ETV Bharat / state

চতিয়াত গঁড়ৰ মুক্ত বিচৰণ

author img

By

Published : Jan 18, 2021, 2:26 PM IST

চতিয়াত গঁড়ৰ মুক্ত বিচৰণ ৷ পানীৰ মাজত জিৰণি লোৱা গঁড়টোক চাবলৈ লোকাৰণ্য ৷ বন বিভাগৰ এটা দলে গঁড়টোক খেদিবলৈ অহৰহ চেষ্টা অব্যাহত ৰাখিছে যদিও বৰ্তমানপৰ্যন্ত গঁড়টোক খেদিবলৈ সক্ষম হোৱা নাই বন বিভাগে ৷

rhino-at-sootea
চতিয়াত গঁড়ৰ মুক্ত বিচৰণ

বিশ্বনাথ.18জানুৱাৰী: চতিয়াত গঁড়ৰ মুক্ত বিচৰণ ৷ দেওবাৰে নিশা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহাল এটা প্ৰকাণ্ড গঁড়ে সমগ্ৰ অঞ্চলজুৰি ত্ৰাসৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে, সোমবাৰে পুৱাও চতিয়াৰ উন্নয়ন খণ্ডৰ কাৰ্যালয় সমীপৰ এটা পুখুৰীত গঁড়টোৱে জিৰণি লয় ৷ ইয়াৰ পিছতে পানীৰ মাজত জিৰণি লোৱা গঁড়টোক চাবলৈ লোকাৰণ্য হৈ পৰে অঞ্চলটো ৷

চতিয়াত গঁড়ৰ মুক্ত বিচৰণ

ইপিনে, গঁড়টোৱেও মানুহৰ হৈ-হাল্লাত অতিষ্ঠ হৈ পুখুৰীৰ পৰা ওলাই মৰনৈ নদী পাৰ হৈ খাটোৱালৰ এটা পুখুৰীত অৱস্থান লয় ৷ সম্প্ৰতি অঞ্চলটোত গঁড়টোকলৈ এক আতংকই বিৰাজ কৰিছে ৷ আনহাতে,বন বিভাগৰ এটা দলে গঁড়টোক খেদিবলৈ অহৰহ চেষ্টা অব্যাহত ৰাখিছে যদিও বৰ্তমানপৰ্যন্ত গঁড়টোক খেদিবলৈ সক্ষম হোৱা নাই বন বিভাগে ৷

লগতে পঢ়কঃ39নং ৰাষ্ট্ৰীয় ঘাইপথত গাড়ীৰ খুন্দাত নিহত এটা নাহৰফুটুকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.