ETV Bharat / state

Scam in PMAY at Bongaigaon : বঙাইগাঁও জিলাৰ গোলাপাৰা-বাংলাপাৰা গাওঁ পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত দুৰ্নীতিৰ অভিযোগ

author img

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 8:20 PM IST

গোলাপাৰা-বাংলাপাৰা গাওঁ পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱণ্টনৰ নামত চৰম দুৰ্নীতিৰ অভিযোগ ৷ একাধিক ব্যক্তিৰ নামত দুটা দুটা গৃহ আৱন্টন দি লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ ৰাইজৰ ৷

Allegation of Corruption in PMAY House Allocation
প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱণ্টনৰ নামত চৰম দুৰ্নীতিৰ অভিযোগ

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত দুৰ্নীতিৰ অভিযোগ

বঙাইগাঁও, 7 ছেপ্টেম্বৰ : বঙাইগাঁও জিলাৰ গোলাপাৰা-বাংলাপাৰা গাওঁ পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱণ্টনৰ নামত চৰম দুৰ্নীতিৰ অভিযোগ ৷ মৃত ব্যক্তিৰ নামত, একাধিক ব্যক্তিৰ নামত দুটা দুটা গৃহ আৱন্টন দি লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ ৰাইজৰ ৷

বঙাইগাওঁ জিলাৰ সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ অন্তৰ্গত গোলাপাৰা প্ৰথম খণ্ডত বৃহস্পতিবাৰে ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ ৷ সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তগৰ্ত গোলাপাৰা-বাংলাপাৰা গাওঁ পঞ্চায়ত দুৰ্নীতিৰ ভূ-স্বৰ্গত পৰিণত হোৱাৰ অভিযোগ ৰাইজৰ ৷ 2022-23 বৰ্ষত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱণ্টনৰ নামত সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তগৰ্ত গোলাপাৰা দ্বিতীয় খণ্ড গাঁৱৰ সাধন চন্দ্ৰ দাসৰ পৰিয়ালে 9 টাকৈ গৃহ লাভ কৰাৰ ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ অঞ্চলটোত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ দুবাৰ কৈ লাভ কৰিছে কেইবাজনো ব্যক্তিয়ে ৷

লগতে পঢ়ক : Akhil Gogoi: 23 বছৰ চৰকাৰত থাকি কেৱল নিজৰ সম্পত্তি গঢ়িলে হিমন্ত বিশ্ব শৰ্মাই; অখিল গগৈ

পকী গৃহ থকা ব্যক্তিয়েও এই আঁচনিৰ অধীনত গৃহ লাভ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ দ্বিতীয় খণ্ড গাৱঁৰ মৃত এজন ব্যক্তিৰ পুত্ৰ যিজনে 30 বছৰ পূৰ্বেই অসম এৰি পশ্চিম বংগলৈ গুচি গৈছে তেওঁৰ নামতো গৃহ আৱন্টন হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ ফলত প্ৰকৃত হিতাধিকাৰীসকল এই আঁচনিৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷

গোলাপাৰা-বাংলাপাৰা গাওঁ পঞ্চায়তৰ একাংশ প্ৰকৃত হিতাধিকাৰীয়ে বহু আবেদন-নিবেদন কৰাৰ পিছতো আৱাস যোজনাৰ পৰা গৃহ লাভ কৰাৰ পৰা বঞ্চিত হৈছে ৷ ইফালে প্ৰায় তিনি বছৰ পূৰ্বে মৃত্যু বৰণ কৰা এজন ব্যক্তিৰ নামত এই আঁচনিৰ অধীনত গৃহ আৱন্টন হোৱা দেখুৱাই ধন আত্মসাৎ কৰা অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ৰাইজে ৷

লগতে পঢ়ক : Jatiya Yuva Shakti:নিযুক্তি কেলেংকাৰীৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ এজেপিৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.