ETV Bharat / state

মাণিকপুৰত চি পি আই(এম)ৰ অৱস্থান ধৰ্মঘট

author img

By

Published : Sep 24, 2021, 1:24 PM IST

বিজেপি চৰকাৰক জন বিৰোধী আখ্যা দি বঙাইগাঁও জিলাৰ মাণিকপুৰত চি পি আই(এম)ৰ প্ৰতিবাদ । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ ১০ দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ । মাণিকপুৰ বজাৰ গৃহত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে দলটোৰ মাণিকপুৰ আঞ্চলিক সমিতিৰ প্ৰায় শতাধিক সদস্যই ।

CPIM protest in Manikpur
মাণিকপুৰত চি পি আই এমৰ অৱস্থান ধৰ্মঘট

বঙাইগাঁও, ২৪ ছেপ্টেম্বৰ : বৃহস্পতিবাৰে বঙাইগাঁও জিলাৰ মাণিকপুৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে চি পি আই(এম)ৰ মাণিকপুৰ আঞ্চলিক সমিতিৰ কৰ্মকৰ্তাসকলে । মূল্যবৃদ্ধি ৰোধকে ধৰি কেইবাটাও দাবীত শতাধিক সদস্যই মাণিকপুৰ বজাৰ গৃহত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । দলটোৱে বিজেপি চৰকাৰক ব্যৰ্থ আৰু জন বিৰোধী চৰকাৰ আখ্যা দিয়ে ।

ধৰ্মঘটৰ অন্তত মাণিকপুৰ ৰাজহ চক্ৰ কাৰ্যালয়লৈ সমদল উলিয়ায় প্ৰতিবাদকাৰীসকলে । মাণিকপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ ৰাজহ চক্ৰ বিষয়াগৰাকীৰ জৰিয়তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ ১০ দফীয়া দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰীসকলে ।

খাদ্য সামগ্ৰী আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰা, আয়কৰৰ আওতাত নপৰা সকলো পৰিয়ালকে চাউল, দাইল, আটা, চেনীৰ যোগান ধৰা, লকডাউনত বিপৰ্যস্ত হোৱা পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰা, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ প্ৰতিষ্ঠানক আৰ্থিক সাহায্য আগবঢ়োৱা, বান-খহনীয়া সমস্যাৰ স্থায়ী সমাধান কৰাকে ধৰি মুঠ ১০টা দাবী স্মাৰকপত্ৰখনত উল্লেখ কৰা হৈছে ।

লগতে স্মাৰকপত্ৰখনত ৰাজহুৱা খণ্ডক বেচৰকাৰীকৰণ বন্ধ কৰা, লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰ বেচৰকাৰীকৰণৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰা, কৃষি বিৰোধী তিনিখন কৃষি আইন বাতিল কৰাকে ধৰি ১০টা দাবী উল্লেখ কৰা হৈছে । এই দাবীসমূহ শীঘ্ৰে পূৰণ নকৰিলে পুনৰ আন্দোলন সাব্যস্ত কৰাৰ হুংকাৰ দিয়ে দলটোৱে ।

লগতে পঢ়ক: বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত বাগিচাৰ শ্ৰমিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.