ETV Bharat / state

এন আৰ চিৰ পুনৰীক্ষণৰ বিষয়টোক লৈ প্ৰতিক্ৰিয়া আমছুৰ

author img

By

Published : May 21, 2021, 7:54 PM IST

গ্ৰেটাৰ বঙাইগাঁও প্ৰেছ ক্লাৱত সংবাদমেলৰ আয়োজন সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ণ চমুকৈ আমছুৰ ৷ পুনৰ এন আৰ চিৰ পুনৰীক্ষণৰ আবেদনক লৈ প্ৰতিক্ৰিয়া আমছুৰ সভাৰতি ৰেজাউল কৰিম চৰকাৰৰ ৷

এন আৰ চিৰ পুনৰীক্ষণৰ বিষয়টোক লৈ প্ৰতিক্ৰিয়া আমছুৰ
এন আৰ চিৰ পুনৰীক্ষণৰ বিষয়টোক লৈ প্ৰতিক্ৰিয়া আমছুৰ

বঙাইগাঁও, 21 মে' : গ্ৰেটাৰ বঙাইগাঁও প্ৰেছ ক্লাৱত সংবাদমেলৰ আয়োজন কৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ণ চমুকৈ আমছুই ৷ এন আৰ চিৰ পুণৰীক্ষণ বিষয়টোক লৈ বঙাইগাঁৱত সংবাদমেল আয়োজন কৰে আমছুই ৷ কোনো পধ্যেই আমছুৱে মানি নলয় এন আৰ ছিৰ পুণৰীক্ষণ প্ৰক্ৰিয়া ৷

চূড়ান্ত এন আৰ চি প্ৰকাশৰ পাছত পুনৰবাৰ এন আৰ চিৰ পুনৰীক্ষণ হ’ব লাগে বুলি উচ্চতম ন্যায়ালয়ত কৰা আবেদন খাৰিজ হোৱাৰ পাছত পুনৰ আবেদন কি কাৰণত কৰা হৈছে বুলি প্ৰশ্ন উত্থাপন কৰে আমছুৰ বিযয়ববীয়াই ৷

এন আৰ চিৰ পুনৰীক্ষণৰ বিষয়টোক লৈ প্ৰতিক্ৰিয়া আমছুৰ

এন আৰ চি পুনৰীক্ষণ সম্পৰ্কে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আৰু মহামান্য উচ্চতম ন্যায়ালয়ত ৰাজ্যিক সমন্বয়কে পুনৰীক্ষণৰ বাবে দাখিল কৰা আবেদনৰ ওপৰত আমছুই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ সংবাদমেলত ভাৰতীয় গৃহ মন্ত্ৰালয় আৰু বৈদেশিক মন্ত্ৰালয়ে তালিকাখনক চূড়ান্ত ঘোষণা কৰিছে বুলি মন্তব্য কৰে আমছুৰ সভাপতি গৰাকীয়ে ৷

উল্লেখ্য যে উক্ত সংবাদমেলত অসম চৰকাৰ আৰু নাগৰিকপঞ্জীৰ সমন্বয়কে কোনো এটা চক্ৰৰ সৈতে জড়িত হৈ নাগৰিকপঞ্জীখন যাতে সম্পূৰ্ণ হৈ নুঠে আৰু অসমত সদায় এক ৰাজনৈতিক ইচ্যু কৰি ৰখাৰ দৰে গুৰুতৰ অভিযোগ কৰে আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে ৷

কাৰাবন্দী কৃষক নেতা তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈক শপত গ্ৰহণলৈ যাওতে কৰা অপমানৰ ওপৰতো প্ৰতিক্ৰিয়া আমছুৰ । নতুনকৈ গঠন হোৱা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ প্ৰথম বিধানসভা অধিবেশনৰ কাৰ্য্যকালৰ শপত গ্ৰহণ অনুষ্ঠানত শিৱসাগৰৰ বিধায়ক অখিল গগৈক কৰা চূড়ান্ত অপমানক তীব্ৰ গৰিহণা সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম সৰকাৰৰ ৷

লগতে পঢ়ক : আশ্ৰয় শিবিৰৰ পৰা ঘৰমুখী ফিলিস্তানী পৰিয়াল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.