ETV Bharat / state

বঙাইগাঁও জিলাৰ ডুমেৰগুৰীত আই নদীত নিৰুদ্দেশ কৃষক

author img

By

Published : Sep 28, 2020, 11:06 PM IST

Farmar drown at aai river at Bongaigaon
বঙাইগাঁও জিলাৰ ডুমেৰগুৰীত আই নদীত নিৰুদ্দেশ কৃষক

আই নদীত সলিল সমাধি বঙাইগাঁও জিলাৰ লেংটিছিঙাৰ ডুমেৰগুৰীৰ স্থায়ী বাসিন্দা আনছেৰ আলী (৪৫) ৷

বঙাইগাঁও, 28 ছেপ্তেম্বৰ: আই নদীত সলিল সমাধি বঙাইগাঁও জিলাৰ লেংটিছিঙাৰ ডুমেৰগুৰীৰ স্থায়ী বাসিন্দা আনছেৰ আলী (৪৫) ৷ সোমবাৰে পুৱা আনুমানিক 7.40 বজাত ঘৰৰ ওচৰতে থকা আই নৈৰ সিপাৰে নিজৰ এহাল গৰু চৰাবলৈ নৈ পাৰ হৈ যোৱাৰ সময়তে নদীত ডুব যায় ব্যক্তিজন । লগে লগে প্ৰত্যক্ষদৰ্শীয়ে নাৱেৰে উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে যদিও উদ্ধাৰ কৰিব নোৱাৰাত এচডিআৰএফ বাহিনীক খবৰ দিয়া হয়। ঘটনাস্থলীত উপস্থিত হৈ এচডিআৰএফ বাহিনীয়ে অভিযান চলাই যদিও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই লোক জনক ৷

বঙাইগাঁও জিলাৰ ডুমেৰগুৰীত আই নদীত নিৰুদ্দেশ কৃষক

নিৰুদ্দেশ হোৱা আনছেৰ আলীৰ পৰিয়ালক চৰকাৰীভাৱে এককালীন আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ চৰকাৰলৈ আহ্বান জনাইছে আমছু ৰ উত্তৰ শালমাৰা জিলা সমিতিয়ে ৷

লগতে পঢ়কঃ বি টি আৰ চুক্তিক লৈ সৰৱ বিপিএফ নেত্ৰী মুন মুন ব্ৰহ্ম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.