ETV Bharat / state

TMC Office opening at Abhayapuri :এ আই ইউ ডিএফক বিজেপিৰ B টিম আখ্য়া ৰিপুণ বৰাৰ

author img

By

Published : Jul 4, 2023, 4:42 PM IST

অভয়াপুৰীত অসম তৃণমূল কংগ্ৰেছৰ বঙাইগাঁও জিলা কাৰ্যালয়ৰ শুভ উদ্বোধন । ইয়াৰ পিচতেই সভাপতি ৰিপুণ বৰাই এ আই ইউ ডিএফক তীব্ৰ সমালোচনা কৰে ।

TMC preparation for Lok Sabha polls
অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা

অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা

বঙাইগাঁও, ৪ জুলাই: আগন্তুক ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যত ইতিমধ্য়েই ব্যাপক তৎপৰ হৈছে তৃণমূল কংগ্ৰেছ । ৰাজ্য়ৰ বিভিন্ন জিলাত ইতিমধ্য়ে সমাপ্ত হৈছে তৃণমূল কংগ্ৰেছৰ মাণ্ডলিক প্ৰশিক্ষণ । সমান্তৰালভাৱে দলীয় কাম-কাজ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ স্থাপন কৰা হৈছে কাৰ্যালয় । ইয়াৰ মাজতেই দলটোৱে বঙাইগাঁও জিলাত মুকলি কৰিলে দলীয় কাৰ্যালয় ।

বঙাইগাঁও জিলাৰ অভয়াপুৰীত অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা পুনৰ চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে । অসম তৃণমূল কংগ্ৰেছৰ বঙাইগাঁও জিলা কাৰ্যালয়ৰ শুভ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰিপুণ বৰাই চৰকাৰৰ লগতে এ আই ইউ ডিএফক তীব্ৰ সমালোচনা কৰে । অসম তৃণমূল কংগ্ৰেছৰ বঙাইগাঁও জিলা কাৰ্যালয়ৰ শুভ উদ্বোধনী অনুষ্ঠানৰ পিচতেই তেওঁ বিজেপি দলক তীব্ৰ ভাষাৰে সমালোচনা কৰে ।

অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কয় যে আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিৰোধী শক্তি একত্ৰিত হৈছে । অৱশ্য়ে এই বিৰোধী শিবিৰত এ আই ইউ ডিএফক চামিল নকৰা সন্দৰ্ভত ৰিপুন বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এ আই ইউ ডিএফ হ'ল বিজেপিৰ বি টিম । ২০২১ চনত অসমৰ বিধানসভা নিৰ্বাচনত বিজেপি বিৰোধী মহাজোঁটবন্ধনত এ আই ইউ ডিএফ চামিল আছিল যদিও নিৰ্বাচনত মহাজোঁটবন্ধন পৰাজিত হোৱাৰ পিছতেই এ আই ইউ ডিএফে স্থিতি সলনি কৰি বিজেপিক সমৰ্থন কৰে । তেওঁ কয় যে এ আই ইউ ডিএফে এতিয়া বিজেপিৰ বি টিম হৈ কাম কৰি আছে ।

অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই পুনৰ কয় যে বিজেপি বিৰোধী শক্তি একত্ৰিত হোৱাৰ বাবে সকলো বিৰোধী দল এক হৈ আছে । এ আই ইউ ডিএফ এতিয়া একাংশ মুছলমান লোকৰ মাজত আছে বুলি কয় তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই । কিন্তু মুছলমান লোকসকলেও এতিয়া বুজি পাইছে তেওঁলোকৰ শত্ৰু বিজেপিৰ সমৰ্থনত এ আই ইউ ডিএফ দলে কাম কৰি আছে । সেয়েহে এইবাৰ লোকসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে ৰাইজে ভোট দিব‌ । এ আই ইউ ডিএফে আগন্তুক লোকসভা নিৰ্বাচনত কোনো প্ৰভাৱ পেলাব নোৱাৰে বুলি কয় অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ।

লগতে পঢ়ক:Assam education department: প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ দাবীত সংগৃহীত গণস্বাক্ষৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.