশ দুটি শিশুসহ মাতৃ

কিন্তু বৰ্তমানলৈকে আৰক্ষী তথা পৰিয়ালবৰ্গই ৰাশিদা খাতুন আৰু তেওঁৰ দুই সন্তানৰ কোনো খা-খবৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ উপায়ন্তৰ হৈ এতিয়া ভুক্তভোগী পৰিয়ালটোৱে কাষ চাপে সংবাদ মাধ্যমৰ ৷ যদি কোনো লোকে নিৰুদ্দেশ হোৱা বোৱাৰীগৰাকীৰ লগতে তেওঁৰ দুটি সন্তানৰ কোনো সম্ভেদ লাভ কৰে, তেন্তে 9864807060/ 6001688715 নম্বৰত নাইবা মাণিকপুৰ আৰক্ষী থানাত যোগাযোগ কৰিবলৈ ভুক্তভোগী পৰিয়ালটোৱে আহ্বান জনাইছে ।

লগতে পঢ়ক : বিহালীৰ পৰা নিৰুদ্দেশ হোৱা দুগৰাকী কিশোৰীক উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.