ETV Bharat / bharat

Rashtrapatni Remark Row: কংগ্ৰেছী সাংসদ অধীৰ চৌধুৰীৰ বিৰুদ্ধে বিজেপিৰ এজাহাৰ

author img

By

Published : Jul 29, 2022, 10:52 AM IST

দেশৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক "ৰাষ্ট্ৰপত্নী" শব্দৰে সম্বোধন কৰা কংগ্ৰেছী সাংসদ অধীৰ ৰঞ্জন চৌধুৰীৰ বিৰুদ্ধে দেশজুৰি তুমুল বিতৰ্কৰ সৃষ্টি হৈছে ৷ কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীৰ বিৰুদ্ধে এক অভিযোগ দাখিল কৰিছে মধ্য প্ৰদেশ বিজেপিৰ সদস্যসকলে (FIR filed against Congress MP Adhir Chowdhury) ৷

(Assam Chief Minister Himanta Biswa Sarma
কংগ্ৰেছী সাংসদ অধীৰ চৌধুৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল বিজেপিৰ

নেশ্যনেল ডেস্ক, 29 জুলাই: দেশৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ বিৰুদ্ধে মন্তব্য প্ৰকাশ কৰি শলঠেকত কংগ্ৰেছী সাংসদ অধীৰ ৰঞ্জন চৌধুৰী (Congress leader Adhir Ranjan Chowdhury) ৷ কংগ্ৰেছী সাংসদগৰাকীয়ে ৰাষ্ট্ৰপতিগৰাকীক "ৰাষ্ট্ৰপত্নী" শব্দৰে সম্বোধন কৰাৰ ফলত লোকসভা আৰু ৰাজ্যসভাৰ লগতে দেশজুৰি তুমুল বিতৰ্কৰ সৃষ্টি হৈছিল (Insulting remarks towards President Droupadi Murmu)৷

যোৱা 28 জুলাইত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ বাবে কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীৰ বিৰুদ্ধে বিজেপি কৰ্মীসকলে এক অভিযোগ দাখিল কৰিছে মধ্য প্ৰদেশ বিজেপিৰ সদস্যসকলে (FIR filed against Congress MP Adhir Chowdhury) ৷ কংগ্ৰেছী সাংসদগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইন ১৫৩বি, ৫০৫(এ)ৰ অধীনত এজাহাৰ দাখিল কৰে (Rashtrapatni remarks row) ৷

ইফালে, কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে কৰা মন্তব্যৰ বিৰুদ্ধে সমালোচনা কৰি 28 জুলাইত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেতাগৰাকীয়ে ব্যৱহাৰ কৰা শব্দটোক "অশ্লীল" বুলি অভিহিত কৰে (Assam Chief Minister Himanta Biswa Sarma)৷ ইয়াৰোপৰি প্ৰতিজন ভাৰতীয়ই কংগ্ৰেছ, ইয়াৰ নেতা আৰু ছোনিয়া গান্ধীক বৰ্জন কৰা উচিত বুলি মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷

এই ঘটনাৰ বিৰোধিতা কৰি গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে কয়, "কংগ্ৰেছী সাংসদগৰাকীয়ে ভুল শব্দ ব্যৱহাৰ কৰিছে ৷ এগৰাকী জনজাতীয় মহিলা প্ৰথমবাৰৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতি হৈছে ৷ আমি কংগ্ৰেছ দল আৰু সাংসদ অধীৰ ৰঞ্জন চৌধুৰীক গৰিহণা দিছো ৷ তেওঁ সমগ্ৰ দেশৰ ওচৰত ক্ষমা বিচাৰিব লাগে ৷"

আনহাতে শেহতীয়াকৈ কংগ্ৰেছী সাংসদ অধীৰ ৰঞ্জন চৌধুৰীয়ে নিজ মন্তব্যৰ বাবে ক্ষমা বিচাৰি কয় যে “মোৰ জিভা পিছল খাই গৈছিল ৷ মই মাত্ৰ এবাৰহে অজানিতে ‘ৰাষ্ট্ৰপত্নী' শব্দটো ব্যৱহাৰ কৰিছিলো ৷ মই ৰাষ্ট্ৰপতিক অসন্মান কৰিব বিচৰা নাছিলো ৷ মই এবাৰ নহয় 1000 বাৰ ক্ষমা বিচাৰিছো ৷ মোৰ মাতৃভাষা বেংগলীহে, হিন্দী মোৰ মাতৃভাষা নহয় ৷ মোৰ হিন্দী ব্যৱহাৰ কৰাৰ অভ্যাস নাই ৷ ইয়াৰ বাবে মই নিজেই ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি বুজাই দিম ৷"

লগতে পঢ়ক: WB SSC Scam: মন্ত্ৰী পদৰ পৰা অপসাৰিত পাৰ্থ চেটাৰ্জী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.