ETV Bharat / state

কিশোৰী ধৰ্ষণৰ অভিযোগত বিহালী আৰক্ষীয়ে আটক কৰিলে দুজনক

author img

By

Published : May 7, 2022, 10:05 PM IST

একাশী দিনৰ অন্তত কিশোৰী ধৰ্ষণৰ অভিযোগত বিহালী আৰক্ষীয়ে আটক কৰিলে দুজনক (Two men arrested for raping minor girl in Bihali) ৷ বিহালীৰ বিহমাৰীত সংঘটিত হোৱা ধৰ্ষণকাণ্ডৰ (Rape case at Behali) গোচৰৰ ভিত্তিত বিহালী আৰক্ষীয়ে অভিযান চলাই লিংটন দিহিঙীয়া আৰু ৰূদ্ৰ দাসক অৰুণাচল প্ৰদেশৰ বান্দৰদোৱাৰ পৰা আটক কৰিবলৈ সক্ষম হয় ।

rapist-arrested-by-behali-police
কিশোৰী ধৰ্ষণৰ অভিযোগত বিহালী আৰক্ষীয়ে আটক কৰিলে দুজনক

বিহালী, 7 মে’: একাশী দিনৰ পূৰ্বে সংঘটিত এক ধৰ্ষণকাণ্ডৰ অভিযোগত বিহালী আৰক্ষীয়ে আটক কৰিলে দুজনক (Two men arrested for raping minor girl in Bihali ) ৷ অভিযোগ অনুসৰি, বিগত 13 ফেব্ৰুৱাৰী তাৰিখে বিহালীৰ বিহমাৰীত সংঘটিত হৈছিল এই ধৰ্ষণকাণ্ড (Rape case at Behali) ৷ এগৰাকী মাতৃহীনা 17 বছৰীয়া কিশোৰীক লখিমপুৰৰ দুজন যুৱকে ঘৰৰ পৰা ৰাতি উঠাই নি ধৰ্ষণ কৰিছিল ৷

লগতে শাৰীৰিকভাৱে অত্যাচাৰ কৰি ঘৰৰ পিছফালে মুমূৰ্ষু অৱস্থাত পেলাই থৈ গৈছিল কিশোৰীগৰাকীক । তাৰ পিছত কিশোৰীগৰাকীৰ পিতৃৰ লগতে পৰিয়ালৰ লোকে কিশোৰীগৰাকীক পথাৰৰ পৰা উঠাই আনে ৷ লগতে বিহালী আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে ৷

কিশোৰী ধৰ্ষণৰ অভিযোগত বিহালী আৰক্ষীয়ে আটক কৰিলে দুজনক

অতি সংকটজনক অৱস্থাত উদ্ধাৰ হোৱা কিশোৰীগৰাকীক পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে বিহালীৰ পৰা স্থানান্তৰ কৰি তেজপুৰ চিকিৎসা মহাবিদ্যালত ভৰ্তি কৰোৱা হৈছিল ৷ উল্লেখ্য যে, দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা গোলাপ দাসৰ পৰিয়ালটোৱে বিভিন্ন দল সংগঠনৰ সহযোগত বিশ্বনাথ জিলা আৰক্ষী অধীক্ষকক লিখিত অভিযোগ দাখিল কৰিছিল ৷

এই অভিযোগৰ ভিত্তিতে বিহালী আৰক্ষীয়ে 6 মে’ত এই ধৰ্ষণকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত লখিমপুৰৰ লিংটন দিহিঙীয়া আৰু বিহমাৰীৰ বনগাঁৱৰ বাসিন্দা ৰূদ্ৰ দাসক 81 দিনৰ পাছত অৰুণাচল প্ৰদেশৰ বান্দৰদোৱাৰ পৰা আটক কৰিবলৈ সক্ষম হয় ।

ইতিমধ্যে বিহালী আৰক্ষীয়ে সোধপোচ কৰাৰ পাছত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা 366/376/307/506 /34 IPC ৰ বিপৰীতে গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে দুই অভিযুক্তক ।

আনফালে, নিৰ্যাতিত যুৱতীগৰাকীৰ পিতৃৰ লগতে বিভিন্ন দল সংগঠনে জিলাখনৰ আৰক্ষী অধীক্ষকগৰাকীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ দাবী কৰিছে ৷

লগতে পঢ়ক : গুৱাহাটীত ডব্লিউ ডব্লিউ ই খ্যাত দ্যা গ্রেট খালী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.