ETV Bharat / state

আই নদীৰ বানে বুৰাইছে বঙাইগাঁৱৰ বিস্তৃৰ্ণ অঞ্চল

author img

By

Published : Aug 16, 2021, 6:11 PM IST

manikpur-flood-etv-bharat-assam
আই নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে অধিক সংখ্যক গাঁও

আই নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে বঙাইগাঁও জিলাৰ 50 খনৰো অধিক গাঁও । বিধায়ক আব্দুল বাতেন খন্দকাৰৰ নিজ গাঁওখনতে বানৰ কবলত পৰি হাহাকাৰ কৰিছে বন্যাৰ্ত সকলে । কিন্তু খবৰ লোৱাৰ সময় নাই বিধায়কৰ ।

বঙাইগাঁও, 16 আগষ্ট : মানিকপুৰত বানৰ তাণ্ডৱ । আই নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে 50 খনৰো অধিক গাঁও । একঁকাল পানীৰ তলত 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে কীৰ্তনপাৰা ডাংগাইগাঁও সংযোগী পকী পথ । তৃতীয় দিনাও ভূটানৰ কুৰিশ্বো বান্ধৰ পানী এৰি দিয়াত আই আৰু মানাহ নদীৰ পানী ফেনে ফুটুকাৰে বাঢ়ি অহাত এক মহা প্ৰলয়ৰ সৃষ্টি হয় ।

আই নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে অধিক সংখ্যক গাঁও

আনহাতে গৰাখহনীয়াৰ কৱলত পৰিছে নৈপৰীয়া সকল । শ শ কৃষিভূমিৰ উপৰিও নদীত জাহ গৈছে কেইবাটাও পৰিয়ালৰ ঘৰ-মাটি । আই নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে শ শ লোকৰ ঘৰ দুৱাৰৰ লগতে হাজাৰ হাজাৰ বিঘা কৃষিভূমি । ৰাস্তা-ঘাট, চিকিৎসালয়, অনুষ্ঠান-প্ৰতিষ্ঠান সকলো পানীৰ তলত। বহু লোকে ঘৰ দুৱাৰ এৰি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে । খাদ্য সংকটত ভুগিছে বহু পৰিয়ালৰ লগতে পশুধন ।

ইমানৰ পিচতো খবৰ ল’বলৈ আহৰি নাই জিলা প্ৰশাসন তথা জনপ্ৰতিনিধিৰ । বিধায়ক আব্দুল বাতেন খন্দকাৰৰ নিজ গাঁওখনতে বানৰ কবলত পৰি হাহাকাৰ কৰিছে বন্যাৰ্তই । কিন্তু খবৰ লোৱাৰ সময় নাই বিধায়কৰ ।

ইপিনে বঙাইগাঁও জিলাৰ উত্তৰ অভায়াপুৰী সমষ্টিটোৰ মাজেৰে বৈ যোৱা আই নদীৰ তীব্ৰ সোঁতে ব্যাপক খহনীয়াৰ সৃষ্টি কৰিছে । জিলা খনৰ সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত বালাৰপেট আৰু টিলাপাৰাত এদিনতো উটুৱাই নিলে কুৰিটাৰো অধিক পৰিয়ালৰ ঘৰ-দুৱাৰ, ভেটি-মাটি ।

ৰাজহুৱা মছজিদ, 247 নং বালাৰপেট ভাণ্ডাৰা প্ৰাথমিক বিদ্যালয়খনো গৰাখহনীয়াৰ কবলত পৰিছে । শ শ বিঘা কৃষিভূমি ইতিমধ্যে নদীত জাহ গৈছে । ইমানৰ পিছতো কিন্তু বালাপেট, টিলাপাৰা বাসীৰ খবৰ ল’বলৈ আহৰি নাই স্থানীয় বিধায়ক আব্দুল বাতেন খন্দকাৰৰ লগতে জিলা প্ৰশাসনৰ ।

লগতে পঢ়ক:কলগাছিয়াত অব্যাহত বেকী নৈৰ খহনীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.