ETV Bharat / state

ভোলাগুৰি চাহ বাগিচাৰ পটভূমিত বাণীবদ্ধ কৰা গীতৰ শুভমুক্তি

author img

By

Published : Jan 17, 2021, 11:47 AM IST

বিশ্বনাথৰ এগৰাকী সাংবাদিকে প্ৰথম অসমীয়া কথাছবি 'জয়মতী'ৰ নিৰ্মাণস্থলী গহপুৰৰ ভোলাগুৰি চাহ বাগিচাক পটভূমি হিচাপে লৈ বাণীবদ্ধ কৰিছে এটি গীত ৷ এই গীতটোৰ শুভমুক্তি দিয়া হ'ব দেওবাৰে ৷

ভোলাগুৰি চাহ বাগিচাৰ পটভূমিত বাণীবদ্ধ কৰা গীতৰ শুভমুক্তি
ভোলাগুৰি চাহ বাগিচাৰ পটভূমিত বাণীবদ্ধ কৰা গীতৰ শুভমুক্তি

বিশ্বনাথ,17 জানুৱাৰী: বিশ্বনাথৰ এগৰাকী সাংবাদিকৰ বিশেষ পদক্ষেপ ৷ অসমীয়া বোলছবি জগতৰ বাটকটীয়া ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু দিন উপলক্ষে ৰাজ্যজুৰি পালন কৰা হয় শিল্পী দিৱস ৷ এই শিল্পী দিৱস উপলক্ষে ৰমেন বৰাৰ নামৰ সাংবাদিক গৰাকীয়ে বাণীবদ্ধ কৰিছে এটি গীত ৷ জ্যোতি প্ৰসাদ আগৰৱালা আৰু প্ৰথম অসমীয়া কথাছবি 'জয়মতী'ৰ নিৰ্মাণস্থলী গহপুৰৰ ভোলাগুৰি চাহ বাগিচাক পটভূমি হিচাপে লৈ লিখা গীতটোৰ শুভমুক্তি দিয়া হ'ব দেওবাৰে ৷

ভোলাগুৰি চাহ বাগিচাৰ পটভূমিত বাণীবদ্ধ কৰা গীতৰ শুভমুক্তি

ৰমেন বৰাই লিখা তথা পবিত্ৰ কাকতিয়ে সূৰ আৰু মানস প্ৰতীম বৰাই সংগীত ব্যৱস্থাপনা কৰা গীতটোত সুন্দৰকৈ কণ্ঠদান কৰিছে চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী তথা উদীয়মান কণ্ঠশিল্পী মৌপিয়া দাসে। ইতিমধ্যে বাণীবদ্ধ হোৱা গীতটো জ্যোতি প্ৰসাদ আগৰৱালাই ১৯৩৪ চনতে চিত্ৰবন ষ্টুডিঅ’ সঁজা স্থান গহপুৰৰ ভোলাগুৰি চাহ বাগিচাৰ কলঘৰৰ সমীপত অনুষ্ঠিত এখন সভাত আনুষ্ঠানিক ভাৱে শুভমুক্তি দিয়া হ'ব বুলি জনাইছে সাংবাদিক ৰমেন বৰাই।

ভোলাগুৰি চাহ বাগিচাৰ পটভূমিত বাণীবদ্ধ কৰা গীতৰ শুভমুক্তি
ভোলাগুৰি চাহ বাগিচাৰ পটভূমিত বাণীবদ্ধ কৰা গীতৰ শুভমুক্তি

উল্লেখ্য যে সাংবাদিক ৰমেন বৰাই ইয়াৰ পূৰ্বেও শ্বহীদ কনকলতা বৰুৱাৰ ত্যাগৰ পটভূমিত লিখা মই কনকলতা, দেশৰ বীৰাঙ্গনা শীৰ্ষক গীত এটা শ্বহীদ গৰাকীৰ জন্মদিনৰ দিনটোত শুভমুক্তি দিছিল ।

লগতে পঢ়ক: ভিআইপিত ছাত্ৰ সমাজৰ উত্তৰণৰ হকে উদ্যান শস্যৰ উপবন মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.