ETV Bharat / state

বিজনীৰ ৰজাদিনীয়া লক্ষ্মী মন্দিৰৰ দান পাত্ৰ লৈ উধাও চোৰ

author img

By

Published : Oct 29, 2019, 11:10 PM IST

বিজনীৰ ৰজাদিনীয়া লক্ষ্মী মন্দিৰৰ দান পাত্ৰ লৈ উধাও চোৰ

বিজনীৰ ঐতিহাসিক শ্ৰীশ্ৰী লক্ষ্মী মন্দিৰত চুৰিকাণ্ড ৷ বিজনী থানাৰ গাতে লাগি থকা ৰজাদিনীয়া মন্দিৰত চুৰি কাৰ্য সংঘটিত হোৱাত তীব্ৰ প্ৰতিক্ৰিয়া ৷

চিৰাং, 29 অক্টোবৰঃ চিৰাঙৰ বিজনীত 128 বছৰ গঢ়কা ঐতিহাসিক শ্ৰীশ্ৰী লক্ষ্মী মন্দিৰত চুৰিকাণ্ড ৷ বিজনী থানাৰ গাতে লাগি থকা ৰজাদিনীয়া মন্দিৰত চুৰি কাৰ্য সংঘটিত হোৱাত তীব্ৰ প্ৰতিক্ৰিয়া ৷ বিজনীৰ ঐতিহাসিক লক্ষ্মী মন্দিৰৰ পিছফালে থকা গ্ৰীলৰ তলা ভাঙি চোৰৰ দলে ভিতৰত প্ৰৱেশ কৰি দান পাত্ৰটো লুটি নিয়ে ৷ পুৱাৰ ভাগত মন্দিৰ চোৱা-চিতা কৰা লোকজনে দৰ্জাৰ তলা ভঙা প্ৰত্যক্ষ কৰে ৷ বিষয়টো মন্দিৰ পৰিচালনা সমিতিক অৱগত কৰাৰ পিছত পৰৱৰ্তী সময়ত আৰক্ষীক বিষয়টো জনোৱা হয় ৷ অৱশ্যে মন্দিৰৰ ভিতৰত থকা বাকী সা-সম্পত্তি আৰু মুৰ্তি আদি অক্ষত অৱস্থাত আছে বুলি উল্লেখ কৰে স্থানীয় ৰাইজে ৷ উল্লেখ্য যে ছয় মাহ পূৰ্বেও বিজনীৰ এই মন্দিৰটোত চুৰি কাৰ্য সংঘটিত হৈছিল ৷ থানাৰ সন্মুখতে চোৰে ধন লুট কৰি নিয়াৰ পিছতো আৰক্ষীৰ নিৰ্লিপ্ত ভূমিকাক লৈ ৰাইজে ধিক্কাৰ জনোৱা পৰিলক্ষিত হৈছে ৷

বিজনীৰ ৰজাদিনীয়া লক্ষ্মী মন্দিৰৰ দান পাত্ৰ লৈ উধাও চোৰ

আৰু পঢ়কঃ নেপালী পৰ্বতাৰোহীৰ নৱ অভিলেখঃ 7 মাহত 14 টাকৈ শৃংগ আৰোহণ

Intro:আজি গোৰ্খা সকলৰ ভাতৃ দ্বিতীয় টিকাত জিলা প্ৰশাসনৰ বন্ধ


Body:আজি গোৰ্খা জনগোষ্ঠী লোক সকলৰ ভাতৃ দ্বিতীয় টিকা । সেয়ে ৰাজ্য চৰকাৰে ৭ খন জিলাত বন্ধ ঘোষণা কৰাত উৎফুল্লিত হৈ পৰিছে গোৰ্খা জনগোষ্ঠীৰ লোক সকল । জানিব পৰা মতে গোৰ্খা জনগোষ্ঠীৰ লোক সকল উমো পঞ্চমকত প্ৰথম দিনাখন কাউৰী পূজা ,দ্বিতীয়দিনা কুকুৰা পূজা,তৃতীয় দিনা গাইগৰু ,চতুৰ্থ দিনা বলোধ গৰু আৰু পঞ্চম দিনা তথা অন্তিম দিনটোত ভাতৃ টিকা লগোৱা হয় । ভাতৃ, ভগ্নীৰ সম্পৰ্ক সদৃশ কৰি ৰখাৰ প্ৰয়াসৰে গোৰ্খা জনগোষ্ঠীৰ লোকসকলে পৰম্পৰাগত ভাৱে যুগ যুগ ধৰি এই ভাই টিকা লগোৱা উৎসৱ পালন কৰি আহিছে । এই ভাই টিকা উৎসৱলৈ ভাতৃয়ে ভগ্নীৰ ঘৰলৈ সাত সাগৰ তেৰ নৈ পাৰহৈ হলেও মৰমৰ উপহাৰ লৈ উপস্থিত হয় ভগ্নীৰ ঘৰত । যত আজি আমি এই ভাতৃ ভগ্নীৰ মৰম চেনেহৰ এই বিৰল দৃশ্য বন্দী কৰিবলৈ সক্ষম হৈছোঁ ।


Conclusion:তেনেতে আজি বাক্সা জিলাৰ তামুলপুৰ মহকুমাত বাস কৰা বিভিন্ন প্ৰান্তৰ গোৰ্খা জনগোষ্ঠী লোক সকলৰ ভাতৃ ভগ্নীৰ মহান উৎসৱটিত ভগ্নীয়ে ভাতৃক সাত ৰঙীন ফোট লগাই নিজৰ নিজৰ সামৰ্থ্য অনুসৰি ভগ্নীয়ে ভাতৃক উপহাৰৰ টোপাল দিয়া পৰিলক্ষিত হয় ।


ভাষ্য :


বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.