ETV Bharat / state

Anger with Abdul Batin Khandakar: বিধায়কৰ কামত অসন্তুষ্ট হৈ জ্যেষ্ঠ কংগ্ৰেছী নেতাৰ পদত্যাগ

author img

By

Published : Jul 29, 2022, 2:05 PM IST

বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল বাতিন খন্দকাৰৰ কামকাজ তথা ব্যৱহাৰত অতিষ্ঠ হৈ একাংশ জ্যেষ্ঠ কংগ্ৰেছী নেতাই পদত্যাগ কৰে (Many congress leaders resign from Congress at Manikpur) ।

Allegation against Abdul Batin Khandakar
বিধায়কৰ কামত অসন্তুষ্ট হৈ জ্যেষ্ঠ কংগ্ৰেছী নেতাৰ পদত্যাগ

বঙাইগাঁও, 29 জুলাই: বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল বাতিন খন্দকাৰৰ কামকাজ তথা ব্যৱহাৰত অতিষ্ঠ হৈ একাংশ জ্যেষ্ঠ কংগ্ৰেছী নেতাই পদত্যাগ কৰে (Many congress leaders resign from Congress at Manikpur) । পদত্যাগ কৰিয়েই এখন সংবাদমেল আয়োজন কৰি বিধায়কগৰাকীৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰে এই নেতাকেইগৰাকীয়ে (Allegation against Abdul Batin Khandakar) ।

সংবাদমেলত বিধায়ক আব্দুল বাতিন খন্দকাৰক পৰিভ্ৰমী চৰাই আখ্যা দি মেনেজ কৰাত পাকৈত বুলি অভিযোগ উত্থাপন কৰে দলত্যাগী নেতাসকলে ৷ লগতে অঞ্চলটোৰে পাৰ হৈ যোৱা আই নদীখনৰ গৰাখহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত কোনো ব্যৱস্থা আগতীয়াকৈ নোলোৱাৰ বাবেই খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰা বুলি মন্তব্য কৰে দলত্যাগী নেতাসকলে । আনহাতে বিধায়ক পুঁজিৰ ধনৰ অপব্যৱহাৰ কৰা বুলিও এক গুৰুতৰ অভিযোগ উত্থাপন কৰে দলত্যাগী নেতাসকলে ৷

বিধায়কৰ কামত অসন্তুষ্ট হৈ জ্যেষ্ঠ কংগ্ৰেছী নেতাৰ পদত্যাগ

সমষ্টিত দলটোৰ কোনো জ্যেষ্ঠ কংগ্ৰেছ কৰ্মীৰ লগত আলোচনা নকৰি নিজৰ পছন্দৰ ব্যক্তিৰে সৃজনগ্ৰাম আৰু মানিকপুৰ ব্লক কংগ্ৰেছ কমিটি গঠন কৰাৰ সন্দৰ্ভতো ক্ষোভ উজাৰে দলত্যাগী নেতাসকলে ৷ তিনিবাৰ কৈ মানিকপুৰ ব্লক কংগ্ৰেছৰ সভাপতি নাছিৰ উদ্দিন, মানিকপুৰ ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক নজৰুল ইছলামসহ বহুসংখ্যক কংগ্ৰেছীয়ে দল ত্যাগ কৰাৰ কথা সংবাদমেলখনত উল্লেখ কৰি আগন্তুক সময়ত তেওঁলোকে অগপত যোগদান কৰিব বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: Rashtrapatni Remark Row: কংগ্ৰেছী সাংসদ অধীৰ চৌধুৰীৰ বিৰুদ্ধে বিজেপিৰ এজাহাৰ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.