ETV Bharat / state

Assam flood situation:বঙাইগাঁৱত আই নৈৰ ভয়ংকৰ ৰূপ

author img

By

Published : Jul 13, 2023, 7:04 PM IST

আই নৈয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে বঙাইগাঁও জিলাত ৷ নৈখনৰ পানীয়ে উটুৱাই লৈ যায় মটৰচাইকেল সহ আৰোহীক ৷

Manikpur Flood Update
আই নৈৰ বাঢ়নী পানীয়ে লৈছে ভয়ংকৰ ৰূপ

আই নৈৰ বাঢ়নী পানীয়ে লৈছে ভয়ংকৰ ৰূপ

বঙাইগাঁও, 13 জুলাই : বঙাইগাঁৱত আই নৈয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । আই নৈৰ পানীয়ে উটুৱাই লৈ যায় মটৰচাইকেল সহ আৰোহীক । পিচত স্থানীয় ৰাইজৰ তৎপৰতাত বাইক আৰোহীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় বাইকখন ।

উল্লেখ্য যে, আই নৈৰ পানীয়ে মাণিকপুৰ আৰু সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত ২০ খনৰো অধিক গাওঁ জলমগ্ন কৰিছে । আই নৈৰ পানী বঙাইগাঁও-কীৰ্ত্তনপাৰাৰ পকী পথৰ ওপৰেদি বাগৰাৰ ফলত দুই ঠাইত পথ ছিগিছে । বাশবাৰী আৰু তিলপুখুৰীতো ছিগিল পকী পথ । ফলত বৃহত্তৰ অঞ্চলৰ ৰাইজৰ যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিছে ।

পানীৰ সোঁত তীব্ৰতৰ হোৱাৰ বাবেই এজন লোকক মটৰচাইকেল সহ বাঢ়নী পানীয়ে উটুৱাই লৈ যায় । উল্লেখ্য যে, ভূটানৰ পানী এৰি দিয়াৰ ফলত এতিয়া বানে ভয়ংকৰ ৰূপ ধাৰণ কৰাত নৈপৰীয়া ৰাইজে যমৰ যাতনা ভূগিবলগীয়া হৈছে । কোনো ধৰণৰ আগজাননী নিদিয়াকৈ ভূটানৰ পানী এৰি দিয়াত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে । গৰু,ম’হ,হাঁহ,পাৰ,ছাগলী আদি পোহনীয়া জীৱ-জন্তুৰ বাবে ওখ ঠাই বিচাৰি হাবাথুৰি খাই ফুৰিবলগীয়া হৈছে বানাক্ৰান্তই। অভাৱ ঘটিছে পহু ধনৰ খাদ্যৰ ।

বানাক্ৰান্তই দুবেলা দুমুঠি খাবলৈ নাপাই ভীতিগ্ৰস্ত হৈ পৰিছে । নাই চিকিৎসাৰ ব্যৱস্থা। বেমাৰত ছটফটাই ফুৰিছে শিশুসকল। বিশুদ্ধ খোৱা পানীৰ অভাৱত নদীৰ পানীকে খাব লগা হৈছে । বাতৰি যুগুত কৰা সময়লৈকে জিলা প্ৰশাসনৰ তৰফৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই । ইতিমধ্যে গৰাখহনীয়াৰ কবলত পৰি কেইবাটাও পৰিয়ালৰ বাসগৃহ ভেটি-মাটি নদীত জাহ গৈছে । গৰাখহনীয়াৰ প্ৰতিৰোধৰ বাবে কোনো ধৰণৰ উল্লেখনীয় ব্যৱস্থা বৰ্তমানলৈকে গ্ৰহণ কৰা দেখা পোৱা নাই । বানাক্ৰান্ত সকলে জিলা প্ৰশাসন আৰু চৰকাৰক সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ।

লগতে পঢ়ক : Manikpur Flood Update: বানৰ কবলত মাণিকপুৰ আৰু সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত 20 খনৰো অধিক গাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.