ETV Bharat / state

Scam in PMAY in Assam:মাণিকপুৰত ধন নিদিলে হিতাধিকাৰীয়ে নাপায় PMAY গৃহ

author img

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 3:05 PM IST

সভানেত্ৰীৰ স্বামীক টকা নিদিলে আপুনি নাপায় প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহ । এই ঘটনা সংঘটিত হৈছে ডাঙাইগাঁও গাঁও পঞ্চায়তত ।

Irregularities in Pradhan Mantri Awas Yojana
প্ৰধানমন্ত্ৰী আবাস যোজনা

প্ৰধানমন্ত্ৰী আবাস যোজনা

মাণিকপুৰ, ৯ ছেপ্টেম্বৰ: বঙাইগাঁও জিলাৰ মাণিকপুৰ উন্নয়ন খণ্ডৰ অৰ্ন্তগত ডাঙাইগাঁও পঞ্চায়তৰ বাসিন্দাক যদি প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অধীনত গৃহ লাগে তেতিয়াহলে টকা লৈ যাব লাগে সভানেত্ৰীৰ ঘৰলৈ । ধন দিলে আপুনি ঘৰ পাবই । পঞ্চায়তৰ সচিব তথা জিলা পৰিষদক অন্ধকাৰত ৰাখি সভানেত্ৰীৰ স্বামীয়ে চলাই আছে এক জংঘল ৰাজ। যাৰ ফলত ডাঙাইগাও গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ পৰা বঞ্চিত প্ৰকৃত হিতাধিকাৰী ।

উত্থাপিত অভিযোগ অনুসৰি পঞ্চায়ত সভাপতিক সচিবৰ জৰিয়তে টকা নিদিলে লাভ নকৰে গৃহ । উত্থাপিত অভিযোগ মতে, বঙাইগাঁও জিলাৰ মাণিকপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ডাঙাইগাও গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবন্টনত ব্যপক অনিয়ম সংঘটিত হৈছে । হিতাধিকাৰীৰ গৃহৰ জিঅ' টেকৰ লগতে যাবতীয় কৰিবলগীয়া কাম সম্পূৰ্ণ হোৱাৰ পিছতো হিতাধিকাৰীৰ একাউন্টত টকা সুমুৱাই দিয়াৰ ব্যৱস্থা কৰা নাই । ফলত লাভ কৰা নাই গৃহ ।

জানিব পৰা মতে ডাঙাইগাঁও পঞ্চায়তৰ ৫ নং ৱাৰ্ডৰ ফজিলা খাতুন নামৰ মহিলাগৰাকী যোজনাৰ গৃহৰ পৰা বঞ্চিত হৈ আহিছে । সভানেত্ৰীৰ স্বামীয়ে ২০ হাজাৰ টকা খুজিছিল । কিন্তু হিতাধিকাৰীয়ে টকা দিয়াত অমান্তি হোৱা বাবে প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈ আছে । এই সংক্ৰান্তত মহিলা গৰাকীয়ে মাণিকপুৰ খণ্ড উন্নয়ন বিষয়া, বঙাইগাঁও জিলা পৰিষদৰ কাৰ্যালয়, আয়ুক্তক অভিযোগ দাখিল কৰিও সুফল লাভ কৰা নাই ।

আনহাতে, উক্ত পঞ্চায়তৰে ৬ নম্বৰ ৱাৰ্ডত প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি পকী গৃহ থকা লোকক গৃহ আবন্টন দিয়াৰ অভিযোগ উত্থাপিত হৈছে ।পঞ্চায়ত সভানেত্ৰী লালভানুৰ স্বামী কাজিৰুদ্দিন আৰু পঞ্চায়ত সচিবজনে প্ৰকৃত হিতাধিকাৰীৰ পৰা টকা বিচৰাত ধন দিব নোৱাৰা বাবে গৃহৰ পৰা বঞ্চিত হোৱা বুলি অভিযোগ উত্থাপিত হৈছে । একাংশ বিজেপিৰ সক্ৰিয় কৰ্মী লগতে প্ৰকৃত হিতাধিকাৰীক গৃহৰ পৰা বঞ্চিত হৈ আছে । হিতাধিকাৰী সকলে এইক্ষেত্ৰত ব্য়ৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ।

লগতে পঢ়ক:Bihu Distortion in G20 Summit : বিশ্ব সমুদায়ৰ সন্মুখত বিহু নৃত্যৰ বিকৃতকৰণ, মৌন মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.