ETV Bharat / state

Protest rally demanding manikpur as sub district:গণতান্ত্ৰিক দেশত নাগৰিকে কৰিব নোৱাৰে গণতান্ত্ৰিক আন্দোলন!

author img

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 2:05 PM IST

বঙাইগাঁও জিলাৰ মাণিকপুৰক উপ জিলা ঘোষণা কৰাৰ দাবীত শুকুৰবাৰে ৰাষ্ট্ৰীয় ঘাইপথৰে শ শ ৰাইজৰ প্ৰতিবাদী পদযাত্ৰা । মাণিকপুৰৰ পৰা বঙাইগাঁও জিলা আয়ুক্ত কাৰ্যালয় লৈ এই যাত্ৰা । গেৰুকাবাৰী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীৰ বেৰিকেড লগাই বাধা প্ৰদান পদযাত্ৰা কাৰীক ।

Manikpur Massive Rally Update
বঙাইগাঁও জিলাৰ মাণিকপুৰক উপ জিলা ঘোষণা কৰাৰ দাবী

বঙাইগাঁও জিলাৰ মাণিকপুৰক উপ জিলা ঘোষণা কৰাৰ দাবী

মাণিকপুৰ, 13 অক্টোবৰ : বঙাইগাঁও জিলাৰ মাণিকপুৰক উপ জিলা ঘোষণা কৰাৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথৰে বৃহৎ পদযাত্ৰা বাহিৰ কৰে মাণিকপুৰবাসী ৰাইজে । মাণিকপুৰৰ পৰা বঙাইগাঁও জিলা আয়ুক্ত কাৰ্যালয়লৈ পদযাত্ৰা কৰি মুখ্যমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ উদ্দেশ্যেৰে এই যাত্ৰা কৰিছিল । এমাহজোৰা ধাৰাবাহিকভাৱে আন্দোলনৰ অন্তত শুকুৰবাৰৰ ৰাতিপুৱা ৭-৩০ বজাত মাণিকপুৰ অৰ্ধ সাপ্তাহিক বজাৰ গৃহৰ পৰা বঙাইগাঁও আয়ুক্ত কাৰ্যালয় লৈ পদযাত্ৰা কৰা হয় ।

শ শ পুৰুষ মহিলাই এই পদযাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰে । আশী বছৰীয়া বৃদ্ধায়ো পদযাত্ৰাত অংশ লয় । উল্লেখ্য যে, মাণিকপুৰক প্ৰথম অৱস্থাত সমষ্টি হিচাপে চৰকাৰে ঘোষণা কৰিছিল যদিও পৰৱৰ্তী সময়ত সেইয়া প্ৰত্যাহাৰ কৰে । ফলত উপ জিলাৰ পৰাও বঞ্চিত হয় মাণিকপুৰবাসী ৰাইজ । মন কৰিবলগীয়া যে, মাণিকপুৰৰ পৰা আৰম্ভ কৰা এই পদযাত্ৰা প্ৰায় তিনি ঘন্টা সময় ধৰি দহ কিলোমিটাৰ পদ খোজ কাঢ়ি গৈ থাকোঁতে প্ৰতিবাদকাৰীক গেৰুকাবাৰী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে বাধা প্ৰদান কৰে । আৰক্ষীৰ বাধা প্ৰদানত মাণিকপুৰবাসীয়ে লাজ পাইছে বুলি দাবী সমিতিৰ সদস্যই ক্ষোভ উজাৰে ।

এমাহৰ পিচতো মুখ্যমন্ত্ৰীয়ে মাণিকপুৰবাসীক সাক্ষাৎ নকৰিলে। বাধা প্ৰদানস্থলীত জিলা আয়ুক্ত নৱদ্বীপ পাঠক, দণ্ডাধীশ ৰিতামণী দাস আৰু বঙাইগাঁও জিলাৰ উপ আৰক্ষী অধীক্ষক লুনা সোণোৱালৰ উপস্থিতিত উপ-জিলা দাবী সমিতিৰ লগত মিলিত হৈ আয়ুক্তই উল্লেখ কৰে যে, ‘বঙাইগাঁৱত নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া চাইকেল বিতৰণৰ বাবে ন হাজাৰৰ পৰা দহ হাজাৰ ছাত্ৰ-ছাত্ৰী সমাৱেশ হৈছে । এই সমাৱেশৰ প্ৰতি লক্ষ্য ৰাখি পৰিস্থিতিয়ে যাতে ভয়াৱহ ৰূপ ধাৰণ নকৰে তাৰ বাবে মাণিকপুৰ ৰাইজৰ দাবীক সন্মান জনাই মই নিজেই সোঁ-শৰীৰে আপোনালোকৰ পৰা স্মাৰক পত্ৰ গ্ৰহণৰ বাবে উপস্থিত হৈছো’ ।

আলোচনা মৰ্মে পাঁচ জন প্ৰতিনিধি নিৰ্বাচিত কৰি বঙাইগাঁৱলৈ আহিবলগীয়া অসমৰ লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগত আলোচনা কৰাৰ বাবে লৈ যায় জিলা আয়ুক্তই । লগতে তেওঁ মুখ্যমন্ত্ৰীলৈ প্ৰদান কৰিবলগীয়া স্মাৰক পত্ৰ গ্ৰহণ কৰে । জিলা আয়ুক্ত আৰু উপ জিলা দাবী সমিতিৰ লগত আলোচনা মৰ্মে দাবী সমিতিয়ে সাত দিনৰ সময় সীমা বান্ধি দিয়ে । সময়সীমাৰ ভিতৰত মুখ্যমন্ত্ৰী আলোচনাত মিলিত নহ’লে ইয়াতকৈ ভয়াৱহ জংগী আন্দোলনৰ হুংকাৰ দিয়ে মাণিকপুৰ উপ জিলা দাবী সমিতিয়ে ।

লগতে পঢ়ক : Protest rally demanding manikpur as sub district: মাণিকপুৰক উপ-জিলা ঘোষণা কৰাৰ দাবীত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.