ETV Bharat / state

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিঃ বঙাইগাঁওতো কৃষক মুক্তিৰ প্ৰতিবাদ

author img

By

Published : Nov 3, 2020, 7:24 PM IST

bongaigaon-kmss-protest
অত্যাৱশ্যকীয় সামগ্ৰীৰ মুল্যবৃদ্ধিঃ বঙাইগাঁওত কৃষক মুক্তিৰ প্ৰতিবাদ

ৰাজ্যৰ অন্যান্য় প্ৰান্তৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে বঙাইগাঁওতো উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যই । যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ গৃহ সমষ্টিতে মন্ত্ৰী জনৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ।

বঙাইগাঁও, 3 নৱেম্বৰ : ৰাজ্যৰ অন্যান্য় প্ৰান্তৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে বঙাইগাঁওতো উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যই ।

bongaigaon-kmss-protest
অত্যাৱশ্যকীয় সামগ্ৰীৰ মুল্যবৃদ্ধিঃ বঙাইগাঁওত কৃষক মুক্তিৰ প্ৰতিবাদ

যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ গৃহ সমষ্টিতে মন্ত্ৰী জনৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ জনালে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে । মঙলবাৰে যোগান মন্ত্ৰী ফণীভূষণ চৌয়ধুৰীৰ পুত্তলিকাত আলু- পিঁয়াজৰ মালা পিন্ধাই অভিনৱ প্ৰদ্ধতিৰে প্ৰতিবাদ সাব্যস্ত কৰে বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ।

bongaigaon-kmss-protest
অত্যাৱশ্যকীয় সামগ্ৰীৰ মুল্যবৃদ্ধিঃ বঙাইগাঁওত কৃষক মুক্তিৰ প্ৰতিবাদ
সম্প্ৰতি প্ৰায়বোৰ অত‍্যাৱশ্যকীয় সামগ্ৰীৰ মূল‍্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত চৰকাৰ সম্পুৰ্ণ ৰূপে ব‍্যৰ্থ হৈ পৰিছে তথা চৰকাৰৰ ব‍্যাৰ্থতা ঢাকি জনসাধাৰণৰ মনযোগ অন্যফালে নিয়াৰ চেষ্টাৰে বিভিন্ন ধৰণৰ অনাহক বিতৰ্কৰ সুচনা কৰিছে চৰকাৰে । যিকোনো প্ৰক্ৰিয়াৰে ধৰ্মীয় মেৰুকৰণ কৰি নতুবা নতুন নতুন ইছ‍্যুৰ সৃষ্টিৰে বিজেপিয়ে আকৌ অহা ২০২১ৰ বিধান সভা নিৰ্বাচনৰ বৈতৰণি পাৰ কৰাৰ চেষ্টা চলাইছে বুলি অভিযোগ উত্থাপন কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা-সদস্যই । লগতে পঢ়ক: গুৱাহাটী বিশ্ববিদ্যালয়ত আছুৰ কেন্দ্ৰীয় সমিতিৰ অন্তিম কাৰ্যনিৰ্বাহক বৈঠক
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.