ETV Bharat / state

অত‍্যাৱশ‍্যকীয় সামগ্ৰীৰ অভাৱ দূৰীকৰণৰ আশ্বাস দিলে মুখ্যমন্ত্ৰীয়ে !

author img

By

Published : Mar 30, 2020, 4:45 PM IST

লক্ ডাউনৰ পৰিস্থিতিৰ বুজ ল'বলৈ বঙাইগাঁৱত উপস্থিত মুখ‍্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। অত‍্যাৱশ‍্যকীয় সামগ্ৰীৰ অভাৱ দূৰীকৰণৰ সকলো ব‍্যৱস্থা গ্ৰহণৰ আশ্বাস মুখ্যমন্ত্ৰীৰ।

অত‍্যাৱশ‍্যকীয় সামগ্ৰীৰ অভাৱ দূৰীকৰণৰ আশ্বাস দিলে মুখ্যমন্ত্ৰীয়ে
অত‍্যাৱশ‍্যকীয় সামগ্ৰীৰ অভাৱ দূৰীকৰণৰ আশ্বাস দিলে মুখ্যমন্ত্ৰীয়ে

চিৰাং, 30 মাৰ্চ : ভয়াৱহ কৰ'ণা ভাইৰাছৰ পৰা দেশবাসীক ৰক্ষাৰ বাবে লক্ ডাউন চলি থকাৰ সময়তে বঙাইগাঁও জিলাৰ পৰিস্থিতিৰ বুজ লোৱাৰ বাবে জিলাখনত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰীক সংগ দিয়ে যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে । গোৱালপাৰাৰ পৰা পোনে পোনে যোগীঘোপা হৈ মুখ্যমন্ত্ৰীজন বঙাইগাঁৱৰ অসামৰিক চিকিৎসালয়লৈ যায় । চিকিৎসালয়খনৰ শেহতীয়া পৰিস্থিতিৰ বুজ লয় মুখ্যমন্ত্ৰী সোণোৱালে । তাৰ পিচতে জিলা উপায়ুক্তৰ কাৰ্যালয়ত জিলাখনৰ সকলো বিভাগৰ বৰমুৰীয়া সকলৰ সৈতে এখন সভাত মিলিত হয় মুখ্যমন্ত্ৰী । বিশেষ কৈ এই সময়ত স্বাস্থ্যবিভাগ,আৰক্ষী তথা জিলা প্ৰশাসনৰ সৈতে সভাত মিলিত হোৱাৰ পিচত মুখ্যমন্ত্ৰী জনে সংবাদ মাধ্যমক সম্বোধন কৰে । এই দুৰ্যোগৰ সময়ত সাংবাদিক সকলে কৰা কামৰ শলাগ লোৱাৰ লগতে ধন্যবাদ জনায় মুখ্যমন্ত্ৰী সোণোৱালে । ইয়াৰ লগতে সকলো লোককে সামাজিক দূৰত্ব বজাই ৰাখি লক্ ডাউন মানি চলাৰ আহ্বান জনায় ।

বঙাইগাঁৱত লক্ ডাউনৰ পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰী সোণোৱালে

বঙাইগাঁও জিলাৰ পৰিস্থিতি বুজ লৈ সকলো ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশনা দিয়ে সৰ্বানন্দ সোণোৱালে । অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগানৰ ক্ষেত্ৰত চৰকাৰে সকলো ধৰণৰ ব্যৱস্থা কৰিব বুলি মুখ্যমন্ত্ৰীৰ আশ্বাস । বহিঃৰাজ্যত থকা অসমীয়া লোকৰ থকা-খোৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও জানিবলৈ দিয়ে । বঙাইগাঁও জিলাৰ পৰিস্থিতিৰ বুজ লৈ গাড়ীৰে মুখ‍্যমন্ত্ৰী পোনে পোনে বৰপেটালৈ যায় । লক্ ডাউনৰ সময়ত পৰিস্থিতিৰ বুজ ল'বলৈ মুখ‍্যমন্ত্ৰীয়ে ভ্ৰমণ কৰিছে বহুকেইখন জিলা ।
লগতে পঢ়ক : মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ 1 লাখ টকাৰ অনুদান জুবিন গাৰ্গৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.