ETV Bharat / state

বনৰীয়া হাতীৰ আক্ৰমণৰ বলি হ'ল বিহালীৰ চাৰিটা পৰিয়াল

author img

By

Published : May 20, 2021, 10:51 PM IST

বনৰীয়া হাতীৰ আক্ৰমণৰ বলি হ'ল বিহালীৰ চাৰিটা পৰিয়াল
বনৰীয়া হাতীৰ আক্ৰমণৰ বলি হ'ল বিহালীৰ চাৰিটা পৰিয়াল

বিশ্বনাথ জিলাৰ বিহালীৰ হেলেমৰ দুলুং মুখত অব্যাহত আছে বনৰীয়া হাতীৰ সন্ত্ৰাস । এটা প্ৰকাণ্ড বনৰীয়া হাতীয়ে বনাঞ্চলৰ পৰা খাদ্য সন্ধানত জনাঞ্চললৈ উলাই আহি ভাঙি পেলালে চাৰিটাকৈ পৰিয়ালৰ বাসগৃহ ।

বিহালী, 20 মে': বিহালীৰ হেলেমৰ দুলুং মুখত অব্যাহত আছে বনৰীয়া হাতীৰ সন্ত্ৰাস । এটা প্ৰকাণ্ড বনৰীয়া হাতীয়ে বনাঞ্চলৰ পৰা খাদ্য সন্ধানত জনাঞ্চললৈ উলাই আহি ভাঙি পেলালে চাৰিটাকৈ পৰিয়ালৰ বাসগৃহ ।

অৱশেষত স্থানীয় লোকে হাতীটোক খেদি পঠিয়াবলৈ সক্ষম হয় । অঞ্চলটোৰ ৰাইজৰ অভিযোগ অনুসৰি বিভাগী কৰ্তৃপক্ষক বনৰীয়া হাতীৰ তাণ্ডৱৰ বিষয়ত অৱগত কৰিছে যদিও এই পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বিভাগে । চেঙেলীজান খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ পৰা নাতি দূৰৈত আৰু ওচৰতে বেটেলিয়ান কেম্প থকাৰ পাচতো হেলেমৰ দুলুং মুখৰ সমগ্ৰ অঞ্চলটোৰ প্ৰায়ে বনৰীয়া হাতীৰ আক্ৰমণৰ বলি হৈ আহিছে ৷

বনৰীয়া হাতীৰ আক্ৰমণৰ বলি হ'ল বিহালীৰ চাৰিটা পৰিয়াল

উল্লেখ্য যে, বনৰীয়া হাতীৰ আক্ৰমণৰ সময়ত বন বিভাগক বাৰম্বাৰ খবৰ দিয়াৰ পাছতো বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হোৱা নাছিল বুলি অভিযোগ তুলিছে স্থানীয় লোকে ৷ ৰাইজে সেয়েহে নৱ নিৰ্বাচিত বনমন্ত্ৰী গৰাকীক বিহিত ব্যৱস্থা ও ক্ষতিপূৰণৰ দাবী তুলিছে ।

লগতে পঢ়ক: আইপিএছ বিষয়া হৈও কি আক্ষেপ থাকি গ'ল আনন্দ মিশ্ৰাৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.