ETV Bharat / state

পথ সুৰক্ষা দুৰ্ঘটনা হ্ৰাস কৰা উদ্দেশ্যে বিশ্বনাথত আয়োজন বাইক ৰেলীৰে পথ সুৰক্ষা সজাগতা সভা

author img

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 6:48 AM IST

Road Safety Awareness
বিশ্বনাথত বাইক ৰেলীৰে পথ সুৰক্ষা সজাগতা মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

ৰাজ্যত পথ সুৰক্ষা দুৰ্ঘটনা হ্ৰাস কৰা উদ্দেশ্যে অসম চৰকাৰৰ পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই মটৰ চাইকেল ৰেলীৰে সজাগতা সৃষ্টি কৰি আহিছে ৷ বৃহস্পতিবাৰে বিশ্বনাথৰ বৰগাঙত উপস্থিত হয় মন্ত্ৰীগৰাকী ৷

বিশ্বনাথত বাইক ৰেলীৰে পথ সুৰক্ষা সজাগতা মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

বিশ্বনাথ, 1 ডিচেম্বৰ : ৰাজ্যত সঘনাই সৃষ্টি হোৱা দুৰ্ঘটনাৰ প্ৰতি বিভিন্ন সময়ত পৰিবহণ বিভাগে বিভিন্ন ধৰণে সজাগতা সৃষ্টি কৰি আহিছে ৷ এইবাৰ এই পথ সুৰক্ষা দুৰ্ঘটনা হ্ৰাস কৰা উদ্দেশ্যে অসম চৰকাৰৰ পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই জনসাধাৰণক সজাগ কৰিবলৈ নিজেই ৰাজপথলৈ ওলাই আহিছে ৷

মটৰ চাইকেল ৰেলীৰে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে যোৱা কেইবাদিন ধৰি মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ বিভিন্ন জিলাৰ বিভিন্ন অঞ্চলত ঘূৰি ৰাইজৰ সৈতে মত বিনিময় কৰা পৰিলক্ষিত হৈছে ৷ বিশেষকৈ ৰাজ্যত সঘনাই সংঘটিত হোৱা পথ দুৰ্ঘটনা সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে বৃহস্পতিবাৰে বিশ্বনাথৰ বৰগাঙত উপস্থিত হৈ মত প্ৰকাশ কৰে ।

আন ৰাজ্যৰ তুলনাত অসমত সুৰা সেৱন কৰি যান-বাহন চলোৱাৰ বাবেই বহু লোক মৃত্যুৰ মুখত পৰে বুলি প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীগৰাকীয়ে তেজপুৰ পৰা লখিমপুৰলৈ যোৱা পথত বিশ্বনাথৰ বৰগাং চেন্টাৰত বৃহস্পতিবাৰে সন্ধিয়া কিছু সময় জিৰণি লৈ বিহালী-বৰগাংবাসী ৰাইজৰ সৈতে মত বিনিময় কৰে ৷

মন্ত্ৰীগৰাকীয়ে ৰাইজৰ সৈতে মত-বিনিময় কৰি দুচকীয়া বাহন চলোৱাৰ সময়ত সকলোৱে যাতে হেলমেট পৰিধান কৰে, চাৰি চকীয়া বাহন চলোৱা সময়ত যাতে কোনো মদ্যপান নকৰে আৰু গাড়ী চলোৱাৰ সময়ত চীট বেল্ট লগাই গাড়ী চলাবলৈ আহ্বান জনায় ৷

ইটিভি ভাৰতৰ লগত হোৱা সাক্ষাৎকাৰত মন্ত্ৰীগৰাকীয়ে কয় যে সুৰাপান কৰি বাহন চলাচল কৰাটোৱেই ভুল ৷ এই কাম যাতে কোনো লোকে নকৰে ৷ এই ক্ষেত্ৰত পৰিয়ালৰ সদস্যসকলেও যাতে গুৰুত্ব প্ৰদান কৰে ৷

লগতে মন্ত্ৰীগৰাকীয়ে কয় যে নিৰাপদ গতিপথ প্ৰদৰ্শনমূলক আঁচনিৰ বাবে অসম চৰকাৰে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে ।

লগতে পঢ়ক : কাজিৰঙাত শেল মাৰি হত্যা গঁড়ক, গ্ৰেপ্তাৰ এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.