ETV Bharat / state

Desi Janagustio Mancho Delegation-Meeting: বঙাইগাঁৱত অনুষ্ঠিত মঞ্চৰ প্ৰতিনিধি সভা

author img

By

Published : Nov 29, 2021, 11:02 PM IST

দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ নতুন সমিতি গঠন ৷ সমছেদ তব্ৰিজ ফকিৰক সভাপতি আৰু মনোৱাৰ হুছেইনক সম্পাদক হিচাপে হৈ গঠন কৰা হয় নতুন সমিতিখন । দেশী জনগোষ্ঠীয় যুৱ ছাত্ৰ মঞ্চৰ আগন্তুক জিলা অধিৱেশনলৈ বাহাল থাকিব পুৰণা সমিতিখন ।

Desi Janagustio Mancho Delegation-Meeting: বঙাইগাঁৱত অনুষ্ঠিত মঞ্চৰ প্ৰতিনিধি সভা
বঙাইগাঁৱত দেশী জনগোষ্ঠীয় মঞ্চৰ প্ৰতিনিধি সভা

বঙাইগাঁও, 29 নৱেম্বৰ : পশ্চিম অসমৰ ৯ খন জিলাত দেশী জনগোষ্ঠীৰ বাবে সংৰক্ষণৰ দাবী জনাইছে জলেশ্বৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক মাইনুদ্দিনে । মাণিকপুৰৰ বাশবাৰীত দেশী জনগোষ্ঠীৰ বঙাইগাঁও জিলা অধিবেশনত অংশলৈ এই দাবী জনাই প্ৰাক্তন বিধায়কগৰাকীয়ে ৷ উল্লেখ্য যে, বঙাইগাঁও জিলা দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ প্ৰতিনিধি সভা আৰু দেশী জনগোষ্ঠীয় যুৱ ছাত্ৰ মঞ্চ অসমৰ অভিৱৰ্তন (Desi Janagustio Mancho delegation meeting)খন সোমবাৰে অনুষ্ঠিত হয় ।

অধিবেশনত জলেশ্বৰৰ প্ৰাক্তন বিধায়ক মাইনুদ্দিনে দেশীয় জনগোষ্ঠীক খিলঞ্জীয়া আখ্যা দিয়া, এন আৰ চিৰ পৰা বাদ পৰাসকলক অন্তৰ্ভুক্ত কৰা, সমষ্টি ৰিজাৰ্ভ কৰা, লোকগণনা আদিৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় । উত্তৰ অভয়াপুৰী বিধানসভা সমষ্টি বিধায়ক আব্দুল বাতেন খন্দকাৰ উপস্থিত থাকে । উক্ত দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ উপ সভাপতি মজমুল হক যোদ্ধাই সভাপতিত্ব কৰা সভাখনত বঙাইগাঁও জিলাৰ পুৰণা কমিটিখন ভংগ কৰি নতুন সমিতি গঠন কৰা হয় । অধিবেশনত নৱ নিৰ্বাচিত সমিতিখনৰ সভাপতি হিচাপে সমছেদ তব্ৰিজ ফকিৰ আৰু সম্পাদক হিচাপে মনোৱাৰ হুছেইনক নিৰ্বাচিত কৰা হয় ।

Desi Janagustio Mancho Delegation-Meeting: বঙাইগাঁৱত অনুষ্ঠিত মঞ্চৰ প্ৰতিনিধি সভা

সভাতেই বঙাইগাঁও জিলা দেশী জনগোষ্ঠীয় যুৱ ছাত্ৰ মঞ্চ অসমৰ পুৰণা সমিতিখন আগন্তুক জিলা অধিৱেশনলৈ বাহাল থাকিব বুলি সিদ্ধান্ত লোৱা হয় । উক্ত সভাখনত দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ কেন্দ্ৰীয় সমিতিৰ পৰ্যবেক্ষকদ্বয়ৰ লগতে উপ-সভাপতি নাছিৰুদ্দিন আহমেদ আৰু সাংগঠনিক সম্পাদক ছানোৱাৰ আলম উপস্থিত থাকে ৷ আনহাতে সভাত দেশী জনগোষ্ঠীয় যুৱ ছাত্ৰ মঞ্চ অসমৰ হৈ পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ সম্পাদক মুজাহিদুল ইছলাম, সহকাৰী সম্পাদক ৰিজাউল ইছলাম আৰু প্ৰচাৰ সম্পাদক ৰবিউল আলী ।

লগতে পঢ়ক : Jorhat-Majuli Bridge : আজি খুঁটা পোতা কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.