ETV Bharat / state

চিপ লৈ থকা অৱস্থাত উদ্ধাৰ ৰুকছানাৰ মৃতদেহ

author img

By

Published : Jul 14, 2021, 10:47 PM IST

Ruksana Begum's body recovered
চিপ লৈ থকাৰ অৱস্থাত উদ্ধাৰ ৰুকছানা বেগমৰ মৃতদেহ

বিশ্বনাথৰ কুমলীয়া জালোৱাঘাটত উদ্ধাৰ হয় ৰুকাছানাৰ মৃতদেহ ৷ চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো ৷ এইয়া পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ তুলিছে পৰিয়ালৰ লোকে ৷ ইতিমধ্যে এই ঘটনাৰ সন্দৰ্ভত 5 গৰাকী লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল ৷

বিশ্বনাথ, ১৪ জুলাই : বিশ্বনাথৰ কুমলীয়া জালোৱাঘাটত বুধবাৰে চিপ লৈ থকা অৱস্থাত এগৰাকী মহিলা মৃহদেহ উদ্ধাৰ হয় ৷ ইয়াৰ পাচতে এক চাঞ্চল্যকৰ পৰিবেশে বিৰাজ কৰে সমগ্ৰ অঞ্চলটোত ৷ মহিলা গৰাকীৰ নাম ৰুকছানা বেগম বুলি জানিবলৈ দিয়ে স্থানীয় লোকে ৷

স্থানীয় লোকে সদৰি কৰা মতে, ৰুকছানা বেগমে ১৫ বছৰ পূৰ্বে জালোৱাঘাটৰ আমিল হকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল ৷ তিনিটা সন্তানৰ মাতৃ আছিল ৰুকছানা ৷ কিন্তু আমিলে চাৰি-পাঁচ মাহৰ পূৰ্বে পুনৰ চুমি বেগম নামৰ আন এগৰাকী মহিলাক বিয়া কৰায় ৷

চিপ লৈ থকাৰ অৱস্থাত উদ্ধাৰ ৰুকছানা বেগমৰ মৃতদেহ

মৃত ৰুকছানাৰ আত্মীয় আৰু স্থানীয় লোকৰ অভিযোগ অনুসৰি স্বামী আমিল হকে দ্বিতীয় বিবাহ কৰাৰ পিছতে ঘৰখনত আৰম্ভ হৈ পৰিবাৰিক অশান্তি । যাৰ বাবে মৃত ৰুকছানাই কিছু দিন পূৰ্বে স্বামী আমিল হক আৰু আমিলৰ দ্বিতীয় পত্নী ছুমীৰ বিৰুদ্ধে বিশ্বনাথ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল ৷ কিন্তু পাচত সেই এজাহাৰ ভিত্তি ৰুজু হোৱা গোচৰৰ মীমাংসা কৰা হৈছিল ৷

বুধবাৰে পুৱা হঠাৎ আমিল হকৰ ঘৰৰ সন্মুখৰ এজোপা গছত চিপ লৈ থকা অৱস্থাত ৰহস্যজনকভাৱে উদ্ধাৰ হয় ৰুকছানাৰ মৃতদেহ । মৃত ৰুকছানাৰ আত্মীয়ৰ অভিযোগ অনুসৰি এইয়া কোনো আত্মহাত্যাৰ ঘটনা নহয় । এইটো সম্পূৰ্ণ পৰিকল্পিত হত্যাকাণ্ড বুলি ৰুকছানাৰ আত্ময়ই অভিযোগ উত্থাপন কৰিছে ৷

এই ঘটনা সন্দৰ্ভত ইতিমধ্যে ৰুকছানা বেগৰ পৰিয়ালে বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷ আমিল হক আৰু আমিল হকৰ দ্বিতীয় পত্নী ছুমী বেগমৰ লগতে মুঠ ৫ গৰাকীৰ বিৰুদ্ধে দাখিল কৰা হৈছে এই এজাহাৰ ৷

বিশ্বনাথ চাৰিআলি আৰক্ষীয়ে মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে স্বামী আমিল হকক তদন্তৰ বাবে আটক কৰিছে । আৰক্ষীৰ তদন্ততহে ওলাব এইয়া সঁচাকৈয়ে আত্মহত্যা নে পৰিকল্পিত হত্যাকাণ্ড ।

লগতে পঢ়ক: অৱনমিত বিধানসভাৰ মৰ্যাদা : অধ্যক্ষ-বিধায়কৰ ভূমিকাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.