ETV Bharat / state

বঙাইগাঁৱত বেংকৰ সন্মুখত গ্ৰাহকৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিলে ৭.৯৪ লাখ টকা

author img

By

Published : Nov 27, 2020, 7:01 PM IST

bongaigaon-mony-snatching-of-7-dot-94-lac
বঙাইগাঁৱত বেংকৰ সন্মুখত গ্ৰাহকৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিলে ৭.৯৪ লাখ টকা

বঙাইগাঁও বৰপাৰাৰ মেচাৰ্চ বজ্ৰং ট্ৰেডিং কোম্পানীৰ দুই কৰ্মচাৰীয়ে শুকুৰবাৰে পুৱা বৰোদা বেংকত ৭.৯৪ লাখ টকা থবলৈ যাওতেই বেংকৰ প্ৰৱেশদ্বাৰৰ পৰাই ধনখিনি কাঢ়ি লৈ উধাও হয় দুৰ্বৃত্ত ‌।

বঙাইগাঁও, 27 নৱেম্বৰ : বঙাইগাঁৱৰ বৰোদা বেংকৰ সন্মুখৰ পৰা শুকুৰবাৰে পুৱা ১০.৩০ বজাত দুৰ্বৃত্তই দুজন লোকৰ পৰা কাঢ়ি নিলে ৭.৯৪ লাখ টকা। বঙাইগাঁও বৰপাৰাৰ মেচাৰ্চ বজ্ৰং ট্ৰেডিং কোম্পানীৰ দুই কৰ্মচাৰীয়ে শুকুৰবাৰে পুৱা বৰোদা বেংকত ৭.৯৪ লাখ টকা থবলৈ যাওতেই বেংকৰ প্ৰৱেশদ্বাৰৰ পৰাই ধনখিনি কাঢ়ি লৈ উধাও হয় দুৰ্বৃত্ত ‌। বাইকত অহা দুৰ্বৃত্তই কৰ্মচাৰী দুজনে লৈ যোৱা টকাৰ বেগটো কাঢ়ি পলায়ন কৰে ।

বঙাইগাঁৱত বেংকৰ সন্মুখত গ্ৰাহকৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিলে ৭.৯৪ লাখ টকা

এই ঘটনাৰ পাছতে বঙাইগাঁও চহৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বেংকৰ সন্মুখত নাছিল কোনো চিচিটিভি কেমেৰা নথকাৰ ফলত ক্ষোভিত হৈ পৰে বেংকখনৰ গ্ৰাহক সকল । বৰ্তমান ঘটনা সংক্ৰান্তত আৰক্ষীয়ে তদন্ত চলাই আছে যদিও এই পৰ্যন্ত ধনৰ বেগ লৈ উধাও হোৱা দুৰ্বৃত্তৰ কোনো শুংসুত্ৰ উলিয়াব পৰা নাই আৰক্ষীয়ে ৷
লগতে পঢ়ক: নিবনুৱা সমস্যাঃ ভাস্কৰ আৰু ৰবিয়ে দেখিছে আত্মনিৰ্ভৰশীলতাৰ সপোন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.