ETV Bharat / state

নিবনুৱা সমস্যাঃ ভাস্কৰ আৰু ৰবিয়ে দেখিছে আত্মনিৰ্ভৰশীলতাৰ সপোন

author img

By

Published : Nov 27, 2020, 1:48 PM IST

Updated : Nov 27, 2020, 2:16 PM IST

কৰ্ম সংস্থাপনৰ অভাৱত ৰাজ্যৰ একাংশ যুৱক যুৱতীয়ে দিকবিদিক হেৰুওৱাৰ সময়তে এখন সাধাৰণ ৰেষ্টুৰেন্টেৰে স্বাৱলম্বী হোৱাৰ সপোন দেখিছে ধেমাজীৰ যুৱকে ৷ নিবনুৱা সমস্যাৰে জৰ্জৰিত ৰাজ্যখনত চৰকাৰী চাকৰিমুখী নহৈ কম মূলধনেৰে ব্যৱসায় আৰম্ভ কৰি আত্মনিৰ্ভৰশীলতাৰ দিশে খোজ দিছে ধেমাজীৰ ভাস্কৰ আৰু ৰবিয়ে ৷

নিবনুৱা সমস্যাৰ মাজতে ভাস্কৰ আৰু ৰবিয়ে দেখিছে আত্মনিৰ্ভৰশীলতাৰ সপোন
নিবনুৱা সমস্যাৰ মাজতে ভাস্কৰ আৰু ৰবিয়ে দেখিছে আত্মনিৰ্ভৰশীলতাৰ সপোন

ধেমাজী, 27 নৱেম্বৰ: নিবনুৱা সমস্যাৰে জৰ্জৰিত অসমত ৰাজ্যৰ অধিকাংশ যুৱক যুৱতীয়ে কৰ্ম সংস্থাপনৰ অভাৱত হতাশগ্ৰস্ত হৈ পৰাৰ সময়তে আত্মনিৰ্ভৰশীলতাৰ এক নিদৰ্শন দাঙি ধৰিছে ধেমাজীৰ এগৰাকী উদ্যমী যুৱক ভাস্কৰ বৰগোঁহাইয়ে ৷ চৰকাৰী চাকৰি লাভ কৰাৰ অপেক্ষাত একাংশ নিবনুৱা যুৱক যুৱতীৰ দৰে আশাহত হৈ নপৰি অতি কম মূলধনেৰেও যে আত্মনিৰ্ভৰশীল হ'ব পাৰি যুৱক গৰাকীয়ে তাৰে নিদৰ্শন দাঙি ধৰিছে ৷ ইটোৰ পাছত সিটো দুৰ্যোগৰ লগতে ক'ৰণা অতিমাৰীয়ে ৰাজ্যৰ লগতে দেশৰ অৰ্থব্যৱস্থা প্ৰায় কোঙা কৰি পেলোৱাত বহুসংখ্যক লোক কৰ্মহীন হৈ পৰাৰ মাজতে এখন সাধাৰণ ৰেষ্টুৰেন্টৰ ব্যৱসায়েৰে ভাস্কৰে আত্মনিৰ্ভৰশীল হোৱাৰ আশা বুকুত বান্ধি আগবাঢ়িছে ৷

ৰেষ্টুৰেন্টৰ ব্যৱসায়েৰে নিজৰ লগতে আনৰো সংস্থাপনৰ সপোন দেখিছে ধেমাজীৰ যুৱকে

প্ৰায় এমাহ পূৰ্বে অতি কম মূলধনেৰে ধেমাজীৰ কলেজ তিনিআলি চকত ভাস্কৰে বি জি ৰেষ্টুৰেন্ট নামেৰে এখন ৰেষ্টুৰেন্ট খুলি নিজাকৈ ক্ষুদ্ৰ ব্যৱসায়ৰ আৰম্ভ কৰিছে ৷ নিজৰ লগতে ৰেষ্টুৰেন্টখনৰ সহায়কাৰী হিচাপে অন্য এগৰাকী যুৱক ৰবিৰ বাবেও সংস্থাপনৰ বাট মুকলি কৰি ভাস্কৰে এতিয়া এই কথা প্ৰমাণ কৰিছে যে এখন সাধাৰণ ৰেষ্টুৰেন্ট বহুজনৰ বাবে জীয়াই থকাৰ সম্বল হৈ থিয় দিব পাৰে ৷

ভাস্কৰে জানিবলৈ দিয়ে যে ৰেষ্টুৰেন্টখন আটকধুনীয়াকৈ নিৰ্মাণ কৰিব নোৱাৰিলেও তেওঁলোকে গ্ৰাহকৰ সুবিধাৰ্থে বাঁহেৰেই 5 টা সৰু সৰু কোঠা নিৰ্মাণ কৰিছে লগতে ৰেষ্টুৰেন্টখন পৰিস্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে ৷ তেওঁৰ লগতে ৰেষ্টুৰেন্ট খনত সহায়কাৰী হিচাপে কাম কৰা ৰবিৰ পৰিয়ালটোৱেও জীয়াই থকাৰ বাবে সকাহ লাভ কৰাত তেওঁ যথেষ্ট সুখী অনুভৱ কৰিছে বুলিও ভাস্কৰে জানিবলৈ দিয়ে ৷

ৰেষ্টুৰেণ্টৰখনত সহায়কাৰী হিচাপে কাম কৰা ৰবিয়ে জানিবলৈ দিয়ে যে ৰেষ্টুৰেন্টখনত তেওঁলোকে কোনো ধৰণৰ জাক জমকতা কৰিব নোৱাৰিলেও গ্ৰাহকক সুস্বাদু আৰু উৎকৃষ্ট খাদ্য যোগান দিয়াৰ বাবে প্ৰয়াস কৰিছে ৷ তেওঁ জানিবলৈ দিয়ে যে বৰ্তমান ৰেষ্টুৰেন্টখনত মাছ, মাংস, ভাতৰ লগতে চাউমিন, ৰ'ল, মোমো জাতীয় খাদ্য তেওঁলোকে উপলব্ধ কৰিছে ৷ অন্যান্য গ্ৰাহকৰ লগতে কলেজীয়া ছাত্ৰ ছাত্ৰী সকলকো তেওঁলোকৰ ৰেষ্টুৰেন্টখনে আকৰ্ষিত কৰিব বুলি যুৱক দুগৰাকীয়ে আশা প্ৰকাশ কৰে ৷

চৰকাৰী চাকৰি লাভৰ আশাত বিভিন্ন পৰীক্ষা সমূহত অৱতীৰ্ণ হৈও চৰকাৰী নিযুক্তিৰ নামত সংঘটিত দুৰ্নীতি দেখি হতাশাত ভোগা কৰ্মহীন নিবনুৱা যুৱক যুৱতী সকলৰ বাবে ভাস্কৰ আৰু ৰবিয়ে লোৱাৰ দৰে এনে পদক্ষেপে নিশ্চয়কৈ এক আশাৰ ৰেঙনি কঢ়িয়াই আনিব বুলি আশা কৰিব পাৰি ৷

লগতে পঢ়ক:প্ৰয়াত তৰুণ গগৈৰ সৈতে থকা স্মৃতি সোঁৱৰণ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

Last Updated : Nov 27, 2020, 2:16 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.